ইন্দিৰা গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
35 নং শাৰী:
| website =
}}
''''ইন্দিৰা গান্ধী'''(''{{lang-en|Indira Gandhi}'') (১৯১৭-১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধান মন্ত্ৰী, [[জৱাহৰলাল নেহেৰু]]ৰ কন্যা আছিল। তেওঁ [[লালবাহাদুৰ শাস্ত্ৰী]] মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। [[মহাত্মা গান্ধী]]ৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত সংগঠন কৰে বানৰ সেনা। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাসো খাটিছিল। ১৯১৬ চনত [[জব্বলপুৰ]]ত হিন্দু-মুছলিম বিৰোধ, পূৱ [[আফ্ৰিকা]]ত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-[[আমেৰিকা]]নৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত [[ভাৰত-ৰত্ন]] উপাধিৰে তেওঁক [[ভাৰত]] চৰকাৰে সন্মানিত কৰে।<ref name="লালবাহাদুৰইন্দিৰা শাস্ত্ৰীগান্ধী">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৫৭,৫৮,৫৯,৬০,৬১,৬২,৬৩}}</ref>
 
=='''জন্ম আৰু পৰিয়াল'''==
 
ইন্দিৰা গান্ধীৰ জন্ম হয় ১৯১৭ চনৰ ১৯ নবেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ আনন্দ ভৱনত। তেওঁৰ পিতৃ বিশ্ব বৰেণ্য নেতা, ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু মাতৃ কমলা নেহেৰু। তেওঁৰ মাক সৰুকালতেই ঢুকোৱাত, পিতাকৰ মৰম-স্নেহতে ডাঙৰ দীঘল হয়। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেই সৰুতে ইন্দিৰাক নাম দিছিল প্ৰিয়দৰ্শিনী। তেওঁৰ ককাকৰ নাম আছিল মতিলাল নেহেৰু। সৰুৰে পৰা তেওঁ নানা শিক্ষাৰে শিক্ষিত হৈছিল। ঘৰুৱা পৰিবেশৰ পৰাই তেওঁ সৰুতেই ৰাজনৈতিক শিক্ষা আয়ত্ত কৰিছিল। সেইসময়ত আনন্দ ভৱন কংগ্ৰেছৰ প্ৰধান কাৰ্য্যালয় আছিল। ১৯৪২ চনত ইন্দিৰা গান্ধীয়ে অসম অইল কোম্পানীৰ মূৰব্বী বিষয়া ফিৰোজ গান্ধীৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰে পৰাই তেওঁ গান্ধী উপাধি গ্ৰহণ কৰিছিল। তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী আছিল দুই সন্তান ক্ৰমে--সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধী।<ref name="ইন্দিৰা গান্ধী"/>