অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
উদ্ধৃতি সজ্জা আদি
6 নং শাৰী:
[[File:ঢোলৰ সৈতে ঢুলীয়া.JPG|thumb|200px|ঢোলৰ সৈতে ঢুলীয়া]]
{{Main|ঢোল}}
ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি ক’লে বোধহয় ভুল নহব। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসবত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে । ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল । অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিছায়ক বুলিও ভবা হয়। <ref>{{cite web|url=http://www.anvesha.co.in/assamese/dhol_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==পেঁপা==
15 নং শাৰী:
বিহুত ব্যৱহৃত পেঁপাৰ প্ৰচলন তথা গঠন সম্পৰ্কে লিখিত বুৰঞ্জী বিচাৰি পোৱা নেযায়। জন-বিশ্বাসৰ মতে লুইতৰ পাৰত পৰি থকা মৃত মহৰ শিং এটা মলয়া বতাহত আপোনা আপুনি বাজি উঠাত,ক্ৰমান্বয়ে পৈনত হাতৰ পৰশত এটি বাদ্যৰূপে আত্ম প্ৰকাশ কৰে। পৰম্পৰাগত ভাবে মহ পালকে বজোৱা এই পেঁপা কালক্ৰমত কৃষিকাৰ্যত জড়িত চহা শিল্পীৰ হাতলৈ আহে আৰু এক পুৰ্ণাংগ লোকবাদ্যত পৰিণত হয়।
 
অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পেঁপা বিভিন্ন নামেৰে পৰিচিত, মিচিং সকলে ইয়াক ‘পেম্পা’ , ডিমাছা সকলে ‘সুৰি’ ,ৰাভাসকলে আৰু ‘ছিংগ্ৰা’ আৰু চাহ-জনজাতিসকলে ‘পেঁপাটি’ বুলি কয়। <ref>{{cite web|url=http://www.anvesha.co.in/assamese/pepa_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==টকা==
21 নং শাৰী:
[[File:টকা বাদ্য.JPG|thumb|100px|left|টকা বজাই থকা এজন বিহুৱা]]
অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য টকা।এই বাদ্যৰ ব্যৱহাৰো অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে অসমৰ চহা জীৱনত এই বাদ্যটি অতি সুলভ ।বিহু নামৰ প্ৰাথমিক তাল আছিল হাতচাপৰি, আৰু কালক্ৰমত হাচপৰিৰ চন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ’ল। টকা বিহুৰ এক অপৰিহাৰ্য্য অংগ।
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/toka_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==গগনা==
27 নং শাৰী:
{{Main|গগনা}}
গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতে ব্যৱহাৰ হোৱা এক হাৰ্প জাতীয় বাদ্যযন্ত্ৰ । এই হাৰ্পজাতীয় বাদ্য বিলাক অতি প্ৰাচীন বুলি জনা যায়, আৰু পৃথিবীৰ প্ৰায়বোৰ সভ্যতাতে এনে বাদ্যৰ প্ৰচলন দেখা পোৱা যায় । মুখত লৈ বজোৱাৰ বাবে ইয়াক একধৰণৰ Jaw Harp বোলাহে বেছি সমিচীন হব। গগনা অসমৰ মংগোলীয় জনগোষ্ঠী বিলাকৰ অবদান । অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গগনাক ভিন ভিন নামেৰে জনা যায়। গগনাৰ আকাৰ লৈ ইয়াক , ৰামধন গগনা, লিহিৰি গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায়, আৰু প্ৰত্যেক গগনাৰে মাত বেলেগ বেলেগ হয়। যিহেতু গগনা এবিধ এক-সুৰব্দ্ধ বাদ্য (Fix Tuned), ইয়াৰ মাতো স্থিৰ স্বৰমানৰ (Constant Pitch)। গগনাৰ মাত অতি সুৰীয়া সেয়েহে ই বিহু নাচনীৰ বৰ আদৰৰ বাদ্য । ওজা ঢুলীয়াৰ ঢোলৰ মালিতাত গগনাৰ উৎপত্তিৰ কাহিনী বৰ্ণন কৰাৰ লগতে, সৰস্বতী দেবীয়ে গগনা বাদন কৰে বুলি গোৱা হয়।
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/gogona_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==সুতুলি==
34 নং শাৰী:
 
সুতুলিৰ সৃষ্টি প্ৰাকঐতিহাসিক কালতে হৈছিল বুলি ভবাৰ থল আছে , বিভিন্ন প্ৰত্নতাত্বিক খননকাৰ্যত সুতুলীৰ দৰে বাদ্যৰ ভগ্নাৱশেষ পোৱা যায় । সুতুলিৰ আকাৰ আৰু সুৰলৈ চাই , চৰাইৰ মাতৰ অনুকৰণত সুতুলী নিৰ্ঙান কৰা হৈছিল বুলি ভাবিব পাৰি। সুতুলীৰ মাতত বৰষূণ আহে বুলিও [[অসমীয়া]] জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে।
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/xutuli_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==বাঁহী==
{{Main|বাঁহী (বাদ্য)}}
বাঁহীক সম্পুৰ্ণভাবে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ বুলি আভিহিত কৰিব নোৱাৰিলেও, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ , বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ । বৈষ্ণব সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। বাঁহীক অসমত মুৰুলী , বংশী, বেণু , বাঁশী, আদি বহু নামেৰে জনা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে । অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য । বাঁহীৰ উৎপত্তি চীন দেশত বুলি থাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন ।
<ref>{{cite web|url=http://www.anvesha.co.in/assamese/bahi_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==বীণ==
{{Main|বীণ}}
অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অন্যতম পৌৰাণিক বাদ্য বীণ। [[বিহু]]ত ব্যৱহাৰ হোৱা ৮ বিধ মুল বাদ্যৰ ভিতৰত বীনো এবিধ। বিহুৰ উপৰিও বৈৰাগী সকলে এই বাদ্য বজাই বিভিন্ন বিৰাগ ৰসৰ গীত গোৱা দেখা যায়। মাথো এডাল তাঁৰৰ বীণ, ভায়োলিনৰ দৰে ৰেপি ৰেপি বজোৱা এবিধ বাদ্যযন্ত্ৰ। নামৰ মিল থাকিলেও ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিভিন্ন বীণ বা বীণা সমুহৰ লগত এই অসমীয়া বীণ একেবাৰে পৃথক।<ref>{{cite web|url=http://www.anvesha.co.in/assamese/bin_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==ভোৰতাল==