অশোক স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
== '''অশোক স্তম্ভ''' ==({{lang-en|Emblem of India}})
সম্রাট অশোকে উত্তৰ প্রদেশৰ সাৰনাথত নির্মাণ কৰোৱা প্রসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীর্ষত থকা যৌথ 'সিংহমূর্ত্তি' । স্তম্ভটোৰ শীর্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূর্ত্তি আছে । এই শিলৰ মূর্ত্তিটোকে ভাৰতৰ ৰাষ্ট্রীয় প্রতীকৰূপে গ্রহণ কৰা হৈছে ।
 
==অবয়ৱ==
অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিচফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে । একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীর্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে । এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্রতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোৰাঁ , এটা ষাঁড় গৰু আৰু এটা সিংহ । চাৰিটা চক্রই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে । এই চক্রৰ নাম অশোক চক্র বা ধর্ম চক্র । ২৪ ডাল দাণ্ডি থকা অশোক চক্রই ভাৰতৰ ৰাষ্ট্রীয় পতাকাতো ঠাই পাইছে । ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্রৰ ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দর্শনৰ ২৪টা আর্দশক বুজায় ।
 
==ইতিহাস==
সম্রাট অশোকে নিজৰ বৌদ্ধ ধর্মাৱলম্বী পত্নী সম্রাজ্ঞী বিদিশা দেৱীৰ পৰামর্শক্রমে