বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
40 নং শাৰী:
ব’হাগ বিহুত বজোৱা লোকবাদ্যসমুহৰ ভিতৰত ঢোলৰ পাচতে পেঁপা<ref name="সাদিন"/>। বিহু সংস্কৃতিৰ বৰঘৰত ম’হৰ শিঙৰ পেঁপাটো লাইখুটা স্বৰূপ। ম’হৰ শিঙৰ পেঁপাত সুৰৰ লহৰ তুলিবলৈ বিজুলী বাঁহৰ আগৰ পৰা চাৰি আঙুলমানৰ এপাব কাটি তাত বিন্ধনাৰে চাৰিটা বিন্ধা উলিয়াই লোৱা হয় । ইয়াক পেপাৰ নলীচা বোলা হয়। এই নলীচা ডালৰ এফালে নল আৰু এফালে গাঁঠি থকা পাব এটা পাতলকৈ ফালি "চুপহি" সাজি মুখেৰে ফুঁ দি বজোৱা হয়। এই চুপহিৰ ফলা অংশ মুখেৰে ফুঁ দিলে পেঁ কৈ বাজি উঠে আৰু সেই শব্দক নলীচাৰ বিন্ধা কেইটাৰ সহায়ত - "টিহিঁটি-টিটলৌ- টিঁহিটি ৰম ৰম” সুৰৰ লহৰি তোলা হয়। ম’হৰ শিঙত পেঁপা বজোৱাৰ এটা বৈশিষ্ট্য হৈছে-পেঁপা বজাওঁতে মাজত যতি নপৰে । অৰ্থাৎপেঁপা বজাই থাকোতে এক বিশেষ কৌশলেৰে উশাহ ঘূৰাই পেঁপাবাদন বন্ধ নকৰাকৈ বজোৱা হয়। বিহুত এৰাব নোৱাৰা এইবিধ বাদ্য কেৱল পুৰুষেহে বজোৱাৰ নিয়ম। বিহুৰ উপৰিও ম’হৰ শিঙৰ পেঁপা অতীতত ম’হৰ পিঠিত উঠি গৰু, ম’হ চৰাওঁতে গৰখীয়া সকলেও বজাইছিল।
 
===গগণা===
[[File:গগনা বজাই থকা দুজনী বিহু নাচনী।.JPG|thumb|left|গগনা বজাই থকা দুজনী বিহু নাচনী।]]
{{Main|গগণা}}