ৱিকিপিডিয়া:সৰল সহায়িকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
57 নং শাৰী:
শুদ্ধ আৰম্ভণিৰ ধৰণ- "জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ।"
 
> প্ৰশংসামূলক বাক্যও লিখিব পাৰি যদিহে তথ্যসূত্ৰ উল্লেখ থাকে। উদাহৰণৰ বাবে "[[লিঅ'নাৰ্ড' দা ভিন্সি]]" প্ৰবন্ধটোত চকু ফুৰাব পাৰে। তেওঁক মহান, জিনিয়াছ বুলি উচ্চ প্ৰশংসা কৰা আছে যদিও তেনে প্ৰতিটো বাক্যৰ পিছৰ আন লিখক বা জীৱনীকাৰৰ উদ্ধৃতি দিয়া হৈছে।
 
* বিৱৰণ: আৰম্ভণিৰ অংশৰ পিছত বিষয়তো লাহে লাহে খোলোচা কৰিব লাগে। বেলেগ অনুচ্ছেদ কৰিবলৈ "==শিৰোনাম==" এইদৰে লিখি তাৰ তলত কথাবোৰ লিখিব লাগে। যেনে- ব্যক্তিৰ বিষয়ে লিখিলে জন্ম, শিক্ষা, চাকৰি, পৰিয়াল, মৃত্যু, অৱদান, লাভ কৰা বঁটা আদিবোৰ বেলেগ বেলেগকৈ বহলাই লিখিব লাগে। ৰোগৰ বিষয়ে লিখিলে চিহ্ন আৰু লক্ষণ, কাৰক, ৰোগ প্ৰক্ৰিয়া, ৰোগ নিৰ্ণয়, চিকিত্‍সা, এপিডেমিঅ'লজী আদিবোৰ বেলেগ বেলেগ অনুচ্ছেদ কৰি লিখিব লাগে। উত্‍সৱৰ কথা লিখোঁতে ইতিহাস, তাৎপৰ্য্য, বৰ্ণনা, বৰ্তমানৰ অৱস্থিতি আদিবোৰ লিখিব লাগে। আন উদাহৰণৰ বাবে ৱিকিপিডিয়াৰ কোনো মানবিশিষ্ট প্ৰবন্ধত চকু ফুৰাই চাব পাৰে।
80 নং শাৰী:
কিতাপৰ ক্ষেত্ৰত: কিতাপৰ নাম, লেখকৰ নাম, প্ৰকাশক, প্ৰকাশনৰ স্থান, বছৰ, পৃষ্ঠা সংখ্যা, আৰু সম্ভৱ হ’লে ISBN
বাতৰি কাকত: বাতৰি/প্ৰবন্ধৰ শিৰোনামা, লেখক, কাকতৰ নাম, পৃষ্ঠা সংখ্যা, প্ৰকাশন গোষ্ঠী, তাৰিখ
ৱেবছাইট: [ৱেব লিংক] শিৰোনামাশিৰোনাম, লেখক, প্ৰকাশক, প্ৰকাশৰ তাৰিখ, তথ্য আহৰণ কৰা তাৰিখ ইত্যাদি ইত্যাদি।
 
'''
'''তথ্যসূত্ৰ দিয়াৰ নিয়ম''': ৱিকিপিডিয়াৰ প্ৰবন্ধত এই তথ্যসূত্ৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কেইবাটাও উপায় আছে। তাৰে কেইটামান তলত আলোচনা কৰা হ’ল।