শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

35 নং শাৰী:
 
==ইতিহাস==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কোনো লিখিত ইতিহাস নাই। কিন্তু, ইয়াৰ বিষয়ে শুনিবলৈ পোৱা যায়। কাহিনীটো এনেধৰণৰ:
বৰ্তমানৰ নামঘৰটো য’ত অৱস্থিত, সেই ঠাইত পূৰ্বতে এখন তপোবন আছিল। এই ঠাইখন বনৰীয়া জীৱ-জন্তুৰে ভৰা আছিল। কেইঘৰমান মানুহে সকলো সমস্যাৰ মাজেৰে এই অঞ্চলত বাস কৰিছিল।
অবৈধভাৱে [[ল’ৰা ৰজা]]ই আহোম ৰাজপাট দখল কৰে। তেওঁৰ উপদ্ৰৱত আহোম ৰাজকুমাৰ [[গদাপানি]] (আহোম নাম: গদাধৰ সিংহ) [[নগা পাহাৰ]]লৈ পলাই যাবলগীয়া হ’ল। হাবি-জংঘলত ঘূৰি ফুৰোঁতে গদাপানি সেই তপোবনত উপস্থিত হ’ল আৰু তাত বহুত দিন কটালে।
 
১৬৮১ চনত গদাপানি আহোম ৰাজপাটত উঠে। তেওঁৰ দুঃখৰ দিনৰ সময়ত তাত দিন কটোৱাৰ কথা তেওঁ পাহৰা নাছিল। তাৰ পিছতে তেওঁ সেই তপোবন খনৰ সন্ধান কৰিলে। কিন্তু বিচাৰি নাপালে। সেই অঞ্চলটোত মানুহৰ বসতি বৃদ্ধি পালে। সেয়ে [[গদাধৰ সিংহ]]ই তপোবন খনৰ স্মৃতি ৰাখিবৰ বাবে ঠিৰাং কৰে। সেই অঞ্চলত আঠটা খেল বাস কৰিছিল। প্ৰত্যেকটো খেলক কুড়ি বুলিও কোৱা হৈছিল। তাৰপৰাই ইয়াৰ নাম আঠকুড়িয়া হয়। পাছত, সেই নামটোৱেই আঠখেলীয়া লৈ পৰিৱৰ্তিন হয়।
 
আঠটা খেল বা কুড়িসমূহ হৈছে:
 
== অৱস্থান আৰু পৰিবহন==