অসম ষ্টাৰ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
41 নং শাৰী:
 
===দ্বিতীয় বৰ্ষ===
মঞ্চৰূপা থিয়েটাৰৰ দ্বিতীয় নাট্যবৰ্ষৰ নাটকসমূহো অনুবাদ নাটকেই আছিল। এই বৰ্ষৰ নাটসমূহ আছিল 'শ্ৰী ৰামচন্দ্ৰ', 'বিজয় বসন্ত', 'কৃষ্ক সন্তান' আৰু 'হৰিশ্চন্দ্ৰ'। নাটসমূহ পৰিচালনা কৰিছিল প্ৰয়াত জীতেন পাল আৰু ধৰণীধৰ গোস্বামীয়ে। চাৰিখন নাটকৰ উপৰিও এই নাট্যবৰ্ষত চাৰিখন নৃত্য-নাটিকাও মঞ্চস্থ কৰা হৈছিল। এইসমূহ আছিল-'সাৱিত্ৰী-সত্যবান', 'মীৰাবাই', 'কংসবধ' আৰু 'ভৰত-মিলন'। আটাইকেইখন নৃত্য-নাটিকা পৰিচালনা কৰিছিল নৰেন দাসে।<ref name=hist /><ref name=kkk />
 
==লুপ্তি==
দুটা বছৰ নাট পৰিবেশনা কৰাৰ পাছত মঞ্চৰূপা থিয়েটাৰ বন্ধ হৈ যায়। প্ৰযোজক হেমন্ত তালুকদাৰে ঘাইকৈ আৰ্থিক কাৰণতে নাট্যদলটি বন্ধ হৈ যোৱা বুলি কয়। মঞ্চৰূপা থিয়েটাৰৰ প্ৰতীকি চিহ্ন আছিল নটৰাজ।<ref name=hist /><ref name=kkk />
 
==অৱদান==
মঞ্চৰূপা থিয়েটাৰে পোন প্ৰথমবাৰৰ বাবে টু ডাইমেনচনেল মঞ্চৰ ব্যৱস্থা কৰিছিল। এই মঞ্চক স্থিতিশীল যুৰীয়া মঞ্চ বুলিও কোৱা হয়। এই যুৰীয়া মঞ্চৰ পৰিকল্পনা কৰিছিল মহানন্দ শৰ্মা আৰু ভবেন বৰুৱাই। বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমূহে যুৰীয়া মঞ্চকেই বহুল ভাৱে ব্যৱহাৰ কৰে।<ref name=kkk />
 
==লগতে চাওক==