গাং‍মৌ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: '''গাং‍মৌ থান''' হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা ...
(কোনো পাৰ্থক্য নাই)

17:36, 9 January 2013ৰ সংস্কৰণ

গাং‍মৌ থান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এখন থান। এই থান অসমৰ বিহালীৰ বৰগাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলীত অৱস্থিত।

ইতিহাস

মহাপুৰুষ শংকৰদেৱৰ তীৰ্থভ্ৰমণ সময়ত অসমৰ বিভিন্ন ঠাইত থাকি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। সেই স্থানবোৰত কালক্ৰমত কিছুমান সত্ৰ, মঠ-মন্দিৰ ইত্যাদিৰ গঢ় লৈ উঠিছিল। এনে এখন থান হ’ল গাংমৌ থান।

শংকৰদেৱ গাং‍মৌ থানলৈ প্ৰকৃততে কিমান চনত আহিছিল, সেই বিষয়ে কোনো তথ্য পোৱা নাযায়। বৰদোৱা গুৰু চৰিতৰ মতে তেওঁ আনুমানিক ১৪৩৮ শক অৰ্থাৎ ১৫১৬ চনত গাংমৌ থানলৈ আহিছিল। লক্ষ্মীনাথ বেজবৰুৱামহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে, শংকৰদেৱ গাংমৌত ৭ বছৰ ৬ মাহ আছিল। স্থানীয় মৌখিক কিংবদন্তীৱ মতেও শংকৰদেৱ গাংমৌত ৭ বছৰ ৬ মাহ কাল আছিল। কথা গুৰু চৰিতৰ মতে, গাংমৌত শংকৰদেৱ চাৰে পাঁচ বছৰ আছিল। কিন্তু কায়স্থ সমাজৰ ইতিবৃত্তত শংকৰদেৱে ১৪৩২ শক অৰ্থাৎ ১৫১০ চনত গাংমৌ এৰা বুলি পোৱা যায়। গতিকে শংকৰদেৱ গাংমৌলৈ অহা আৰু গাংমৌ এৰাৰ সঠিক সময়ৰ বিষয়ে এতিয়াও ভালকৈ জনা নাযায়।

গাংমৌ থানৰ নিৰ্মাণ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