দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Tag
No edit summary
41 নং শাৰী:
 
‘দ’-আখৰে দৈত্যনাশ, ‘ঊ’-কাৰে বঘ্নিনাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক । অর্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা । <ref> ''শব্দকল্পদ্রুম'' ৩।১৬৬৬; ''পূজা-বিজ্ঞান'', স্বামী প্রমেয়ানন্দ, উদ্বোধন কার্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত</ref>
দেৱীদুৰ্গা হ’ল সৃষ্টিৰ আদি ।পিতামহ ব্রহ্মা,ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ স্রজন,পালন-পোষণ আৰু সংহাৰ কৰে ।আই দুৰ্গা দেৱীৰ ৰূপ ন –বিধ । সেই বোৰৰ নাম হ’ল-
 
১-শৈলপুত্রী, ২-ব্রহ্মচাৰিণী, ৩-চন্দ্রঘণ্টা,৪-কূষ্মাণ্ডা, ৫-স্কন্দমাতা,৬-কাত্যায়নী,৭-কালৰাত্রি,৮-মহাগৌৰী,৯-সিদ্ধিদাত্রী ।
 
১–“শৈলপুত্রী” :
 
মা দুৰ্গা নিজৰ প্রথম স্বৰূপত “শৈলপুত্রী” নামেৰে জনাজাত । পৰ্ব্বতৰাজ হিমালয়ৰ তাত পুত্রী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্রী” নাম হৈছিল । বৃষভৰ ওপৰত স্থিতা শৈলপুত্রী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত ।ন গৰাকি দুৰ্গাৰ মাজত এখেত হ’ল প্রথম দুৰ্গা । ইয়াৰ পূৰ্বজন্মত এখেতে প্রজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্রহণ কৰিছিল ।তেতিয়া এখেতৰ নাম আছিল “সতী” ।ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল । কিন্তু প্রজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰো্ধী আছিল ।এবাৰ প্রজাপতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল ।কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্রিত নকৰিলে ।পিছে সতীৰ প্রৱল আগ্রহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্রদান কৰিলে ।পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্রতিটো ক্ষেত্রত,চাৰিওপিনে ভগৱান শংকৰৰ প্রতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ ।নিজৰ স্বামী ভগৱান শংকৰৰ প্রতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল ।তেওঁ তৎক্ষনাৎ তাত যোগাগ্নি প্রজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে । যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্রী ৰূপে পৰবৰ্তী জন্ম গ্রহণ কৰিলে । তেওঁ তেতিয়া “শৈলপুত্রী”নামেৰে জনাজাত হ’ল ।‘পাৰ্বতী’, ‘হৈমৱতী’ ও তেখেতৰে নাম ।উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’স্বৰূপ ধাৰণ কৰি দেৱতা সকলৰ দৰ্প চূৰ্ণ কৰিছিল ।‘শৈলপুত্রী’ৰ বিবাহও ভগৱান শংকৰৰ সৈতেহে হৈছিল ।ন গৰাকীদুৰ্গাৰ মাজত প্রথম ‘শৈলপুত্রী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত ।নৱৰাত্রী পূজনৰ প্রথম দিৱসতএই শৈলপুত্রীৰ পূজা আৰু উপাসনা কৰা হয় ।
 
- ২–“ব্রহ্মচাৰিণী” :
 
-
 
মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্রহ্মচাৰিণী’ৰ । ইয়াত ‘ব্রহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা ।ব্রহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী,তপস্যা কৰা তপস্বিনী ।“বেদস্তত্ত্ব তপো ব্রহ্ম ।’’এই ব্রহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভৱ্য ।এখেতৰ সোঁহাতত জপমালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান । হিমালয়ৰ তাত পুত্রীৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মটো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্রচণ্ড তপস্যা কৰিছিল । তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপশ্চাৰিণী” বা “ব্রহ্মচাৰিণী”নামেৰে অভিহিত কৰা হৈছিল ।মা দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধসকলৰ অনন্ত ফলপ্রদ ।ব্রহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা,যোগ,বৈৰাগ্য,সদাচাৰ আৰু সংযম বৃ্দ্ধি পায় । জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয় ।দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয় ।
 
৩-“চন্দ্রঘন্টা”:
 
মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্রঘণ্টা’ ।নৱৰাত্রি উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্রহৰ পূজা-আৰাধনা কৰা হয় ।এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী ।এখেতৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্র থাকে ।সেইকাৰণে তেখেতক ‘চন্দ্রঘণ্টাদেেৱী’ বোলা হয় ।এখেতৰ শৰীৰৰ বৰণ স্বৰ্ণৰ দৰে উজ্জ্বল ।এখেত দশভুজা ।এই দহোখন হাত খড্গ আদি শস্ত্রেৰে আৰু বাণ আদি অস্ত্রেৰে বিভূষিত ।এখেতৰ বাহন হ’ল,সিংহ । যুদ্ধৰ বাবে সদায় সাজু হৈ থকা-এখেতৰ ভাৱ-মুদ্রা ! ঘণ্টাৰ নিচিনা এখেতৰ প্রচণ্ড ধ্বনিৰে অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্রকম্পিত হৈ থাকে ।নৱৰাত্রীৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ব অত্যধিক । নিজৰ মন,বচন,কৰ্ম আৰু কায়াক বিহিত বিধি-বিধান অনুসৰি পূৰ্ণৰূপ পৰিশুদ্ধ আৰু পবিত্র কৰি আই চন্দ্রঘণ্টাৰ শৰণাগত হৈ তেখেতৰ উপাসনা-আৰাধনাত আমি তৎপৰ হোৱা উচিত ।
 
৪-“কূষ্মাণ্ডা”:
 
মা দু্ৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল-কূষ্মাণ্ডা ।নিজৰ মৃদু –মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্রহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে । সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল ,চাৰিওপিনে অন্ধকাৰ ,কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল –তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্রহ্মাণ্ড ৰচনা কৰিছিল । গতিকে এখেত হে হ’ল সৃষ্টিৰ আদি স্বৰূপা,আদি শক্তি ।এখেতৰ আঠখন হাত থকা বাবে এখেত অষ্টভুজা দেৱী নামেৰেও বিখ্যাত ।এখেতৰ সাতোখন হাতত আছে ক্রমে কমণ্ডলু,ধেনু,কাঁড়,কমল পুষ্প,অমৃতপূৰ্ণ কলহ,চক্র আৰু গদা ।সকলো সিদ্ধি আৰু নিধি প্রদান কৰোঁতা জপমালা থাকে এখেতৰ বাওঁহাতত ।এখেতৰ বাহন হ’ল সিংহ । সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা ।বলি সমূহৰ ভিতৰত কোমোৰা-বলি এখেতৰ আটাইতকৈ প্রিয়। নৱৰাত্রীৰ চতুৰ্থ দিনত এই কূষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয় ।
 
৫-“স্কন্দমাতা”:
 
মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত ।ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত । প্রসিদ্ধ দেৱাসুৰ সংগ্রামত এখেত দেৱ –সেনাপতি হৈছিল ।পুৰাণবোৰত ‘কুমাৰ’ আৰু ‘শক্তিধৰ’ আখ্যা দি এখেতৰ মহিমা বৰ্ণোৱা হৈছে ।এখেতৰ বাহন হ’ল, ‘ময়ূৰ’ বা ম’ৰা চৰাই ।সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত ।এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত ।এখেতৰ উপাসনা নৱৰাত্রী পূজাৰ পঞ্চম দিনা অনুষ্ঠিত হয় ।ভগৱান স্কন্দ শিশুৰূপে কোলাত বহি থকাটো এখেতৰ বিগ্রহত দৰ্শিত হয় ।স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভূজা ।
 
৬—“কাত্যায়নী”:
 
মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যয়নী” ।এখেতৰ নাম ‘কাত্যায়নী’হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ—‘কত’ নামৰ এজন প্রসিদ্ধ মহৰ্ষি আছিল ।তেওঁৰ পুত্র হ’ল,ঋষি কাত্য ।এই কাত্য গোত্রত বিশ্বপ্রসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল ।ভগৱতৰ উপাসনাত বহু বছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল ।“আই ভগৱতী তেওঁৰ কোলাত পুত্রীৰূপে জন্ম লওক”-তেওঁৰ মনোকামনা এয়ে আছিল ।আই ভগৱতীয়ে তেওঁৰ প্রাৰ্থনা স্বীকাৰ কৰিছিল ।কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অ্ত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত ,ভগৱান বিষ্ণু,ব্রহ্মা আৰু মহেশ্বৰ এই তিনিও গৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্রদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে । মহৰ্ষি কাত্যায়নে সৰ্বপ্রথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল ।তাৰ বাবে এখেতে ‘কাত্যায়নী’ আখ্যা পালে ।মহৰ্ষি কাত্যায়নৰ তাত পুত্রী ৰূপেও এখেত উপজিল ,বুলি আখ্যানো আছে ।আহিন মাহৰ কৃষ্ণপক্ষ চতুৰ্দ্দশী তিথিত জন্ম গ্রহণ কৰি,শুক্লপক্ষৰ সপ্তমী ,অষ্টমী আৰু নৱমী লৈ তিনিদিন তেখেতে কাত্যায়ন ঋষিৰ পূজা গ্রহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল ।দুৰ্গাপূজাৰ ষষ্ঠ দিনা খন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয় ।
 
৭—“কালৰাত্রি”:
 
মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্রি’ ৰূপে জনাজাত । এখেতৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা ।মূৰৰ চুলিবোৰ অৱিন্যস্ত ।গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালাধাৰি ।এখেত ত্রিনেত্রা,তিনিওটা চকু ব্রহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া ।সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকীৰিত হৈ থাকে ।এখেতৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্রচণ্ড অগ্নি শিখাবোৰ ওলাই থাকে ।এখেতৰ বাহন হ’ল-গৰ্দভ অৰ্থাৎ গাধ ।আই কালৰাত্রি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেখেতে সদায় শুভফল হে প্রদান কৰে ।তাৰ কাৰণে এখেতৰ এটা নাম হ’ল ‘শুভংকৰী’ । গতিকে ভক্ত সকলে মাতৃ কালৰাত্রিৰ স্বৰূপ দেখি ভয়ভীত বা আতংকিত হব নালাগে ।দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্রিৰ উপাসনাৰ বিধান আছে ।
 
৮-“মহাগৌৰী”:
 
মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’ ।এখেত সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা ।এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ,চন্দ্র আৰু কুন্দ ফুলৰ সৈতে দিয়া হয় ।মান্যতা অনুসৰি,এখেত হ’ল আঠ বছৰীয়া ।এখেতৰ সকলো বস্ত্র আৰু আ-অলংকাৰো শ্বেত বৰ্ণৰ । নিজৰ পাৰ্ৱতী ৰূপত এখেতে ভগৱান শিৱক পতি ৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল ।এনে কঠোৰ তপস্যা কৰা হেতু এখেতৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল ।এখেতৰ তপস্যাৰে প্রসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই এখেতৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্র পানীৰে গা ধুৱালে,তেতিয়া তেখেতৰ শৰীৰ বিদ্যুত প্রভাৰ নিচিনা অতি কান্তিমান গৌৰ হৈ উঠিল ।তেতিয়ৰ পৰা এখেতৰ নাম ‘মহাগৌৰী’ হ’ল ।দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনাৰ বিধান আছে ।
 
৯-“সিদ্ধিদাত্রী”:
 
মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল-‘সিদ্ধিদাত্রী’ ।এখেতে সকলো প্রকাৰৰ সিদ্ধি প্রদান কৰে ।মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা,মহিমা,গৰিমা,লঘিমা,প্রা্প্তি,প্রাকাম্য,ঈশিত্ব আৰু ৱশিত্ব-সিদ্ধি এই আঠবিধ ।ব্রহ্মৱৈৱৰ্ত্ত পুৰাণৰ শ্রীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে ।সেইবোৰৰ নাম—-
 
১ অণিমা ২ লঘিমা ৩ প্রাপ্তি ৪ প্রাকা্ম্য ৫ মহিমা ৬ ঈশিত্ব ৭ সৰ্ৱকামাৱসায়িতা ৮ সৰ্বজ্ঞত্ব ৯ দূৰশ্রৱণ ১০ পৰকায়প্রৱেশন ১১ বাক্ সিদ্ধি ১২ কল্পবৃক্ষত্ব ১৩ সৃষ্টি ১৪ সংহাৰকৰণসামৰ্থ্য ১৫ অমৰত্ব ১৬ সৰ্ব নায়কত্ব ১৭ ভাৱনা ১৮ সিদ্ধি ।
 
ভক্ত আৰু সাধকসকলক আই সিদ্ধিদাত্রীয়ে উক্ত সকলো ধৰণৰ সিদ্ধি প্রদান কৰিবলৈ সমৰ্থ ।দেবীপুৰাণৰ মতে এখেতৰে কৃপাত ভগৱন শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল ।এখেতৰে অনুকম্পাত ভগৱান শিৱৰ অৰ্ধ শৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধ নাৰীশ্বৰ নামেৰে বিশ্ব প্রসিদ্ধ হৈছিল ।আই সিদ্ধিদাত্রী চতুৰ্ভুজা ।বাহন হ’ল,সিংহ ।নৱ দুৰ্গাৰ মাজত আই সিদ্ধিদাত্রী হ’ল অন্তিম ।অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্রীয় বিধি-বিধানেৰে কৰাৰ পিছত ভক্তই দুৰ্গা পূজাৰ নৱম দিনা এখেতৰ উপাসনাত প্রবৃত্ত হয় ।এই সিদ্ধিদাত্রী আইৰ উপাসনা পূৰ্ণ হোৱাত ভক্ত আৰু সাধকৰ সকলোবিধ মনোকামনা পূৰণ হৈ যায় ।