বিনোৱা ভাৱে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bishnu Saikiaয়ে পুনৰ্নিৰ্দেশ নেৰাকৈ পৃষ্ঠা বিনোদ ভাৱেৰ পৰা বিনোৱা ভাৱেলৈ স্থানান্তৰ কৰিলে: as per talk
No edit summary
28 নং শাৰী:
|footnotes =
}}
'''আচাৰ্য বিনোৱা ভাবে''' (''{{lang-en|Archarya Binoda Bhabe}}'') (১৮৯৫-১৯৮২)মহাত্মা গান্ধীৰ প্ৰধান শিষ্য আছিল। তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে তেওঁক ১৯৮৩ চনত ভাৰতৰ সৰ্ব্বোচ্চ সন্মন ভাৰত-ৰত্ন প্ৰদান কৰিছিল।
 
==জন্ম আৰু পৰিয়াল==
বিনোৱা ভাবেৰ জন্ম হয় ১৮৯৫ চনত মহাৰষ্ট্ৰৰ কোলাৰৰ গেগড গাঁৱৰ এটি ব্ৰাহ্মণ পৰিয়ালত। তেওঁচ প্ৰকৃত্ব নাম আছিল- বিনাৰক নৰহৰ ভাবে। তেওঁৰ পিতৃৰ নাম হৈছে নৰহৰ সম্ভুৰাও ভাবে আৰু মাতৃ আছিল ৰুক্মিণী দেৱী।
 
==শিক্ষা জীৱন==
বিনোৱা ভাবে সৰুৰে পৰাই ধৰ্মৰ প্ৰতি অনুৰাগ আছিল আৰু কিতাপ পঢ়াতো এটা অভ্যাসত পৰিণত কৰিছিল। তেওঁ সৰুতেই ভাৰতৰ প্ৰায়বোৰ শ্ৰেষ্ঠ পুথিভঁড়ালৰ কিতাপ পঢ়ি শেষ কৰিছিল। নিয়মিত বাতৰি-কাকত পঢ়াতো তেওঁৰ সৰুকালিতে গঠিত হোৱা অভ্যাসৰ ফল। সৰুকালৰে পৰাই তেওঁ বিনয়ী আৰু মানুহৰ লগত মিলা-মিচা বা আদান-প্ৰদানৰ স্বভাব গঢ়িছিল। তেওঁ পাঠ্যপুথিৰ জীৱন আৰম্ভ কৰিছিল ১৯১০ চনৰ পৰা। কিন্তু তেওঁৰ স্কুলীয়া প্ৰামাণ-পত্ৰসমূহো এদিন জুইত পুৰিছিল। তেওঁ ইণ্টাৰমিডিয়েটলৈ পঢ়ি, বেনাৰসলৈ গৈ সংস্কৃত অধ্যয়নত মনোযোগ দিছিল। তেওঁ মনোযোগ দিছিল মহাৰাষ্ট্ৰৰ ধৰ্মগ্ৰন্থসমূহ কণ্ঠস্থ কৰাত। এফালে তেওঁ যিমান সময় অধ্যয়নত কটাইছিল, আনফালে প্ৰতিদিনে বাৰমাইল পৰ্যন্ত খোজ কঢ়াৰো অভ্যাস কৰিছিল।
 
==কৰ্মজীৱন==
বিনোৱা ভাবেই মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি গভীৰ ভাবে আকৃষ্ট হয় । লগে লগে তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰো এগৰাকী নিষ্ঠাবান সৈনিক হিচাপে কাম কৰা প্ৰতিজ্ঞাবদ্ধ হয়। ১৯১৬ চনৰ ৭ জুনত মহাত্মা গান্ধীক কচাৰাব আশ্ৰমত দেখা কৰে আৰু আশ্ৰমৰ বিষয়ে ভালেখিনি কথা আলচ কৰাৰ সুবিধা পায়। তেতিয়াৰে পৰা তেওঁ আশ্ৰমৰ এগৰাকী সভ্য হয় আৰু আশ্ৰমৰ সেৱাত একান্তভাবে নিবিড় হয়। ১৯২১ চনৰ ৪ জানুৱাৰীত চেঠ যমুনালাল বাজাজৰ পৰামৰ্শত স্থাপন কৰা ওৱাৰ্দ্ধাৰ সত্যাগ্ৰহ আশ্ৰমৰে তেওঁ অন্যতম কৰ্মী হৈ পৰে। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিশিষ্ট মুক্তি যোদ্ধা আছিল আৰু কেইবাবাৰো কাৰাবৰণ খাটিছিল।