বল্লভভাই পেটেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
28 নং শাৰী:
|children = [[মনিবেন পেটেল]], [[ধায়াভাই পেটেল]]
}}
'''ছৰ্দাৰ বল্লভভাই পেটেল'''(''{{lang-en|Charder Ballavebhai petel}}'') (১৮৭৫-১৯৫০)ভাৰত-ৰত্ন বঁটা বিজয়ী আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল। তেওঁ স্বাধীনতা আন্দোলনৰ সক্ৰিয় যুঁজাৰু আছিল।১৯২৪ চনৰ আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ নেতৃত্ব দিছিল। কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত সভাপতিত্ব কৰিছিল।<ref name="ছৰ্দাৰ বল্লভভাই পেটেল">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৯১,৯২,৯৩,৯৪,৯৫}}</ref>
'''ছৰ্দাৰ বল্লভভাই পেটেল'''(''{{lang-en|Charder Ballavebhai petel}}'') (১৮৭৫-১৯৫০)
 
==জন্ম আৰু পৰিয়াল==
ছৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হয় ১৮৭৫ চনৰ ৩১ অক্টোৱৰ তাৰিখে গুজৰাটৰ খেদা জিলাৰ বোৰচাদ তালুকাৰ মৌজাৰ কৰমচাঁদ নামৰ গাঁৱত। তেওঁৰ পিতাকৰ নাম আছিল ঝাভেৰ ভাই পেটেল আৰু মাকৰ নাম আছিল লাড়বাঈ। হাইস্কুলত পঢ়ি থকা কালতে মাত্ৰ ১৮ বছৰ বয়সতে তেওঁক মাক-পিতাকে বিবাহ কৰাই দিছিল। তেওঁৰ পত্নীৰ নাম আছিল ঝবেৰ বাই। বিয়াৰ সময়ত ঝবেৰ বাইৰ বয়স আছিল দহবছৰ।<ref name="ছৰ্দাৰ বল্লভভাই পেটেল"/>
 
==শিক্ষা জীৱন==
ছৰ্দাৰ বল্লভভাই পেটেল সৰুতেই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰাই দিছিল। প্ৰাইমাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁক পেঠলাদ থকা এখন জুনিয়ৰ বিদ্যালয়ত ভৰ্তি কৰাই দিয়ে। ইয়াতে তেওঁ ষষ্ঠ মান শ্ৰেণীলৈকে পঢ়াৰ পিছত, উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে নাদিয়াদলৈ যায়। নাদিয়াদৰ হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পেটেলে কলেজত পঢ়াৰ ধাউতি কৰিছিল। কিন্তু ঘৰুৱা অৱস্থা টনকিয়াল নোহোৱা বাবে তেওঁ সিমানতে পঢ়া জীৱনৰ সামৰণি মাৰিবলগীয়া হয়। কিছুদিন তেওঁ মুক্তিয়াৰী কৰাৰ পিছত আৰ্থিক অৱস্থা স্বচ্ছল হোৱাত, তেওঁ ইংলেণ্ডলৈ গৈ বেৰিষ্টাৰী পঢ়াৰ ইচ্চা কৰিলে। সেয়ে তেওঁ ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী পঢ়িবলৈ লয়। এই কলেজত তেওঁ ৰোমান আইনৰ বিষয়ত পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। এই পৰীক্ষাৰ শেষ পৰীক্ষাটো দিয়ে তেওঁ ১৯১২ চনৰ জুনত আৰু ফলাফলত তেওঁ প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হয় আৰু এই কৃতিত্বৰ বাবে তেওঁ ৫০ পাউণ্ডৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বেৰিষ্টাৰী পাছ কৰাৰ পিছত, তেওঁ ভাৰতলৈ উভতি আহে।<ref name="ছৰ্দাৰ বল্লভভাই পেটেল"/>
 
==কৰ্মজীৱন==
ছৰ্দাৰ বল্লভভাই পেটেলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত সেই সময়ত মুক্তিয়াৰ নামেৰে আদালতৰ এবিধ উকীলৰ বাবে হোৱা এটা নিদিষ্ট পৰীক্ষা দি- সেই পৰীক্ষাত উত্তীৰ্ন হৈ গোধাৰৰ আদালতত মুক্তিয়াৰ কৰিবলৈ লয়। পিছলৈ তেওঁ আদালতত এজন ভাল উকীলৰূপে পৰিচিত হয়। ফৌজদাৰী মোকৰ্দমা চলোৱাত তেওঁ বিশেষ সুখ্যাতি অৰ্জন কৰিছিল।
১৯১২ চনত ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী সমাপ্ত কৰি তেওঁ ভাৰতলৈ আহি আহমদাবাদত ওকালতি কৰিবলৈ লয় এই সময়চোৱাতে তেওঁৰ পত্নীৰ বিয়োগ ঘটে। তথাপিও তেওঁ ওকালতিৰ মাজেৰে দৰিদ্ৰজনৰ মাজত সোমাই পৰে আৰু তেওঁলোকৰ সেৱাত মনোনিবেশ কৰে।<ref name="ছৰ্দাৰ বল্লভভাই পেটেল"/>
 
==সংগ্ৰামী জীৱন==
 
 
 
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==
 
 
 
 
 
 
==মৃত্যু==