ক্ৰিকেট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 97 interwiki links, now provided by Wikidata on d:q5375 (translate me)
No edit summary
17 নং শাৰী:
| olympic = [[১৯০০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক]]-ত এবাৰেই খেলা হৈছিল
}}
'''ক্ৰিকেট''' এবিধ '[[বেট]] আৰু [[বল]]ৰবলৰ খেল'। দুটা দলৰ ১১ জনকৈ সদস্যৰে এই খেল [[ক্ৰিকেট খেলপথাৰ]]ত খেলা হয়। খেলপথাৰৰ সোঁমাজত ২২ গজ দৈৰ্ঘৰ এক আয়তাকাৰ ক্ষেত্ৰ থাকে, যাক পিট্‌চ বোলা হয়। এটা দলৰ দুজনকৈ খেলুৱৈয়ে এটা সময়ত বেট ধৰে আৰু যিমান বেছিকৈ পাৰে [[ৰাণ]] সংগ্ৰহ কৰিবলৈ যত্ন কৰে, য'ত আনটো দলে বেট ধৰা কেইজনলৈ বল নিক্ষেপ কৰি 'আউট' কৰিবলৈ চেষ্টা কৰে, লগতে খেলপথাৰত আনটো দলৰ আটাইকেইজন সদস্যই ৰাণ সংগ্ৰহত বাধা দিবলৈ চেষ্টা কৰে। একোজন বেট ধৰোঁতাক আউট কৰিব পাৰিলে আন এজন খেলপথাৰলৈ আহে, এনেকৈ সেই দলৰ ১১ গৰাকী খেলুৱৈয়ে বেট ধৰিবলৈ সুযোগ পায়। বেট ধৰোঁতাজনে নিক্ষেপ কৰা বলটো বেটেৰে দূৰলৈ মাৰি পঠিয়াই পিট্‌চ আনটো মূৰলৈ দৌৰ মাৰি 'ৰাণ' ল'ব পাৰে। বলটো খেল পথাৰৰ এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাব পাৰিলে 'চাৰি' বা 'ছয়' সংখ্যক ৰাণো বেট ধৰোঁতাই সংগ্ৰহ কৰিব পাৰে। এটা দলে এনেদৰে বেট কৰা সময়খিনিক এটা '[[ইনিংছ]]' বোলা হয়। এটা ইনিংছ সমাপ্ত হোৱাৰ পাছত আনটো দলে নিজা ইনিংছ খেলিবলৈ সুযোগ পায়।
 
পেছাদাৰী ক্ৰিকেট প্ৰতিযোগিতা তিনিটা বিভাগত খেলোৱা হয়। 'টেষ্ট ক্ৰিকেট'ত দল এটাৰ ইংনিছ আটাইকেইজন বেট ধৰোঁতাক 'আউট' নকৰালৈকে চলি থাকে। অৱশ্যে বেট ধৰা দলটোৱে সকলো খেলুৱৈ আউট হোৱাৰ আগেয়েই 'ইংনিছ সমাপ্ত' বুলি ঘোষণা কৰিব পাৰে। টেষ্ট ক্ৰিকেট পাঁচদিনীয়া বা তিনিদিনীয়া হিচাপে খেলোৱা হয়। এদিনীয়া ক্ৰিকেটত এটা ইংনিছ এক নিৰ্দিষ্ট অ'ভাৰৰ সংখ্যাত সমাপ্ত কৰা হয়। বা, নিৰ্দিষ্ট অ'ভাৰ শেষ হোৱাৰ আগেয়েই বেট কৰি থকা দলটোৰ আটাইকেইজনক আউট কৰিব লাগে। এদিনীয়া ক্ৰিকেটত বৰ্তমান এটা দলক ৫০ অ'ভাৰকৈ খেলিবলৈ দিয়া হয়। শেহতীয়াকৈ 'টুৱেণ্টী২০' খেল আন্তৰ্জাতিক ভাৱে খেলোৱা হৈছে। এনে খেলত এটা দল ২০ অ'ভাৰৰ ইংনিছ এটা খেলিব লাগে। আটাইকেইটা ভাগতে বৰ্তমাৰ নিয়ম অনুসৰি এটা অ'ভাৰত ৬-টাকৈ শুদ্ধ বল নিক্ষেপন কৰিবলৈ দিয়া হয়। ক্ৰিকেটৰ আইন-কানুনবোৰ ক্ৰিকেটৰ আন্তৰ্জাতিক সংস্থা [[আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ]] '(International Cricket Council, ICC)' আৰু মেৰীলিব'ন ক্ৰিকেট ক্লাৱৰ (MCC)-ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।<ref>[http://www.lords.org/laws-and-spirit/laws-of-cricket/laws/ MCC – the official Laws of Cricket]. Retrieved 25 July 2009.</ref>
"https://as.wikipedia.org/wiki/ক্ৰিকেট"ৰ পৰা অনা হৈছে