মেলেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: '''মেলেৰিয়া''' ({{lang-en|Maleria}}) মেলেৰিয়াক সাধাৰনতে অতিপাত জ্বৰৰ এবিধ ...
(কোনো পাৰ্থক্য নাই)

15:22, 20 February 2013ৰ সংস্কৰণ

মেলেৰিয়া (ইংৰাজী: Maleria) মেলেৰিয়াক সাধাৰনতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায় । মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্র জীৱাণুৰ আক্রমণৰ ফলত এই ৰোগ হয় । মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্রমিত হয় । সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে । এই বীজাণুৰ দ্বাৰা আক্রান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্রন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্রমিত হয় ।(অণুবীক্ষণ যন্ত্রৰ সহায়ত আমি মেলেৰিয়াৰ বীজাণুবোৰ চাব পাৰো ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৱ গাত আৰু এছোৱা মহৰ গাত কটায় । যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয় । যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্রমিত কৰিব পৰা হয় । এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্রবেশ কৰে । তেনে ক্ষেত্রত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্রান্ত হয় । এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে ।

মেলেৰিয়াৰ লক্ষণ

মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে-

(১) শীতল অৱস্থা- এই অৱস্থাটো জাৱ জাৰ লগা ভাৱ,কঁপনি আৰু মূৰ কামুৰণিৰে আৰম্ভ হয় । ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে । আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে । এই অৱস্থাটো ১৫ মিনিট পৰা ১ ঘণ্টা পর্যন্ত্য চলিব পাৰে ।

(২) উষ্ঞ অৱস্থা - এই্ অৱস্থাত জ্বৰ ইমান বেচি হয় যে প্রচণ্ড উত্তাপ অনুভৱ কৰে আৰু গাৰ কাপোৰ পেলাই দিয়ে । ৰোগীৱ তীব্র মূৰ কামুৰণি হয় । মাজে মাজে ওকালি আহে আৰু বমিও হয় । এই অৱস্থা ১ ৰ পৰা ৬ ঘণ্টা পর্যন্ত্য থাকে । নাড়ীৰ স্পন্দন জোৰেৰে হয় । ৰোগীৰ খুব পিয়াঁহ লাগে ।

(৩) ঘর্মাক্ত অৱস্থা- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায় । ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুর্বল অনুভৱ কৰে । এই অৱস্থা ২ ৰ পৰা ৪ ঘণ্টা পর্যন্ত্য থাকে ।

মেলেৰিয়াৰ প্রকাৰ

পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আ????ছে । সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায় । এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্র বিধৰ মেলেৰিয়া) । ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্রেল মেলেৰিয়া (মস্তিস্ক সংক্রান্ত অতি তীব্রতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক । অতি শীঘ্রে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৱিব পাৰে । পূর্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্রাদুর্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে । শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে । আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে ।