গোবিন্দ বল্লভ পণ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
42 নং শাৰী:
 
=='''ৰাজনৈতিক জীৱন'''==
লক্ষ্ণৌ কংগ্ৰেছ অধিবেশনত গোবিন্দ বল্লভ পণ্টে কুমায়ুণৰ কংগ্ৰেছ প্ৰতিনিধি হিচাপে যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯২৩ চনত মতিলাল নেহেৰুৱে তেওঁক উত্তৰ প্ৰদেশ বিধান পৰিষদৰ স্বৰাজ পাৰ্টিৰ নেতৃত্বৰ দায়িত্ব দিয়ে। ১৯২৭ চনত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। ১৯২৮ চনত তেওঁ নেহেৰুৰ সৈতে চাইমন কমিচনৰ বিৰুদ্ধে বিক্ষোভ কৰি, লাঠীৰ কোব খাই চিৰদিনলৈ এখন হাত ঘুণীয়া কৰিছিল। ১৯৩০ চনত লোণ সত্যাগ্ৰহত ভাগ লৈ ছয় মাহ কাৰাবৰণ খাটিছিল। ১৯৩২ চনতো কাৰাবৰণ খাটিছিল। ১৯৩৪ চনত তেওঁ কেন্দ্ৰেীয় বিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল। ১৯৩৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ বিধান পৰিষদৰ নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য গ্ৰহণ কৰিছিল। ১৯৩৯ চনত তেওঁ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিৰ্দেশমতে পদত্যাগ কৰিছিল। ১৯৪০-৪২ চনৰ আন্দোলনত যোগদান কৰি তেওঁ পুনৰ কাৰাবৰণ কৰিছিল। ১৯৪৬ চনত পুনৰ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ১৯৫৪ চনত তেওঁ কেন্দ্ৰীয় কেবিনেটত যোগদান কৰি, ১৯৫৫ চনত তেওঁ গৃহমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁ গৃহমন্ত্ৰী হৈ থকা কালত--কাশ্মীৰ প্ৰশ্ন, নগা বিদ্ৰোহ, ৰাজ্য পুনগঠনৰ সমস্যা, ভাষা কমিচনৰ সমস্যা, ৰাজস্থানৰ সমস্যা অদিয়ে দেখা দিছিল। তেওঁ জমিদাৰী প্ৰথাৰ বিৰোধী আছিল আৰু ১৯৫০ চনৰ পৰা ভৰতবৰ্ষত থকা জমিদাৰী প্ৰথা লোপ কৰিছিল। তেওঁ সদায় খেতিয়ক, বনুৱা আৰু হৰিজন সকলৰ মঙ্গলৰ কথা বিবেচনা সহকাৰে চিন্তা কৰিছিল। তেওঁ পাহাৰীয়া অনুন্নত অঞ্চলৰ কমাও সম্প্ৰদায়ৰ কাৰণেযথেষ্ট ত্যাগ স্বীকাৰ কৰি গৈছিল। তেওঁৰ চিন্তাই আছিল জনসাধাৰণৰ মঙ্গল সাধন কৰা আৰু এই চিন্তাৰ প্ৰতিফলন ঘটিছে ৰাজনীতি, অৰ্থনীতি, সমাজিক আৰু বৌদ্ধিক মহলৰ মাজত।
 
==তথ্য সংগ্ৰহ==