চাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ত্ZWJ -> ৎ
| -> ।
64 নং শাৰী:
{{প্ৰতিলিপি}}
 
আজি পৃথিৱীত কেঁচা সোনৰ দেশ বুলি অসমক এক সুকীয়া স্থানত বা আসনত অধিষ্ঠিত কৰিছে চাহ- জনগোষ্ঠীয়ে | ভিন্ন ভিন্ন ঠাইৰ সংস্কৃতিক পৰিবেশৰ পৰা অহা এই শ্ৰমিকখিনিয়ে একেধৰণৰ জীৱন নিৰ্ব্বাহ প্ৰণালীৰ মাজেৰে এক নতুন জনগোষ্ঠীৰ জন্ম দি অসমৰ চাহ জনগোষ্ঠী বা চাহ জনজাতি নামে পৰিচিত হয়গৈ | চাহ বাগিচাবোৰত মতা-মাইকীৰ কামৰ কোনো প্ৰভেদ নাই | যদিও পাত ছিঙা কাম কেৱল মহিলাৰহে, বৰ্তমান উভয়ে পাত ছিঙা কাম কৰে | ওখ শিৰীষৰ কোমল ছায়াতে বিকশিত হয় সেই চাহ গছবোৰ আৰু যেতিয়া চাহ পাত ছিঙাৰ সময় আহি পৰে, এটি কলি দুটি পাত(One Bud and Two Leave) নিয়মেৰে চাহ গছৰ পাত ছিঙাৰ পদ্ধতি | চাহ পাত ছিঙাৰ সময়ত মহিলা বা পুৰুষ উভয়ে পিঠিত মস্ত একোটা বাঁহৰ টুকুৰী ৰছীৰে বান্ধি মূৰত ওলোমাই লৈ এটি কলি, দুটি পাত প্ৰণালীৰে মাত্ৰ কুমলীয়া পাত ছিঙি , টুকুৰীবোৰ ভৰাই পেলায় | এঠাইত পাত ছিঙা শেষ হলে আন এঠাইত পাত ছিঙিবলৈ লয় | এনেদৰে চাহ বাগিছাত পাত ছিঙাৰ নিয়ম | এই দৰে ছিঙা পাতবোৰ ফেক্টৰীৰ ওচৰতে কেইবাখলপীয়া(Different Levels) কৈ সাজি থোৱা পাত ঘৰলৈ(Leaf House) আনি পাতবোৰ শুকাবলৈ সমানকৈ মেলি দিয়া হয় | এই ধৰনৰ পাত শুকুৱা নিয়মক Natural weathering system বোলা হয় | বৰ্ত্তমান Trough Weathering system(Mechanical weathering system) ৰ দ্বাৰাই চাহপাত শুকুৱাৰ ব্যৱস্থা কৰা হৈছে | Trough Withering system মানে কয়লা বা গেছ ব্যৱহাৰ কৰি গৰম বতাহেৰে কেঁচা পাতখিনিৰ আৰ্দ্ৰতা(Moisture) খিনি শুকুৱাই লোৱা হয় | এই নিয়মত আঠ-ন ঘন্টাৰ ভিতৰত চাহপাত তৈয়াৰ কৰিব পৰা হয় | Orthodox চাহৰ বাবে শুকাই লেৰেলি যোৱা পাতবোৰ কলঘৰৰ (Factory rolling machine)ত ভৰাই দি পাতবোৰ মোহাৰি পেলোৱা হয় | C.T.C চাহ প্ৰস্তুত কৰিবৰ কাৰণে তেনেকৈ C.T.C machine ত পাত বিলাক ভৰাই দিয়া হয় য’ত পাতখিনি কাটি গুড়া কৰি পেলায় | ইয়াৰ পাচত পাতৰ সেউজীয়া ৰঙৰ পৰা Copper ধৰনৰ ৰংটো অনাৰ বাবে Fermenting room বোলা কোঠালৈ চাহপাতখিনি অনা হয় | Fermenting room টো যথেষ্ট আহল-বহল ঠাণ্ডা, ৰ’দ নপৰা হয়, এই কোঠালীৰ পকাৰ মজিয়াত সেই চাহপাত Orthodox বা C.T.C য়ে হওক সমানকৈ মেলি দিয়া হয় | দুঘন্টাৰ পৰা আঢ়ৈ ঘন্টাৰ ভিতৰত Copper ৰংটো অহাৰ লগে লগে Dryer ত তাপ দি চাহপাত Orthodox বা C.T.C তৈয়াৰ কৰা হয় |
