অশোক স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
No edit summary |
||
7 নং শাৰী:
==ইতিহাস==
সম্রাট অশোকে নিজৰ বৌদ্ধ ধর্মাৱলম্বী পত্নী সম্রাজ্ঞী বিদিশা দেৱীৰ পৰামর্শক্রমে সাৰনাথৰ যিখন ঠাইত গৌতম বুদ্ধই প্রথম দীক্ষা দিছিল তাক যুগমীয়া কৰা তথা চিহ্নিত কৰাৰ উদ্দ্যেশ্যৰে ঠাইডোখৰত স্তম্ভ স্থাপন কৰাৰ লগতে বৌদ্ধ সংঘ প্রতিষ্ঠা কৰিছিল ।
১৯০৫ চনত পুৰাতত্ব বিভাগৰ খননত এই অশোক স্তম্ভটো উদ্ধাৰ হয় । ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্রীয় প্রতীকৰূপে গ্রহণ কৰে । প্রতীকটোত সিংহ তিনিটাৰ উপৰিও তলৰ সোমাজত অশোক চক্র ; চক্রটোৰ সোফালে এটা ষাড়ঁ আৰু বাওঁফালে এটা ঘোৰাঁ দেখা যায় । ৰাষ্ট্রীয় প্রতীকটোত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদদি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা "সত্যমেৱ জয়তে" (সত্যৰ সদায় জয় ) কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছে ।
মূল অশোক স্তম্ভটোক সাৰনাথৰ যাদুঘৰত সংৰক্ষণ কৰা হৈছে । ইয়াৰ উচ্চতা ২ মিটাৰৰো অধিক ।
ভাৰত চৰকাৰে প্রতীকৰূপে ব্যৱহাৰ কৰা এই স্তম্ভটো কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ।
|