শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

42 নং শাৰী:
 
আঠটা খেল বা কুড়িসমূহ হৈছে:
 
# ''বচাকুড়ি'' : ৰজাই বিভিন্ন কামৰ বাবে এই খেলৰ লোকসকলক নিযুক্তি কৰিছিল।
#''বৈৰাগীকুড়ি'' : এই খেলৰ লোকসকলক অন্যন্য ৰাজ্য বা বিদেশৰ ৰজালৈ বাৰ্তা পঠিয়াবলৈ ৰজাৰ দূত হিচাপে নিযুক্তি দিয়া হৈছিল।
# ''ব্ৰাহ্মণকুড়ি'' : ধৰ্মীয় কাম-কাজৰ বাবে আহোম ৰজাসকলে দেশৰ বিভিন্ন ঠাইৰ পৰা ব্ৰহ্মণ আনিছিল। কিছু সংখ্যক ব্ৰাহ্মণৰ লগতে আন আন লোকো এই খেলৰ অন্তৰ্গত আছিল।
# ''নাঙলকুড়ি'' : এই খলৰ লোকসকল খেতিৰ লগত জড়িত কাম-কাজ সমূহৰ দায়িত্বত আছিল।
# ''শলালকুড়ি'' : শলাল মানে হৈছে জ্ঞানী। তেওঁলোকে গাঁৱৰ লোকসকলক পৰিচালনা কৰিছিল। তেওঁলোকৰ পৰিয়াল আৰু বংশধৰ সমূহ লগ লাগি এই খেলৰ সৃষ্টি কৰে।
# ''কছাৰীকুড়ি'' : কছাৰী এজন মানুহৰ নাম আছিল। তেওঁৰ নামতে এই খেলৰ উৎপত্তি হয়।
# ''বৰাহীকুড়ি'' : বৰাহী জনগোষ্ঠীৰ লোকসকল এই খেলৰ অন্তৰ্গত আছিল। পৰৱৰ্তী কালত, তেওঁলোক বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে।
# ''কাকতিকুড়ি'' : কাকতি হৈছে আহোম ৰজাই দিয়া এটা উপাধি। মাটি লগত সম্পৰ্কীয় বিভিন্ন হিচাপ তেওঁলোকে চোৱা-চিতা কৰিছিল। এই কাকতিসকল লগ লাগি এই খেলৰ সৃষ্টি কৰে।
 
অন্যহাতে, অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। [[গদাপানি]]ৰো [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সেয়ে, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰতিষ্ঠাৰ কথা সঠিককৈ জনা নাযায়। ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।
 
== অৱস্থান আৰু পৰিবহন==