বিছমিল্লাহ খান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
29 নং শাৰী:
 
==শিক্ষা==
বিছমিল্লা খানে সংগীত সাধনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। নিচেই সৰুকালতে শিল্পীগৰাকীয়ে চেহনাইৰ আদি পাঠ গ্ৰহণ কৰিছিল নিজৰ খুৰাক আলী বক্স বিলায়াতুৰ খানৰ পৰা। তেওঁ আহমদ হুছেইনৰ অধীনতো চেহনাই বাদনৰ শিক্ষা গ্ৰহণ কৰিছিল। বাৰাণসী বালজী মন্দিৰত চাৰে তিনিবছৰ বয়সত চেহনাই বাদনৰ শিক্ষাৰ পিছত তেওঁৰ জীৱনলৈ আহি পৰে এক বিশেষ পৰিবৰ্তন। তেওঁৰ গুৰু আছিল মামু। তেওঁ চেহনাই হাতত তুলি লোৱাৰ দিনাই সংকল্প কৰিছিল যে, তেওঁ জীৱনত কোনোদিন চেহনাই এৰি নিদিয়ে। চেহনায়ে তেওঁৰ জীৱন প্ৰাণ। সঁচাকৈয়ে বিছমিল্লাই মৃত্যুৰ আগমুহূৰ্তলৈকে চেহনাই বাদন কৰি পৃথিৱীত খ্যাতি ৰাখি গল। তেওঁ প্ৰায় সভা-সমিতিতে কৈছিল "মোৰ জন্ম হৈছে কেৱল চেহনাই সুৰৰ সৃষ্টি কৰিবলৈ।" চেহনাইক তেওঁ বিশ্ব দৰাবাৰত প্ৰতিষ্ঠা কৰিবলৈ জীৱন জুৰি সংগ্ৰাম চলাই গৈছিল। ১৯৩৭ চনত কলিকতাত (কলকাত) অনুষ্ঠিত হোৱা এক সৰ্বভাৰতীয় সংগীত সন্মিলনত তেওঁ চেহনাইত এনে এক ভূবন মোহিনী ঝংকাৰ তোলে, যি ঝংকাৰ ধ্বনিয়ে সীমিত গণ্ডীৰ পৰা ওলাই গৈ বহল পৃথিৱীত চেহনায়ে প্ৰথম খোজ পেলাবলৈ সক্ষম হয়। ইয়াৰ আগলৈকে চেহনাই নামৰ বাদ্যবিধ এসময়ত বাৰাণসীৰ বিশ্বনাথ মন্দিৰৰৰ চৌহদতে সীমাবদ্ধ আছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ আমন্ত্ৰণক্ৰমে লালকিল্লাত অনুষ্ঠিত হোৱা দেশৰ প্ৰথম গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিছমিল্লা খানক চেহনাই বাদন পৰিবেশন কৰিবলৈ আমন্ত্ৰন কৰা হৈছিল। সেইদিনা বিছমিল্লাই চেহনাই বাদন কৰি দেশী-বিদেশী বিদ্ধান সমাজৰ আদৰৰ পাত্ৰ হৈ পৰিছিল। নিজৰ অন্তিমটো জন্মদিবসত বিছমিল্লাই সংগীত পৰিবেশন কৰাৰ আশা কৰিছিল কিন্তু সেই আশা পূৰণ নহয়। বিশ্বৰ প্ৰায় ৫ হাজাৰ শ্ৰোতা-দৰ্শকক সমবেত কৰি দ্যা টিউন অৱ ইণ্ডিয়া শীৰ্ষক এক অনুষ্ঠানত বিছমিল্লাৰ চেহনাই বাদন কৰি অন্তিম আশা আছিল। সেই সময়ত মুম্বাইত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণ আৰু তেওঁৰ শাৰীৰিক অৱস্থা বেয়া হোৱাত, সেই অনুষ্ঠানত চেহনাই বাদনৰ আশা আশা হৈয়ে ৰল।<ref name="বিছমিল্লা খান"/>
এই কিংবদন্তি শিল্পীগৰাকীয়ে ইউৰোপ, আফগানিস্তান, কানাডা, ইৰাণ, ইৰাক,আমেৰিকা, ৰাছিয়া, জাপান, হংকং আদি বিশ্বৰ হেজাৰ হেজাৰ শ্ৰোতাক মুগ্ধ কৰিছে। জীৱন কালত বিছমিল্লা খানে আনুষ্ঠানিকভাবে নানা সন্মান লাভ কৰিছে। বেনাৰছ হিন্দু বিশ্ববিদ্যালয় আৰু শান্তিনিকেতনৰ ফালৰ পৰা তেওঁক সন্মানীয় ডক্টেৰেট উপাধি প্ৰদান কৰা হৈছিল। তেওঁক ৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ সন্মান সংগীত-নাটক অকাডেমী বঁটাৰে বিভূষিত কৰা হৈছিল। মধ্য প্ৰদেশ চৰকাৰে তেওঁক প্ৰদান কৰিছে শ্ৰেষ্ঠ সন্মান তানসেন বঁটা। ১৯৯৬ চনত তেওঁ এছীয় সংগীতানুষ্ঠান ৰোস্তম বঁটা লাভ কৰে। তেওঁ নেপাল অকাডেমী বঁটা লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্ম বিভূষণ উপাধিৰে সন্মানিত কৰে।<ref name="বিছমিল্লা খান"/>