বল্লভভাই পেটেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
40 নং শাৰী:
 
==সংগ্ৰামী জীৱন==
১৯১৭ চনত মহাত্মা গান্ধীয়ে চাম্পাৰণত মেজিষ্ট্ৰেটৰ হুকুম অমান্য কৰি তেওঁৰ কাম সমাধা কৰিবলৈ ওলোৱাৰ কথা শুনাৰে পৰা ছৰ্দাৰ বল্লভভাই মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হয় আৰু তেতিয়াৰে পৰাই তেওঁ সংগ্ৰামত সোমাই পৰি গুজৰাটৰ সভাত যোগদান দিয়ে। গুজৰাট সভাই বেগাৰি প্ৰথাৰ বিৰুদ্ধে এই আন্দোলনৰ কাৰ্যসূচী হাতত লয়। এই আন্দোলনৰ ফলত বেগাৰি খটা মানুহৰ দুখ-দুৰ্গতি বহুখিনি কমাবলৈ সক্ষম হয়। সেইসময়তে আহমদাবাদত প্লেগ মহামাৰিয়ে দেখা দিয়াত ছৰ্দাৰ বল্লভভাই পেটেলে এই ৰোগী সকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সেৱাত ব্ৰতী হৈছিল। পেটেলে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা এনে সেৱাৰ মনোভাৱৰ বাবে মহাত্মা গান্ধীয়ে তেওঁৰ ভূয়সী প্ৰশংসা কৰে। ১৯১৭ চনত ছৰ্দাৰ বল্লভভাই পেটেল আহমদাবাদ মিউনিচিপালিটীৰ সদস্য হৈ মিউনিচিপালিটীৰ স্বায়ত্ব শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যুঁজ দিয়াৰ উপৰিও চহৰখন নিকা কৰিবলৈ আৰু নাগৰিক সকলৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি সজাগ হৱলৈ আহ্বান জনাইছিল। ১৯১৮ চনত পশ্চিমীয়া সাজ-পোচাক দলিয়াই পেলাইছিল আৰু তাৰ পৰিবৰ্তে তেওঁ ধূতি-কুৰ্তা পৰিধান কৰিছিল। ১৯১৯ চনত বৃটিছ চৰকাৰে ভাৰতবাসীক দমন কৰিবলৈ ৰাওলাট এক্ট জাপি দিয়ে। বৃটিছৰ এই কুখ্যাত আইনৰ বিৰুদ্ধে দেশত প্ৰতিবাদ দিৱস পালন কৰা হয়। মহাত্মা গান্ধীয়ে ইংৰাজৰ গৱৰ্ণৰ লৰ্ড মণ্টেণ্ড চেমচ্ ফোৰ্ডক ৰাওলাট আইনত সন্মতি প্ৰদান নকৰিবলৈ অনুৰোধ জনায়। ইংৰাজ বাহিনীয়ে শান্তিপূৰ্ণ আন্দোলনকাৰীসকলৰ ওপৰত অমানৱীয় দমননীতি চালয়। তাৰ লগে লগেই কুখ্যাত ৰাওলাট আইনৰ প্ৰতিবাদৰ জোৱাৰ উঠে পাঞ্জাৱ প্ৰদেশত। পাঞ্জাৱৰ এই আন্দোলন দমন কৰিবলৈ চৰকাৰে সামৰিক আইন জাৰি কৰে। ১৯১৯ চনৰ ১৩ এপ্ৰিলত ৰাওলাট আইনৰ প্ৰতিবাদত পাঞ্জাৱৰ জালিয়ানৱালাবাগ নামৰ ঠাইত শান্তিপূৰ্ণ জনসমাবেশৰ আয়োজন কৰিছিল আৰু বৃটিছ সেনাপতি ডায়াৰে স-সৈন্যে আন্দোলনকাৰী সকলক আগুৰি ধৰি অপ্ৰৰোচিতভাবে গুলি চলাবলৈ আৰম্ভ কৰে। এই গুলি চালনাত ১২০০ জন নিহত হয় আৰু ৩৬০০ জন আহত হয়। ১৯১৯ চনত ৰাওলাট আইনৰ বিৰুদ্ধে আহমদাবাদত বাহিৰ কৰা সমদলৰ নেতৃত্ব দিছিল ছৰ্দাৰ বল্লভভাই পেটেলে। ১৯২০ চনত কলকাতত জাতীয় কংগ্ৰেছৰ এখন অধিবেশন অনুষ্ঠিত কৰা হয় আৰু এই অধিবেশনতে অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহাত্মা গান্ধীৰ নেতৃত্বত চলা এই আন্দোলনত স্বদেশী বস্তু গ্ৰহণ, বিদেশী বস্তু ত্যাগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গান্ধীয়ে চৰকাৰে প্ৰদান কৰা কেশৰী হিন্দ উপাধি ত্যাগ কৰে। লগে লগে মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ আদি আইনজীৱীসকলে ওকালতি ত্যাগ কৰে। ১৯২১ চনত আহমদাবাদত জাতীয় কংগ্ৰেছৰ অধিবেশন বহে আৰু এই অধিবেশনত সভাপতিত্ব কৰিছিল ছৰ্দাৰ বল্লভভাই পেটেলে। ১৯২২ চনত কংগ্ৰেছত কংগ্ৰেছৰ সভাপতি হাকিম আজমল খান থাকোতেই তেওঁ জব্বলপুৰলৈ গৈছিল। তাৰ মিউনিচিপালিটীয়ে তেওঁক মান-পত্ৰৰে সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও মিউনিচিপালিটীৰ কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰে। তেতিয়াৰে পৰা সমদল আদিত জাতীয় পতাকা লোৱা নিষিদ্ধ কৰিছিল বৃটিছ চৰকাৰে। এই লৈ প্ৰতিবাদ কৰাত শেঠ যমুনালাল বাজাজ প্ৰমুখ্যে এচাম নেতাক চৰকাৰে আৰু তাৰ পিছতে পতাকা আন্দোলনৰ দায়িত্বভাৰ পৰে ছৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত। ১৯২৪ চনত আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত ছৰ্দাৰ বল্লভভাই পেটেলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। দলপতি হিচাপে তেওঁ নগৰ কমিটীৰ অধ্যক্ষ নিৰ্বাচিত হয়। ১৯২৭ চনত পুনৰ আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত জয়ী হৈ পুনৰ তেওঁ অধ্যক্ষ নিৰ্বাচিত হয়। ইয়াৰ পিছত বৃটিছ চৰকাৰে ভাৰতবাসী শোষনৰ উদ্দেশ্যে লোণ আইন প্ৰৱৰ্তন কৰি লোণৰ ওপৰত অত্যাধিক কৰ বহুৱাইছিল। ১৯৩০ চনত মহাত্মা গান্ধীয়ে বৃটিছ চৰকাৰক এই লোণ আইন উঠাই লবলৈ দাবী জনায়, কিন্তু চৰকাৰে এই দাবীৰ প্ৰতি সহাৰি নজনোৱাত মহাত্মা গান্ধীয়ে নিজৰ আশ্ৰমৰ পৰা ২০০ মাইল দুৰত্বত থকা সাগৰৰ পাৰৰ দাণ্ডি নামৰ গাঁৱলৈ যাত্ৰা আৰম্ভ কৰি, তাত নিজ হাতে লোণ তৈয়াৰ কৰি, লোণ আইন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্ম ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মাই ৭৯ জন সতীৰ্থৰে দাণ্ডিযাত্ৰা আৰম্ভ কৰে। খোজকাঢ়ি ২০ দিনৰ মূৰত দাণ্ডিত উপস্থিত হৈ সাগৰৰ পৰা এডোখৰ লোণ তুলি, লোণ আইন ভংগ কৰে। গান্ধীৰ এই যাত্ৰাত ছৰ্দাৰ বল্লভভাই পেটেল আছিল অন্যতম। এই আন্দোলনৰ বাবে মহাত্মাক ৫ মেত গ্ৰেপ্তাৰ কৰে আৰু ছৰ্দাৰ বল্লভভাই পেটেলক তিনিমাহ কাৰাবৰণ আৰু অতিৰিক্ত ৫০০ টকা জৰিমনা কৰে। এই জৰিমনা দিবলৈ অস্বীকাৰ কৰাত তেওঁক অতিৰিক্তভাবে তিনি সপ্তাহ বেছিকৈ কাৰাবাস দিয়ে। ১৯৩১ চনত কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত ছৰ্দাৰ বল্লভভাই পেটেলে সভাপতিত্ব কৰে। দ্বিতীয় ঘুৰণীয়া মেজমেল অসফল হোৱাৰ পিছত ভাইচৰয় লৰ্ড ৱেলিংটনে ভাৰতবৰ্ষত কঠোৰ দমনমূলক নীতি আৰম্ভ কৰে। বৃটিছ চৰকাৰে কংগ্ৰেছত অবৈধ ঘোষণা কৰে আৰু লগে লগে নেতা সকলে আত্মগোপন কৰিবলৈ বাধ্য হয়। চৰকাৰে সেই সময়ত মহাত্মা গান্ধী আৰু ছৰ্দাৰ বল্লভভাই পেটেলক কাৰাৰুদ্ধ কৰে। ১৯৩৬-৩৭ চনত কংগ্ৰেছ পাৰ্লিয়ামেণ্টৰী শাখা কমিটীৰ চেয়াৰমেন নিযুক্ত হয় ছৰ্দাৰ বল্লভভাই পেটেল। ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইত বহা জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰত-ত্যাগৰ প্ৰস্তাৱ গৃহীত কৰে। ৯ আগষ্টৰ দিনা মহাত্মা গান্ধী, সৰোজিনী নাইডু, ছৰ্দাৰ বল্লভভাই পেটেল আদি নেতা সকলক গ্ৰেপ্তাৰ কৰা হয়। ১৯৪৬ চনত অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ ভাইচৰয়ে নেহৰুক আমন্ত্ৰণ জনায় আৰু ১২ ছেপ্টেম্বৰত নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰীত্বত ছৰ্দাৰ বল্লভভাই পেটেলে গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰে।<ref name="ছৰ্দাৰ বল্লভভাই পেটেল"/>
 
 
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==
*ভাৰত-ৰত্ন, (১৯৯১)
 
*লৌহ-মানৱ (উপাধি)
 
 
 
 
 
==মৃত্যু==
১৯৫০ চনৰ ১৫ ডিচেম্বৰত বোম্বাইত ছৰ্দাৰ বল্লভভাই পেটেলৰ পৰলোকপ্ৰাপ্তি ঘটে।
 
 
 
 
 
 
 
 
 
 
 
==তথ্য সংগ্ৰহ==