ইন্দিৰা গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
50 নং শাৰী:
১৯৭১ চনত পঞ্চম অন্তৰ্ৱৰ্তীকালীন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ইন্দিৰাই বিপুল সংখ্যাগৰিষ্ঠাতাৰে জয়লাভ কৰে। ৫১৮ খন আসনৰ বাবে কংগ্ৰেছে ৪৪২ জন প্ৰাৰ্থী দি ৩৫১ খন আসন লাভ কৰিলে। সাংগঠনিক কংগ্ৰেছে ১৬ খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। এই নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিছিল উত্তৰ প্ৰদেশৰ ৰায়বেৰেলিয়ৰ পৰা আৰু মুঠ ভোট পাইছিল--১,৮৩,৩০৯ টা। ১৯৭১ চনৰ মাৰ্চত কংগ্ৰেছ সংসদী দলৰ সভাত ইন্দিৰা গান্ধী বিনা প্ৰতিদ্বন্দিতাৰে নেতা নিৰ্বাচিত হয়। জগজীৱন ৰামে তেওঁৰ নাম প্ৰস্তাৱ কৰে আৰু সমৰ্থন কৰে [[ফকৰুদ্দিন আলি আহমেদ]] আৰু [[ওৱাই, বি , চবনে]]।<ref name="ইন্দিৰা গান্ধী"/>
 
ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত অনেক সাফল্যতা পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪ টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ হয়। ১৯৬৯ চনৰ জুলৈকে বেঙ্কৰ জমাৰ পৰিমান ৫০ কোটি টকা বা ততোধিক হোৱা বাণিজ্যিক বেংককহে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭১ চনৰ ৯ আগষ্ট তাৰিখে [[নতুন দিল্লী]]ত ভাৰত-[[ছোভিয়েট]] শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি ইন্দিৰাৰ আন এটা মহান স্বাক্ষৰ। ২০ বছৰীয়া ম্যাদৰ চুক্তিখনত অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, শিল্পকলা, ক্ৰীড়া, ভ্ৰমণ, [[চিনেমা]], জনস্বাস্থ্য, [[বাতৰি-কাকত]], শিক্ষা আদিত গুৰুত্ব আৰোপ কৰা হয়। এইখন চুক্তিৰ উপৰিও ১৯৭২ চনৰ ২০ নবেম্বৰত স্বাক্ষৰিত হয় ভাৰত-ছোভিয়েটৰ আন এখন অৰ্থনৈতিক চুক্তি। এই চুক্তিত [[বোকাৰো]] আৰু [[ভিলাই তীখা কাৰখনা]]ৰ উত্পাদন ক্ষমতা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়া হয়। ১৯৮০ চনৰ লোকসভাৰ সপ্তম সাধাৰণ নিৰ্বাচনৰ আৰম্ভ হল, এইবাৰো ইন্দিৰা গান্ধী নিৰ্বাচিত হৈ আহিল। শাসনভাৰ হাতত লৈয়ে দেশৰ অৰ্থনৈতিক আৰু সামাজিক দিশটো টনকিয়াল কৰাৰ কাৰণে অধিক উত্সাহেৰে কৰিদফীয়া কাৰ্যসূচীত মনোনিবেশ কৰিলে। এই সময়ছোৱাতে [[পঞ্জাৱ]] আৰু [[অসম]]ত আন্দোলন গঢ়ি উঠিল। অসমৰ বিদেশী বহিস্কৰণৰ সমস্যাটো তেওঁ কোনো সুমীমাংসা কৰিব নোৱাৰিলে আৰু পাঞ্জাৱৰ সমস্যাটোও একো পৰিবৰ্তন কৰিব নোৱাৰিলে মৃত্যু সময়লৈকে।<ref name="ইন্দিৰা গান্ধী"/>
 
=='''পুৰস্কাৰ প্ৰাপ্ত বঁটা'''==
59 নং শাৰী:
#ৰাষ্ট্ৰনেত্ৰী (১৯৭৩)
 
=='''মৃত্যু'''==
১৯৮৪ চনৰ ৩১ অক্টোৱৰৰ দিনা দিল্লীত নিজা বাসভৱনত গা-ৰক্ষী উগ্ৰপন্থী শিখলোকৰ গুলীৰ আঘাতত তেওঁৰ জীৱন বন্তি নিৰ্বাপিত হয়
 
=='''তথ্য সংগ্ৰহ'''==