"স্মৃতি শক্তি"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

113 বাইট যোগ দিয়া হ’ল ,  8 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
 
==দীৰ্ঘ কালীন স্মৄতি ==
আমাৰ মগজুৰ হিপ্পকেম্পাচ নামৰ অংশটোৰ সহায়ত হ্ৰস্বকালীন স্মৄতিক দীৰ্ঘকালীন স্মৄতিলৈ ৰূপান্তৰ কৰিব পাৰি। এটি ছমহীয়া শিশুয়েও দিনটোৰ ২৪ ঘন্টাৰ কথা মনত ৰাখিব পাৰে। নমাহ মানৰ পৰাহে শিশুটিয়ে অলপ জটিল কথা মনত ৰাখিবলৈ শিকে|শিকে।
==স্মৃতি শক্তি==
 
===মগজুৰ ব্যায়াম ===
*যিকোনো নতুন কাম বা মগজু খটোৱা কাম এটা বিচাৰি লওক | চাব কামটো যাতে আগতে কৰা ধৰণৰ নহয় আৰু খুউব সহজো নহয় |
*প্ৰত্যাহ্বান পূৰ্ণ কাম: কামটোৱে যাতে আপোনাৰ মনৰ পৰিসৰ বৄদ্ধি কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব। যেনে নতুন ভাষা শিকা, বাদ্য যন্ত্ৰ শিকা, শব্দ –শৄংখল বা চুদুকু শিকা ইত্যাদি |
*কামটো যাতে শাৰিৰিক আৰু মানসিক ভাৱে সন্তোষ্টিদায়ক হয়|হয়। কামটো আনন্দদায়ক কৰিবলৈ আপুনি ভাল পোৱা সঙ্গীত শুনিব পাৰে | আগ্ৰহ আৰু পৰিবেশটো আনন্দ মুখৰ হলে মগজুৱে বেছি সোনকালে কাম সম্পন্ন কৰিব পাৰে|পাৰে। কামটো সমাধা হ’লে নিজকে পুৰস্কৄত কৰিবলৈ নাপাহৰিব।
 
===mnemonic বা স্মৄতি সহায়ক কৌশল===
*দৄষ্টি কৌশল : উদাহৰণ যদি আপুনি গোলাপী বৰা নামটো মনত ৰাখিব খুজিছে তেন্তে এপাচি বৰা চাউলৰ মাজত কেইপাহমান গোলাপৰ কল্পনা কৰক|কৰক।
*বাক্য কৌশল : কিছুমান বাক্য গঠন কৰক যিবোৰৰ প্ৰথম আখৰটো নাইবা শব্দটো আপুনি মনত ৰাখিব লগীয়া বাক্যাংশ | পঢ়ি থকা ল’ৰা ছোৱালীৰ বাবে এই কৌশল খুউব উপযোগী। যেনে আপুনি গোলাঘাট জিলাৰ নদী কিখনৰ নাম মনত ৰাখিব খুজিছে – ধনশিৰি, দৈয়াং, দৈগ্ৰোং, নামবৰ, কাকডোঙা, কালিয়নি,-“কালি ধনৰ কাকডোঙাতো দৈ, নামঘৰতো দৈ |”।”
*এক্ৰনিম : ইয়াত প্ৰতিটো মনত ৰাখিব লগীয়া শব্দৰ প্ৰথম আখৰটো লৈ এটা নতুন শব্দ গঠন কৰা হয়|হয়। যেনে ‘HOMES” এই শব্দটোৱে হ্ৰদ কিছুমানক বুজাইছে-Huron, Ontario, Michigan, Erie, and Superior.
*মিত্ৰাক্ষৰ বা ছন্দ যুক্ত পদ্য : কিছুমান সহজে মনত থকা বা পদ্য আকাৰে সজাই লোৱা বাকাংশ্য। যেনে মাহ বোৰ দিন মনত ৰাখিবলৈ-
 
