গাং‍মৌ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''গাং‍মৌ থান''' হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এখন থান। মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ|শংকৰদেৱ]]ৰ তীৰ্থভ্ৰমণ সময়ত [[অসম]]ৰ বিভিন্ন ঠাইত থাকি [[বৈষ্ণৱ ধৰ্ম]] প্ৰচাৰ কৰিছিল। সেই স্থানবোৰত কালক্ৰমত কিছুমান সত্ৰ, মঠ-মন্দিৰ ইত্যাদিৰ গঢ় লৈ উঠিছিল। এনে এখন থান হ’ল গাংমৌ থান। এই থান [[অসম]]ৰ বিহালীৰ বৰগাং আৰু [[ব্ৰহ্মপুত্ৰ নদী]]ৰ সংগমস্থলীত অৱস্থিত।
 
==ইতিহাস==
শংকৰদেৱ গাং‍মৌ থানলৈ প্ৰকৃততে কিমান চনত আহিছিল, সেই বিষয়ে কোনো তথ্য পোৱা নাযায়। ''বৰদোৱা গুৰু চৰিত''ৰ মতে তেওঁ আনুমানিক ১৪৩৮ শক অৰ্থাৎ ১৫১৬ চনত গাংমৌ থানলৈ আহিছিল।
মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ|শংকৰদেৱ]]ৰ তীৰ্থভ্ৰমণ সময়ত [[অসম]]ৰ বিভিন্ন ঠাইত থাকি [[বৈষ্ণৱ ধৰ্ম]] প্ৰচাৰ কৰিছিল। সেই স্থানবোৰত কালক্ৰমত কিছুমান সত্ৰ, মঠ-মন্দিৰ ইত্যাদিৰ গঢ় লৈ উঠিছিল। এনে এখন থান হ’ল গাংমৌ থান।
 
===শংকৰদেৱ গাংমৌলৈ অহাৰ কাৰণ===
শংকৰদেৱ গাং‍মৌ থানলৈ প্ৰকৃততে কিমান চনত আহিছিল, সেই বিষয়ে কোনো তথ্য পোৱা নাযায়। ''বৰদোৱা গুৰু চৰিত''ৰ মতে তেওঁ আনুমানিক ১৪৩৮ শক অৰ্থাৎ ১৫১৬ চনত গাংমৌ থানলৈ আহিছিল। [[লক্ষ্মীনাথ বেজবৰুৱা]]ৰ ''মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ'' নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে, শংকৰদেৱ গাংমৌত ৭ বছৰ ৬ মাহ আছিল। স্থানীয় মৌখিক কিংবদন্তীৱ মতেও শংকৰদেৱ গাংমৌত ৭ বছৰ ৬ মাহ কাল আছিল। ''কথা গুৰু চৰিত''ৰ মতে, গাংমৌত শংকৰদেৱ চাৰে পাঁচ বছৰ আছিল। কিন্তু ''কায়স্থ সমাজৰ ইতিবৃত্ত''ত শংকৰদেৱে ১৪৩২ শক অৰ্থাৎ ১৫১০ চনত গাংমৌ এৰা বুলি পোৱা যায়। গতিকে শংকৰদেৱ গাংমৌলৈ অহা আৰু গাংমৌ এৰাৰ সঠিক সময়ৰ বিষয়ে এতিয়াও ভালকৈ জনা নাযায়।
চৰিত পুথিসমূহত শংকৰদেৱ গাংমৌলৈ কিয় আহিছিল তাৰ বিষয়ে কিছু কথা উল্লেখ আছে। ''শিৰোমনি ভূঞা'' হোৱাৰ পাছত শংকৰদেৱে কিছুদিনৰ বাবে তীৰ্থভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল। সেইকেইদিনৰ বাবে তেওঁ শিৰোমনি ভূঞাৰ বাব পিতামহ জয়ন্তৰ হাতত দি থৈ গৈছিল। তীৰ্থযাত্ৰাৰপৰা ঘূৰি আহি তেওঁৰ মন ৰাজ্যচৰ্চাতকৈ ধৰ্মচৰ্চাতহে মনোযোগ দিছিল। সেইসময়ত নিকটৱৰ্তী কছাৰী ৰজাই ভূঞা ৰাজ্য আক্ৰমণ কৰে। ফলত ভূঞা ৰাজ্য সংকটৰ সন্মুখীন হয়। এনে পৰিস্থিতিত তেওঁ ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰপাৰৰ গাংমৌলৈ আহি ধৰ্ম চৰ্চা কৰাতহে মনোযোগ দিয়ে। সেই সময়ত সমগ্ৰ অঞ্চলটোৰ নাম গাংমৌ আছিল। শংকৰদেৱৰ লগত তেওঁৰ দ্বিতীয় পত্নী [[কালিন্দী]], দুই পিতামহ জয়ন্ত-মাধৱ আৰু পৰিয়ালৰ অন্য সদস্যসকলো গাংমৌলৈ আহিছিল।
 
== গাংমৌ থানৰ নিৰ্মাণ==