চাহপাত তৈয়াৰ হোৱাৰ পিচত Sorting বা Grading কৰা হয় | অৰ্থাৎচাহপাত অনুযায়ী বেলেগ বেলেগ ভাগ কৰা হয় | ইয়াৰ পাচত Plywood ৰে সজোৱা সৰু, ডাঙৰ বাকচত, বৰ্তমান Jute Bag ত তৈয়াৰী চাহপাতবোৰ ভৰাই ভালদৰে মোহৰ মাৰি নিলাম কেন্দ্ৰলৈ পঠিওৱা হয় | অসমত পোন প্ৰথমে Orthodox ৰ প্ৰচলন আৰু চাহিদাও যথেষ্ঠ আছিল, পিচলৈ C.T.C চাহৰ প্ৰচলন হয় | বৰ্তমান Green Tea আৰু লগতে মানুহৰ চখ অনুযায়ী অসমত অনেক সুগন্ধিযুক্ত চাহ তৈয়াৰ হ’ব লাগিছে | বৰ্তমান "আছাম টি" য়ে ভাৰতত নালাগে, বিদেশতো যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে | অসমৰ চাহ খেতিয়ক সকলৰ অসীম চেষ্টা-প্ৰচেষ্টাতে অসমৰ চাহ শিল্পলৈ নিতৌ এক নতুনত্ব আহি আছে | চাহ গছৰ পাতেৰে তৈয়াৰ কৰা চাহ- ইংৰাজী ভাষাত "টি"(Tea), অসমীয়া ভাষাত "চাহ" বেংগলত "চা" উত্তৰ ভাৰতত "চাই"(Chai) কে ধৰি বিভিন্ন ঠাই অনুসৰি বেলেগ বেলেগ নামেৰে পৰিচিত |
চাহে অচল দেহাক যথেষ্ঠ পৰিমানে শক্তি দিয়ে | এপিয়লা চাহতেই যেন একোজনৰ জীৱন | যি কাৰণে চাহক সঞ্জীৱনী বুলিও কোৱা হয় | মানুহৰ দেহৰ হৃদপিণ্ড, মগজু সক্ৰিয় কৰাৰ লগতে মূৰৰ কামোৰণি, পানীলগা, ডিঙিৰ চেৰচেৰনি, বিষ আদিতো বিশেষভাৱে সহায় কৰে | বৰ্তমান জনপ্ৰিয়তা লাভ কৰা সেউজীয়া চাহে(Green Tea) অনেক অসুখত ঔষধিৰূপেও কাম কৰে | বৰ্তমান কৰ্কট ৰোগ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত চাহক মহৌষধি বুলি কোৱা হৈছে | বিয়া-বাৰু, সকলো ধৰনৰ উৎসৱ-পাৰ্বণত, সকাম-নিকাম, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত, দোকান-পোহাৰ, মেল-মিটিঙকে ধৰি প্ৰতি কথাতে চাহকাপৰ বিশেষ প্ৰয়োজন হয় | অতিথিপৰায়নৰ ক্ষেত্ৰটো চাহ কাপ যচাটো শিষ্টাচাৰৰ নিদৰ্শন বুলিয়েই ধৰা হয় | এইবোৰৰ বাদেও শীতৰ দিনত চাহকাপ খোৱাৰ আমেজেই বেলেগ | ই ঠেৰেঙা লগা শৰীৰলৈ অফুৰন্ত শক্তি সঞ্চাৰ কৰে | দিনে দিনে চাহৰ চাহিদা বঢ়াৰ লগতে অসমত আজি যথেষ্ঠ লোকে চাহ উদ্যোগত মন-প্ৰান দি অসমৰ চাহৰ জনপ্ৰিয়তা আৰু হেজাৰ গুণে বঢ়োৱাৰ লগতে অসমৰ চাহ খেতিয়ে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে|হৈছে।
{{-}}
"https://as.wikipedia.org/wiki/চাহ"ৰ পৰা অনা হৈছে