ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

The file Image:Opaja_Sonar_Mati.jpg has been removed, as it has been deleted by commons:User:INeverCry: ''missing license as of 2 November 2012''. ''Translate me!''
+image
44 নং শাৰী:
}}
১৯৫৬ চনত মুক্তিপ্ৰাপ্ত ভ্ৰাতৃ নিপ বৰুৱাৰ প্ৰথম কথাছবি '[[স্মৃতিৰ পৰশ]]'ৰ সঙ্গীত পৰিচালক ৰূপে ব্ৰজেন বৰুৱাই অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিখনত দুটা হিন্দী গীতো সংযোগ কৰা হয়। গীত দুটা লিখিছিল [[বীৰেন্দ্ৰনাথ দত্ত|ডঃ বীৰেন্দ্ৰনাথ দত্তই]]। ছবিখনৰ গীতে জনপ্ৰিয়তা লাভ কৰে। তেখেতৰ সঙ্গীত পৰিচালনা কৰা আন এখন ছবি '[[মাক আৰু মৰম]]'তো দুটা হিন্দী গীত অন্তৰ্ভূক্ত কৰা হয়। সম্ভৱতঃ সেই সময়ত হিন্দী ছবিৰ জনপ্ৰিয়তালৈ চাই ব্যৱসায়িক দৃষ্টিভঙ্গীৰে এনে কৰা হৈছিল। তেখেতে মুঠ নিজে পৰিচালনা কৰা ছবিকে ধৰি মুঠ আঠখন ছবিৰ সঙ্গীত পৰিচালনা কৰে। 'এই মাটিতে মৰো যদি' (লাচিত বৰফুকন), 'ওপজা সোণৰ মাটি' (লাচিত বৰফুকন), 'এই জোন জোনালী থুপি থুপি তৰালি' (আমাৰ ঘৰ), 'চঞ্চল অনুৰাগে' (ভক্ত প্ৰহ্লাদ), 'সুন্দৰ শ্যাম' (নৰকাসুৰ), আদি ব্ৰজেন বৰুৱাই সুৰাৰোপ আৰু সঙ্গীত পৰিচালনা কৰা কথাছবিৰ গীতবোৰৰ মাজেদি তেখেতৰ সঙ্গীতৰ বৈচিত্ৰ আৰু আধুনিক গঠন অনুভৱ কৰিব পাৰি। কথাছবিৰ আৱহ সঙ্গীত ৰচনা কৰাৰ ক্ষেত্ৰত তেখেতে গতানুগতিকতাৰ পৰা আঁতৰি গৈ নাটকীয় পৰিস্থিতিসূচক ভিন্নসুৰী সঙ্গীত প্ৰয়োগ কৰিবলৈ যত্নৱান হৈছিল<ref name="Tafajjul" />।
[[চিত্ৰ:ডক্তৰ বেজবৰুৱা ছবিৰ পোষ্টাৰ.jpg|thumb|right|150px|[[ডক্তৰ বেজবৰুৱা ]] ছবিখনৰ পোষ্টাৰ]]
১৯৬৩ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া কমেডী ছবি [[ইটো সিটো বহুতো]] ছবিখনৰ যোগেদি বৰুৱাই পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। এই ছবিখনত [[চাৰ্লি চেপলিন]] শৈলীৰ প্ৰভাৱ পৰিছিল<ref name="Nayan">{{cite journal | title=লতাশিলৰ বিস্ময় | author=নয়ন প্ৰসাদ | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>। তেখেতৰ দ্বিতীয় ছবি [[ডক্তৰ বেজবৰুৱা]]। সেই সময়ত অসমীয়া কথাছবি [[কলকাতা|কলকাতাৰ]] ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল। বৰুৱাৰ প্ৰথম ছবিখনো কলকাতাৰ ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল যদিও তেখেতে [[জ্যোতিপ্ৰসাদ আগৰৱালা|জ্যোতিপ্ৰসাদৰ]] নিচিনা অসমতে ইনডোৰ শ্বুটিং কৰি ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি তেখেতে 'ডক্তৰ বেজবৰুৱা'ৰ চিত্ৰনাট্য যুগুত কৰি উলিয়ালে। তেখেতে এই চিত্ৰনাট্যখন ৩৭ জন ব্যক্তিক পঢ়ি শুনাইছিল আৰু সকলোৰে লগত আলোচনা কৰি চিত্ৰনাট্যখনৰ পৰিমাৰ্জন কৰিছিল<ref name="Ishan"/>। কলকাতাৰ কলা-কুশলীৰ সলনি তেখেতে স্থানীয় মঞ্চ আৰু অন্যান্য অনুষ্ঠানত কাম কৰি থকা কিছুমান ডেকাল'ৰাক শিকাই বুজাই ছবিখনৰ বিভিন্ন দায়িত্ব অৰ্পন কৰিলে। বৰুৱাৰ এই দুটা বৈপ্লৱিক সিদ্ধান্তৰ বাবেই পৰৱৰ্তী পৰ্যায়ত কোনো অসমীয়া প্ৰযোজক-পৰিচালক অসমীয়া ছবিৰ ইনডোৰ শ্বুটিঙৰ বাবে কলকাতালৈ যোৱা নাই আৰু অসমীয়া ছবি জগতত স্থানীয় কলা-কুশলীক লৈ ছবি নিৰ্মাণ কৰাৰ প্ৰথা আৰম্ভ হয়। ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনৰ গীতবোৰো যথেষ্ঠ জনপ্ৰিয় হয়। মুক্তিৰ লগেলগে ছবিখন চাবলৈ অভিলেখ সংখ্যক দৰ্শকে চিত্ৰগৃহত ভিৰ কৰে। ছবিখনে অসমীয়া বিনোদন ছবিৰ ভেটী শক্তিশালী কৰিলে। সেয়েহে ডক্তৰ বেজবৰুৱা অসমীয়া ছবিজগতত এটা মাইলৰ খুটি ৰূপে চিহ্নিত হৈ ৰ’ব<ref name="Ishan"/><ref name="Nayan"/>।
[[চিত্ৰ:ডক্তৰOpaja বেজবৰুৱাSonar ছবিৰ পোষ্টাৰMati.jpg|thumb|right|190px150px|[[ডক্তৰওপজা বেজবৰুৱাসোনৰ মাটি]] ছবিখনৰ পোষ্টাৰ]]
 
'ডক্তৰ বেজবৰুৱা'ৰ যোগেদি অসমৰ দুগৰাকী সংগীত প্ৰতিভাৰ উন্মেষ ঘটিছিল। তাৰে এগৰাকী হ'ল সংগীত পৰিচালক [[ৰমেন বৰুৱা]] আৰু আনগৰাকী হ'ল অসমীয়া ছবিৰ সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক [[দ্বীপেন বৰুৱা]]। দুয়োগৰাকী তেখেতৰ ভাতৃ। দ্বীপেন বৰুৱাৰ আৱিষ্কাৰ হৈছিল নাটকীয়া ভাবে। দ্বীপেন আছিল এগৰাকী ক্ৰিকেট খেলুৱৈ। [[কোচবিহাৰ ট্ৰফি]], [[ৰঞ্জি ট্ৰফি]] খেলিছে। ইফালে ব্ৰজেন বৰুৱা 'ডক্তৰ বেজবৰুৱা'ৰ গীত গাবৰ বাবে এগৰাকী নতুন গায়কৰ সন্ধানত। এদিন দ্বীপেনে গা ধুই থাকোঁতে গীত গোৱা শুনিলে ব্ৰজেন বৰুৱাই। লগেলগে তেখেতে সিদ্ধান্ত ললে ভায়েকৰ হতুৱাই 'ডক্তৰ বেজবৰুৱা'ৰ গীত গোৱাব<ref name="Ishan"/><ref name="Nibharni" />।