ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

update
73 নং শাৰী:
তাৰ পিছত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি মানুহৰ আগ্ৰহৰ অভাৱত দীৰ্ঘ সময় ধৰি কাম-কাজৰ গতি স্থবিৰ হৈ পৰে। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়াৰ গোট এটাও মুকলি কৰা হয়। ছেগোছেৰোকাকৈ দুই-একে প্ৰবন্ধ লিখি থকাৰ ফলত ২০১০ চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধ সংখ্যা ২৫০ হয়। সেই সময়তে ভাৰতীয় ৱিকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে খাটি থকা অনা-অসমীয়া ৱিকিপিডিয়ান এজনৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়া পুনৰ সক্ৰিয় হৈ পৰে। সহায় পৃষ্ঠা, দৰকাৰী সাঁচ আৰু প'ৰ্টেলসমূহৰ কাম-কাজো আৰম্ভ হয়।
 
২০১১ চনৰ ১০ চেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৬০০ টা হয় আৰু ২০১২ চনৰ ৭ জানুৱাৰীত ১০০০টা হয়। ২০১২ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ক্ৰমে গুৱাহাটী আৰু তেজপুৰত দুখন ৱিকিপিডিয়া কৰ্মশালা অনুষ্ঠিত হয়। ২০১২ চনৰ জুন মাহত অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তী অনুষ্ঠান উদ্‌যাপন কৰা হয়। অক্টোবৰ মাহত "অসমীয়া ৱিকিপিডিয়া শিক্ষা প্ৰকল্প"ৰ শুভাৰম্ভ কৰা হয়। ২০১৩ চনৰ জানুৱাৰী মাহত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ২০০০টা হয়। শেহতীয়াকৈ সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা লাহে-লাহে বাঢ়ি আহিছে আৰু ন-ন সদস্যই এই কামত যোগ দিছে।
 
==ৱিকিপিডিয়াৰ বাহিৰে আন কি কি ৱিকি প্ৰকল্প আছে?==