 
*ডাঙৰ শব্দক টুকুৰা-টুকুৰিকৈ মনত ৰখা:ডাঙৰ শব্দক বা নাম্বাৰক খন্ডিত কৰি মনত ৰাখিব পাৰি – যেনে টেলিফ’ন নং – ৫৫৫-৮৭৬-৭৪৩,
*লকি’ৰ কৌশল : মনত ৰাখিবলগীয়া শব্দ বোৰ আপুনি অহা-যোৱা কৰা চিনাকী বাট টোত, বা কোঠা ত কল্পনা কৰক|কৰক। ধৰক বজাৰৰ পৰা আনিব লগীয়া বস্তবোৰৰ এখন তালিকা , আপুনি এনে ধৰণে মনত ৰাখিব পাৰে - কল এঠোক আপোনাৰ দুৱাৰ দলিত, চফা খনত গাখীৰ এগিলাচ, ফেন খনত ওলমি আছে কণী বোৰ, ইত্যাদি। নাইবা একেই কৌশল বাট টোতো কল্পনা কৰিব পাৰে|পাৰে।
*মনোযোগ দিয়ক : কোনো কথা শুনোতে বা চাওঁতে খুউব মনোযোগেৰে কৰক। যিকোনো কথা মনত ৰাখিবলৈ আমি ৮ চেকেন্ড অতন্ত্য নিবিষ্টতাৰে মনোনিবেশ কৰাতো প্ৰয়োজনীয়।
* একাধিক ইন্দ্ৰিয়ক সংযুক্ত কৰক : সকলো ধৰণৰ তথ্য আহৰণ কৰক, ৰং, গাঠনি, গোন্ধ, স্পৰ্শ আৰু স্বাদ। লিখা কথা সহজে মনত থাকে। ডাঙৰ ডাঙৰ কৈ পঢ়িলে আৰু সহজে মনত থাকে।
*সংযোগ কৰক : আপুনি আগতে জনা তথ্য বোৰৰ লগত নতুন তথ্য সংযোগ কৰি মনত ৰাখিবলৈ চেষ্টা কৰক।
*জটিল বিষয় বস্ত : বেছি জটিল বিষয় বস্তুৰ মূল বিষয় টোহে মনত ৰাখিবলৈ চেষ্টা কৰক,আৰু সাৰাংশ খিনি নিজৰ ভাষাত বন্ধু বান্ধৱ বা আনৰ আগত কওঁক।
*অনুশীলন কৰক : আপুনি নতুনকৈ আহৰন কৰা বা জনা তথ্য খিনি আওঁৰাওক। দিনটোত শিকা কথা খিনিৰাতি এবাৰ মনত পেলাওক বা মাজে মাজে আগৰ কথা মনত পেলাবলৈ চেষ্টা কৰক|কৰক।
*সাধুৰ পদ্ধতি : দীঘলীয়া কথা মনত ৰাখিবলৈ এটা সাধুৰ আশ্ৰয় লওক আৰু সাধুটোতে মনত ৰাখিবলগীয়া চৰিত্ৰ বোৰ গাঠি লওক। ইয়াত মূল ভাৱ টো হ’ল যে কোনো এটা বিষয় মনত ৰাখিবলগীয়া হ’লে সকলো কথা একেডাল জৰীৰে বান্ধি পেলালে ভালদৰে মনত থাকে।
*মুখৰ ছবি মনত ৰাখিবলৈ মানুহজনৰ কিছু অগতানুগতিক বৈশিষ্টলৈ মন কৰক|কৰক।
 
==ছাত্ৰ- ছাত্ৰীৰ উপযোগী কিছু কৌশল==
পঢ়া বিষয় বস্তুটোত মনোযোগ দিয়ক|দিয়ক। পঢ়াৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ক আৰু সহজে মনোযোগ ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক|লওক। ৰুচি অনুযায়ী কোঠাটো সজাই লওক|লওক। সদায় কিছু সময় পঢ়াৰ অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় | পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু এটাৰ লগত আনটোক সংযোগ কৰিলে বেছিকৈ মনত থাকে | পঢ়ি উঠি থুল-মুলকৈ বিষয় টো লিখি ৰখাৰ অভ্যাস কৰক নাইবা আ্ন কাৰোবাৰ লগত আলোচনা কৰক | পঢ়া কথা খিনি দীৰ্ঘ কালিন স্মৄতিলৈ ৰুপান্তৰ কৰিবৰ বাবে পুনৰাবৄত্তিৰ প্ৰয়োজন | যিকোনো বিষয় পুঙ্খানুপুঙ্খ ভাবে বা বিতংকৈ জানিবৰ চেষ্টা কৰক | ছবিৰ সহায় লওক | আনক শিকাওক | আহুকলীয়া বিষয় বোৰত বেচিকৈ মন দিওক | পঢ়াৰ ৰুটিন খন, সময়, আৰু পৰিবেশ মাজে মাজে সলনি কৰক | আগতে পঢ়া কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰক | খৰকৈ পঢ়াৰ অভ্যাস কৰক | স্মৰণ শক্তি বঢ়াবলৈ কিছু খেল বাচি লওক। যেনে কাৰ্ড মিলোৱা, হাঁচতি খেল, কুইজ ইত্যাদি।
 
