শৰীৰস্থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :uz:Anatomiya
| -> ।
2 নং শাৰী:
শৰীৰস্থান (এনাটমী) হৈছে জীৱৰ শৰীৰৰ আভ্যন্তৰীণ গঠন, তন্ত্ৰসমূহৰ অৱস্থান আদিৰ বিষয়ে কৰা অধ্যয়ন। ই জীৱবিদ্যা আৰু ভেষজ বিদ্যাৰ এটা ভাগ। এনাটমী শব্দটো গ্ৰীক এনাটমীয়া শব্দৰ পৰা আহিছে যাৰ মূল অৰ্থ হ’ল ana: পৃথক কৰা আৰু temnein: কাটি চোৱা। মানৱ শৰীৰ বিদ্যা, প্ৰাণী শৰীৰ বিদ্যা আৰু উদ্ভিদ শৰীৰ বিদ্যা ইয়াৰ অন্তৰ্গত। ভ্ৰুণবিদ্যা, তুলনামুলক শৰীৰস্থান, তুলনামুলক ভ্ৰুণবিদ্যা আদিও ইয়াৰ লগত জড়িত বিভাগ <ref name="intro HGray">{{cite web | url=http://www.bartleby.com/107/1.html| title= Introduction page, "Anatomy of the Human Body". Henry Gray. 20th edition. 1918| accessdate = 19 March 2007}}</ref>।
 
শৰীৰস্থানক "সম্যক শৰীৰস্থান"( gross anatomy/macroscopic anatomy) আৰু "আণুবীক্ষণিক শৰীৰস্থান"(microscopic anatomy) এই দুটা ভাগত ভগাব পাৰি <ref name="intro HGray" />। সম্যক শৰীৰস্থান (ইয়াক স্থানীয় শৰীৰস্থান আৰু এনথ্ৰ’প’টমী বুলিও কোৱা হয়, topographical anatomy, regional anatomy, anthropotomy) হৈছে খালী চকুৰে দেখা পোৱা শৰীৰৰ অংগবোৰৰ অধ্যয়ন <ref name="intro HGray" />। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত শৰীৰৰ সূক্ষ্ম গঠনৰ অধ্যয়নকে আণুবীক্ষণিক শৰীৰস্থান বুলি ক’ব পাৰি। [[কলাবিদ্যা]] (histology, শৰীৰৰ কলাসমূহৰ বিন্যাস সম্পৰ্কে অধ্যয়ন) আৰু [[কোষ বিদ্যা]] (Cell biology/cytology, কোষসমূহৰ অধ্যয়ন) ইয়াৰ অন্তৰ্গত |
[[শৰীৰস্থানৰ ইতিহাস]] চালে সময়ৰ লগে লগে শৰীৰৰ [[অংগ]] আৰু গঠন সম্পৰ্কীয় জ্ঞানৰ দ্ৰুত বিকাশ চকুত পৰে। পুৰণি কালৰ [[জন্তু]] আৰু মৃত মানৱ শৰীৰ কাটি-ছিঙি পৰীক্ষা কৰা উপায়বোৰো বিংশ শতিকাৰ প্ৰযুক্তিগত জটিল কৌশল যেনে [[ৰঞ্জন ৰশ্মি|এক্স ৰে’]], [[আলট্ৰাচাউণ্ড]], [[এম.আৰ.আই.]] আদিৰ উত্থানৰ ফলত ক্ৰমাৎ নোহোৱা হৈ পৰিছে |
 
শৰীৰস্থানক [[শৰীৰ ৰোগতত্ব]] (anatomical pathology)ৰ লগত ভুল কৰিব নালাগে, এই বিষয়টো হৈছে ৰোগগ্ৰস্ত অংগৰ সম্যক আৰু আণুবীক্ষণিক অধ্যয়ন।
"https://as.wikipedia.org/wiki/শৰীৰস্থান"ৰ পৰা অনা হৈছে