শৰাইঘাট দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Correction about Chinese aggression
72 নং শাৰী:
 
==বৰ্তমান শৰাইঘাট দলঙৰ অৱস্থা==
বৰ্তমান [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]-এ দলঙখনৰ চোৱা-চিতা কৰে। ৰেলৱে বিভাগে [[ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী|আই আই টি, গুৱাহাটী]]ৰ বিশেষজ্ঞৰ এটা দলক দলঙখনৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল। বিশেষজ্ঞৰ দলটোৱে জনায় যে, দলঙখন বৰ্তমানেও সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে।<ref name="স্বৰ্ণ জয়ন্তী" /> ইয়াৰ ১১ টা খুটাই ভাল অৱস্থাত আছে।<ref name="স্বৰ্ণ জয়ন্তী" /> বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা লেনযুক্ত আৰু এখন নতুন দলং শৰাইঘাটৰ সমীপতে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। বৰ্তমান এই দলঙৰ কাম পূৰ্ণগতিত চলি আছে।<ref name="স্বৰ্ণ জয়ন্তী" /><ref name="কিছু কথা" />
 
২০১২ চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হয়।<ref name="ত্ৰিবিউন">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0612/at092 | title=Saraighat bridge completes 50 years | publisher=The Assam Tribune | date=November 5, 2012 | accessdate=November 10, 2012}}</ref> [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]ই এই উপলক্ষে ৬ নৱেম্বৰত আয়োজন কৰা সভাত অসমৰ ৰাজ্যপাল জে বি পাটনায়ক আৰু মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]] উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে দলংখনক "[[লাচিত বৰফুকন দলং]]" বুলি পুনৰ্নামাকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে।<ref name="TOI">{{cite newsgroup | url=http://articles.timesofindia.indiatimes.com/2012-11-07/guwahati/34971728_1_bridge-stretches-assam-governor-brahmaputra | title=50 years of Saraighat bridge | date=November 7, 2012 | accessdate=November 10, 2012 | author=Kangkan Kalita | newsgroup=The Times of India}}</ref>
[[চিত্ৰ:Saraighat Bridge, Guwahati, Assam, India .jpg|thumb|right|সন্ধিয়া সময়ত দলংখনৰ এক দৃশ্য]]
 
==শৰাইঘাট দলং ধ্বংস কৰাৰ আঁচনি==
সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই [[পূব পাকিস্তান|বাংলাদেশ]]ক স্বাধীনতাৰ বাবে সহায় কৰিছিল।<ref name="ধ্বংস">{{cite journal | title=শৰাইঘাট! শৰাইঘাট! | author=বাদল দাস | journal=বসুন্ধৰা | year=২০১২ | month=৯ ছেপ্তেম্বৰ | pages=১০}}</ref> [[ভাৰতীয় বিমান বাহিনী]]ৰ বিমানে [[তেজপুৰ]]ৰ [[শালনী বিমানবন্দৰ]]ৰ পৰা উৰা মাৰি [[ঢাকা]]ৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল।<ref name="ধ্বংস" /> ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল।<ref name="ধ্বংস" /> পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য [[গুৱাহাটী]] আছিল।<ref name="ধ্বংস" /> কাৰণ, সেই সময়ৰ [[উত্তৰ-পূৰ্বাঞ্চল]]ৰ মূল কেন্দ্ৰ আছিল [[গুৱাহাটী]] আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলং।