ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
The file Image:Scene_Dr_Bezbaruah.jpg has been removed, as it has been deleted by commons:User:INeverCry: ''missing permission as of 15 November 2012''. ''Translate me!''
21 নং শাৰী:
 
==জন্ম আৰু পৰিয়াল==
 
[[File:Scene Dr Bezbaruah.jpg|thumb|250px|ডক্তৰ বেজবৰুৱা ছবিৰ এটা ৰোমাণ্টিক দৃশ্য]]
[[কামৰূপ জিলা|কামৰূপ জিলাৰ]] বিহদিয়া গাঁওৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁওৰ জোনপ্ৰভাক বিয়া কৰাইছিল। চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি পকি অৱশেষত [[গুৱাহাটী|গুৱাহাটীৰ]] লতাশিলত নিজাকৈ এটা ঘৰ নিৰ্মাণ কৰে। এই ঘৰটিতে চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত ১৯২৫ চনৰ ২৭ ফেব্ৰুৱাৰীত ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল। বৰুৱা দম্পত্তিয়ে নজন পুত্ৰ সন্তান আৰু চাৰিজনী কন্যা সন্তানৰ জন্ম দিছিল। পুত্ৰ সন্তান কেইজন আছিল ক্ৰমে দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, [[নিপ বৰুৱা]], [[দ্বিবন বৰুৱা]], গিৰিণ বৰুৱা, [[ৰমেন বৰুৱা]], নিৰেণ বৰুৱা আৰু [[দ্বিপেন বৰুৱা]]। কন্যা সন্তানকেইজনীৰ নাম আছিল পদ্মাৱতী দাস বৰুৱা, প্ৰতিভা বৰুৱা দাস, ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা নভীছ। এই আটাইকেইজন ভাই-ভনীয়ে পিছলৈ কম-বেছি পৰিমানে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল<ref name="Nibharni">{{cite journal | title=ঐতিহ্যমণ্ডিত সেই ঘৰখন | author=নিভা ৰাণী ৰায় | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref><ref name="Ishan">{{cite journal | title=লতাশিলৰ বৰুৱা পৰিয়াল | author=ঈশান বৰুৱা | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>।