গাং‍মৌ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''গাং‍মৌ থান''' হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা ...
 
7 নং শাৰী:
 
== গাংমৌ থানৰ নিৰ্মাণ==
শংকৰদেৱে প্ৰতিষ্ঠা কৰা গাংমৌ থানখন আনুমানিক ১৯২৭-২৮ চনমানতে খহনীয়াৰ ফলত [[ব্ৰহ্মপুত্ৰ]]ৰ বুকুত জাহ যায়। এই থানখন প্ৰথমতে খেৰৰে নিৰ্মাণ কৰা হৈছিল। পিছত এই খেৰৰ থানখন স্থানীয় ৰঘূবী ছেত্ৰী নামৰ এজন নেপালী বৈষ্ণৱ গো-পালকে [[তেজপুৰ]]ৰ পৰা টিনপাত আনি নতুনকৈ নিৰ্মাণ কৰি দিছিল বুলি শুনা যায়।
 
==সাম্প্ৰতিক কালৰ গাংমৌ থান==
[[শংকৰদেৱ]]ৰ বাসগৃহ বুলি প্ৰবাদ থকা ওখ ঠাইখিনিত বৰ্তমান প্ৰায় একলাখতকৈও অধিক টকা ব্যয় কৰি গাংমৌ থানখন নতুনকৈ নিৰ্মাণ কৰা হয়। ১৯৮১ চনৰ ১৬ জুলাইত এই নৱনিৰ্মিত গাংমৌথানখন প্ৰতিষ্ঠা কৰা হয়। এতিয়া শংকৰদেৱৰ স্মৃতি জড়িত থকা কোনো বস্তু নাই। স্থানীয়ভাৱে পোৱা এটা শিলৰ মূৰ্তিকে শংকৰদেৱৰ সময়ৰ বুলি ভাবি ৰাইজে ইয়াত সংৰক্ষণ কৰি ৰাখিছে।
 
==তথ্য সংগ্ৰহ==