শ্ৰী শ্ৰী বটদ্ৰৱা থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

+YouTube
ত্ZWJ -> ৎ
44 নং শাৰী:
বৰদোৱা সত্ৰৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), [[মণিকূট]]সহ কীৰ্তন ঘৰ ([[নামঘৰ]]), [[সাঁচি গছ]], টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে৷ ১৯৮৫ চনতে [[অসম চৰকাৰ|অসম চৰকাৰে]] ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰিছিল। শংকৰদেৱৰ সময়ৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বটদ্ৰৱা থানৰ মুখ্য দ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধা-কৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাটি, চৰিয়া ইত্যাদি অন্যতম<ref name="amiasomiya"/>।
 
==প্ৰধান উত্‍সৱউৎসৱ / অনুষ্ঠান ==
বটদ্ৰৱা থানত দৈনন্দিন নাম-কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। শংকৰদেৱ - [[মাধৱদেৱ]] আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, [[ভাওনা]], [[অংকীয়া নাট]] আদি উদ্‌যাপন কৰা হয়<ref name="amiasomiya">{{cite web | url=http://www.amiasomiya.org/literature/articles/427-sep12-bordowa | title=শ্ৰী শ্ৰী বটদ্ৰৱা থান, ইয়াৰ অতীত অৰু বৰ্তমান | publisher=[[আমি অসমীয়া ডট কম]] | accessdate=নৱেম্বৰ ২৬, ২০১২ | author=ভৱ হাজৰিকা}}</ref>৷ ফাকুৱা উপলক্ষে বৰদোৱাত এখন মেলাও অনুষ্ঠিত কৰা হয়।