আমাৰ বেছি ভাগ মানুহৰে ধাৰণা আছে যে বুঢ়া শালিকাই মাত ল’ব নোৱাৰে | কিন্তু দেখা গৈছে যে মানুহৰ মগজুৰ অসাধাৰণ অভিযোজন আৰু পৰিবৰ্ত্তন ক্ষমতা আছে | ইয়াকে নিউওৰ প্লাষ্টিচিটি বোলা হয় |
সঠিক উত্তেজকৰ সহায়ত আমাৰ মগজুৱে নতুন নতুন স্নায়ু মন্ডলী গঠন, উন্নীত কৰণ আৰু ৰুপান্তৰ কৰিব পাৰে | সকলো পৰিবেশতে খাপ খাই পৰাৰ অভিযুয্যতা ইয়াৰ আছে | আৰু নকৈ শিকা আৰু স্মৄতি শক্তিৰ ক্ষেত্ৰতো আমি আমাৰ প্ৰাকৄতিক শক্তিৰে আমাৰ স্মৰণ শক্তি বঢ়াব পাৰো।
 
স্মৄতি শক্তি বঢ়াবলৈ তলত দিয়া কথা কেইটালৈ লক্ষ্য ৰাখিব | দিনটোত ৬-৭ ঘন্টাৰ সঠিক পৰিমাণৰ টোপনি আৰু পৰিশ্ৰম। শাৰীৰিক পৰিশ্ৰমে আমাৰ মগজুলৈ বৰ্ধিত পৰিমাণত অক্সিজেনৰ যোগান ধৰে আৰু ইয়ে আমাৰ মগজুক স্মৃতি বিভ্ৰমত ভোগা অসুখ বোৰৰ পৰা আঁতৰত ৰাখে | পৰিশ্ৰমৰ সময়ত নি:সৰণ হোৱা ৰাসায়নিক পদাৰ্থ সমূহেও মগজুৰ কোষ সমূহক ৰক্ষা কৰাত সহায় কৰে | কম পৰিমাণৰ টোপনিয়ে আমাৰ মগজুৰ সৄষ্টি শক্তি , সমস্যা সমাধান কৰিব পৰা শক্তি, সমালোচনাত্মক আৰু গঠন মূলক চিন্তা –চৰ্চ্চাত প্ৰভাৱ পেলায় | গৱেষণাত দেখা গৈছে যে গভীৰ টোপনিৰ সময় চোৱাত আমাৰ স্মৰন শক্তি বৄদ্ধি হোৱা কাৰ্য্য সমূহ সম্পাদন হয় |বন্ধু।বন্ধু- বান্ধৱৰ সৈতে আজৰি সময় খিনি হাঁহি ধেমালীৰে পাৰ কৰক।
 
নিজৰ পচন্দ অনুযায়ী যিকোনো এটা ৰুচি বাচি লওক | মানুহ সমাজ প্ৰিয় প্ৰাণী | সকলোৰে সৈতে পাৰস্পৰিক সু-সম্পৰ্ক বজাই ৰাখক। অৰ্থপূৰ্ণ আৰু ঘনিষ্ঠ সম্পৰ্ক ই আবেগিক আৰু মগজুৰ উত্তেজক হিচাবে কাম কৰে | স্বেৱাসেৱী অনুষ্ঠান বা ক্লাৱত যোগ দিব পাৰে নাইবা পোহনীয়া জীৱ – জন্তুৱেও আপোনাক সঙ্গ দিব পাৰে |
 
হাঁহক আৰু হঁহুৱাক | বিশিষ্ট মনোবিজ্ঞানী ডেনিয়েল গ’লমেনে তেওঁৰ কিতাপ “ আবেগিক বুদ্ধিমত্তাত” কৈছে-“ হাঁহিয়ে মানুহক বহলকৈ ভাৱিবলৈ আৰু সহজে সহযোগ কৰিবলৈ শিকায়।” নিজক লৈ হাঁহিবলৈ শিকক | ধেমালী ভালপোৱা কৌতুক পূৰ্ণ মানুহৰ সৈতে কিছু সময় কটাওক | আপোনাৰ চাৰিও কাষৰ পৰিবেশতো সজীৱ কৰি তোলক | আপোনাৰ পৰিয়ালৰ সুখৰ মূহূৰ্ত্তৰ ফ’টো এখন সজাই থওক | সৰু – সৰু ল’ৰা ছোৱালীৰ সতে কিছু সময় পাৰ কৰক। দুশ্চিন্তা পৰিহাৰ কৰি ছাপ মুক্ত জীৱন বাচি লওক | উত্কন্ঠা মগজুৰ প্ৰধান শত্ৰু | যদিও কম পৰিমাণৰ ছাপে আমাক লক্ষ্য স্থানত উপনীত কৰাত সহায় কