জৱাহৰলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
55 নং শাৰী:
 
==জন্ম আৰু পৰিয়াল==
জৱাহৰলাল নেহৰুৰ জন্ম হয় ১৮৮৯ চনৰ ১৪ নবেম্বৰ তাৰিখে, [[উত্তৰ প্ৰদেশ]]ৰ [[এলাহাবাদ]]ত। তেওঁৰ পিতৃ [[মতিলাল নেহৰু]] আৰু মাতৃ '''স্বৰূপ ৰাণী'''। মতিলাল নেহৰু এজন আঢ্যৱন্ত লোক আছিল আৰু তেওঁৰ জিবিকা আছিল ওকালতি। তেওঁ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ দুৰ্ধৰ্ষ যুঁজাৰু আৰু মাতৃ স্বৰূপ ৰাণী ধৰ্মপৰায়ণা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল জৱাহৰলাল নেহৰু। নেহৰু পৰিয়ালৰ পূৰ্বপুৰুষ আছিল [[কাশ্মীৰ]]ৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ। ১৭১৬ খৃঃত উপৰিপুৰুষ ৰাজকাউল কাশ্মীৰৰ পৰা [[দিল্লী]]লৈ আহিছিল আৰু পিছত দিল্লীৰ পৰা তেওঁলোক এলাহাবাদলৈ স্থায়ী বসতিৰ কাৰণে থিতাপি লৈছিল। ফাৰুক ছায়াৰ নামৰ এজন মোগল সম্ৰাটে ৰাজ কাউলক এটা গড়খাৱৈৰ পাৰত থাকিবলৈ দিছিল। উৰ্দু ভাষাত গড়খাৱৈক '''নাহাৰ''' বুলিছিল। এই নাহাৰৰ পাৰত বসতি কৰাৰ কাৰণেই কালক্ৰমত তেওঁলোকৰ উপাধি হল নেহৰু। কিছুদিনলৈ তেওঁলোক কাউল নেহৰু আৰু পিছলৈ নেহৰু নামে খ্যাত হল। ১৯১৬ চনত জৱাহৰলালে '''কমলা কৌল'''ক বিয়া কৰায় আৰু ১৯১৭ চনৰ ১৯ নবেম্বৰত [[ইন্দিৰা গান্ধী]]ৰ জন্ম হয়।<ref name="জৱাহৰলাল নেহৰু"/>
<ref name="জৱাহৰলাল নেহৰু"/>
 
 
==শিক্ষা জীৱন==
জৱাহৰলাল নেহৰুৰ সৰুকালৰ শিক্ষা আৰম্ভ হয় এজন ঘৰুৱা শিক্ষকৰ দ্বাৰাই। সৰুতে তেওঁক বিদ্যালয়ত দিয়া নাছিল। পিতাকৰ উদ্দেশ্য আছিল সৰুৰে পৰা তেওঁক ইংৰাজী ল'ৰাৰ দৰে গঢ়ি তোলাৰ। সেয়ে মতিলাল নেহৰুৱে চোৱা-চিতাৰ দায়িত্ব দিছিল এগৰাকী ইংৰাজ মহিলাক। ১১ বছৰত তেওঁক পঢ়ুৱাবলৈ টি. ফাৰ্ডিনাণ্ড ব্ৰুকচ নামৰ এজন আইৰিচ লোকক গৃহশিক্ষক নিযুক্ত কৰিছিল। ব্ৰুকচৰ তলতে তেওঁ ইংৰাজী ভাষা সুন্দৰকৈ আয়ত্তলৈ আনিছিল। থেকাৰে, এইচ. জি. ওৱেলছ, স্কট, ডিকেন্স আদি আনেকলোকৰ মূল্যবান ৰচনা সম্ভাৰো এই সময়তে তেওঁ পঢ়িছিল। আন এজন শিক্ষকৰ তলত তেওঁ সংস্কৃত, হিন্দী আৰু উৰ্দু ভাষাৰ জ্ঞান আৰ্জিছিল। ব্ৰুকচৰ তলতে ৰাসায়ন, উদ্ভিদ, পদাৰ্থ বিদ্যাৰ গূঢ় কথাবোৰ তেওঁ হৃদয়ঙ্গম কৰিছিল আৰু বিশ্বৰ প্ৰতি জানিবলৈ কৌতূহল জাগিছিল। মাত্ৰ তেৰ বছৰ বয়সত তেওঁ যোগদান কৰিছিল থিয়চফিকেল সংঘত আৰু এই সংঘৰ জৰিয়তে তেওঁ প্ৰাচীন ধৰ্মপুথিবোৰ পঢ়িছিল। বিশেষকৈ উপনিষদ আৰু গীতাৰ আলোচনাবোৰে তেওঁক অনুপ্ৰাণিত কৰিছিল। মুন্সী মোবৰকৰ পৰা শুনিছিল কৰিছিল চিপাহী বিদ্ৰোহ আৰু আৰৱীয় উপন্যাসৰ সাধু । তাৰ পিছত ৰামায়ণ আৰু মহাভাৰতৰ লগতে নানা আখ্যান-উপাখ্যান। সৰুকালৰ স্বভাৱ আছিল ব্যায়াম চৰ্চা, সাঁতোৰ আৰু ঘোঁৰাত উঠা। ডেকা বয়সত তেওঁ হিমালয় পৰ্বতত ১১,৫০০ ফুট বগাইছিল। ১৯০৫ চনৰ মে মাহত তেওঁ মাত্ৰ ১৫ বছৰ বয়সত ইংলেণ্ডলৈ যায় আৰু ইংলেণ্ডৰ হেৰ' পাব্লিক স্কুলত ভৰ্তি হয়। সম্ভ্ৰান্ত ইংৰাজ পৰিয়ালৰ লৰা-ছোৱালীয়ে পঢ়া স্কুলৰ পৰিবেশটো মুঠেই ভাল নাপাইছিল। হেৰ'ত পঢ়ি থকাৰ সময়তো তেওঁ ভাৰতৰ নানা ৰাজনৈতিক খৱৰো ৰাখিছিল। হেৰ'ৰ নিয়ম কানুনবোৰ অতি কঠিন হোৱা কাৰণে বহু সময়ত তেওঁৰ মন বিৰাগপূৰ্ণ হৈছিল। সেয়ে তেওঁ হেৰ' এৰাৰ মনস্থ কৰি পিতাকক সেই কথা জনাই কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল। ১৯১০ চনত তেওঁ ট্ৰিনিটিৰ পৰাই দ্বিতীয়া শ্ৰেণীৰ অনাৰ্ছসহ ডিগ্ৰী লৈ ভাৰতলৈ উভতি আহে। <ref name="জৱাহৰলাল নেহৰু"/>
 
==কৰ্ম জীৱন==