আবুল কালাম আজাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
21 নং শাৰী:
 
মৌলানা আবুল কালাম আজাদৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা মক্কাতে আৰম্ভ হয়। কিন্তু পিতাক খইৰুদ্দিনে মক্কাত স্থায়ীভাবে জীৱন নিৰ্বাহ কৰাৰ কথা নেভাবিলে। তেওঁ আকৌ ভাৰতলৈ আহি কলকাতাত স্থায়ীভাবে বস-বাস কৰিবলৈ লয়। আজাদৰ পিতাকে তেওঁক কোনো স্কুললৈ নপঠিয়াই ঘৰতে নিজে উৰ্দু ভাষাৰ উপৰিও ন্যায়, দৰ্শন, ভূগোল, অংক শাস্ত্ৰ, ইতিহাস আদি আৰবী আৰু পাৰ্ছী ভাষাত শিকাইছিল।
১৯০৫ চনত তেওঁ মিছৰৰ আল-আজ-হাৰ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তাতে তেওঁ দুবছৰকাল অধ্যয়ন কৰাৰ পিছত ১৯০৭ চনত ভাৰতলৈ উভতি আহে। পিতাকে তেওঁক ইংৰাজী শিকিবলৈ মানা কৰিছিল যদিও ভাষাটোৰ গুৰুত্ব উপলদ্ধি কৰি এজন বন্ধুৰ ওচৰত তেওঁ ইংৰাজী ভাষা শিকি, কমদিনতে ইংৰাজী ভাষাত তেওঁ ব্যুত্পত্তি লাভ কৰিছিল।