আবুল কালাম আজাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
15 নং শাৰী:
'''মৌলানা আবুল কালাম আজান''' ({{lang-en|Maulana Abul Kalam Azad}}; জন্ম:১৮৮৮ - মৃত্যু:১৯৫৮) জন্ম হয় ১৮৮৮ চনৰ ১১ নৱেম্বৰ তাৰিখে মক্কাত। ১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মন ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল। আজাদ আছিল বহুমুখী প্ৰতিভাশালী ব্যক্তি। তেওঁ আছিল এজন অক্লান্ত ভাৰতৰ স্বাধীনতা সংগ্ৰামী, ৰাজনীতিজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি।<ref name="মৌলানা আবুল কালাম আজান">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১০৪,১০৫,১০৬}}</ref>
 
=='''জন্ম আৰু শিক্ষাবংশ পৰিচয়'''==
 
মৌলানা আবুল কালাম আজাদৰ জন্ম হয় ১৮৮৮ চনৰ ১১ নৱেম্বৰ তাৰিখে [[মক্কা]]ত। তেওঁৰ পিতাকৰ নাম মহম্মদ খইৰুদ্দিন। মহম্মদ খইৰুদ্দিনে মক্কাৰ প্ৰখ্যাত পণ্ডিত শেখ মহম্মদ জাহিৰ ওৱাত্ৰিৰ কন্যাক বিয়া কৰাইছিল। ১৯৫৭ চনৰ [[চিপাহী বিদ্ৰোহ]]ৰ ফলত দেশত ঘটা এক অভাৱনীয় পৰিস্থিতিত পৰি বহুলোক প্ৰাণৰ ভয়ত বিদেশলৈ পলায়ন কৰিবলগীয়া হৈছিল। আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিনো এইঘটনাৰ বলি হৈ বহুদিন আত্মগোপন কৰি থকাৰ পিছত, মক্কালৈ গুচি যায় আৰু তাত বস-বাস কৰি থাকিবলৈ লয়। মহম্মদ খইৰুদ্দিন এগৰাকী সম্ভ্ৰান্ত মুছলমান বংশৰ লোক আছিল। তেওঁলোকৰ পূৰ্বপুৰুষৰ কেইবাজনো লোকে মোগল ৰাজত্ব কালত পণ্ডিতৰ খিতাপ লাভ কৰিছিল। [[মোগল]] ৰাজত্ব কালত আজাদৰ ককাদেউতাকক জ্ঞানৰ স্তম্ভৰূপে ৰকণ-উল-মাদ্ৰাচিম সন্মানেৰে সন্মানিত কৰা হৈছিল। আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিনো এজন প্ৰখ্যাত লেখক আছিল। তেওঁ [[আৰবী]] আৰু [[পাৰ্ছী]] ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।
 
 
=='''জন্ম আৰু শিক্ষা'''==