ৰমেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
27 নং শাৰী:
| website =
}}
'''ৰমেন বৰুৱা''' অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ১৯৪০ চনত তেখেতৰ জন্ম হয়। মাত্ৰ ঊনৈশ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ [[ব্ৰজেন বৰুৱা|ব্ৰজেন বৰুৱাৰ]] সৈতে যুটীয়া ভাবে ১৯৫৯ত মুক্তি পোৱা [[নিপ বৰুৱা]] পৰিচালিত ছবি [[আমাৰ ঘৰ|আমাৰ ঘৰত]] সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ [[ডক্তৰ বেজবৰুৱা|ডক্তৰ বেজবৰুৱাত]] তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন চুপাৰ হিট হোৱাৰ অন্যতম কাৰণ আছিল। এই ছবিখনৰ এই ছবিখনত তেখেতে কণ্ঠদানো কৰে। তেখেতে মুঠতে ২৭ খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰ দুখন বাংলা ছবি। এই ছবিদুখন আছিল অসমীয়া ছবি [[সোণমা]] আৰু [[ককাদেউতা নাতি আৰু হাতী|ককাদেউতা নাতি আৰু হাতীৰ]] [[বাংলা ভাষা|বাংলা]] ৰূপান্তৰ। ৰমেন বৰুৱাই ৫খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেখেতে প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত নিপ বৰুৱা পৰিচালিত [[স্মৃতিৰ পৰশ]]। তেখেত [[গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ|গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ]] নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ তেখেত আকাশবাণীৰ মিউজিক কম্পোজাৰ হয়। [[কেশৱ মহন্ত]], [[অজিৎ বৰুৱা]], [[নৱকান্ত বৰুৱা]], [[সতীশ দাস]], ভূপেন ডেকা আদি বহুতো নবীন-প্ৰবীন গীতিকাৰৰ গীতত তেখেতে সুৰ দিছে। তেখেতে পিছলৈ সুপ্ৰতিষ্ঠিত হোৱা [[অণিমা চৌধুৰী]], [[পাহাৰী দাস]], যুথিকা চৌধুৰী, [[নীলিমা খাটুন]], কবিতা বৰঠাকুৰ, ৰুণজুণ ফুকন আদি কণ্ঠশিল্পীক ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। তেখেতে কৈশোৰ অৱস্থাতে [[ভাৰতীয় গণনাট্য সংঘ|ভাৰতীয় গণনাট্য সংঘৰ]] সৈতে জড়িত হৈ পৰিছিল।<ref name="Arup">{{cite journal | title=ৰমেন বৰুৱা আৰু নিউ আৰ্ট প্লেয়াৰ্চ | author=অৰূপ চক্ৰৱৰ্তী | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref><ref name="Pabitra"/><ref name="Tafajjul">{{cite journal | title=সংগীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা | author=তফজ্জুল আলী | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>
 
==জন্ম আৰু পৰিয়াল==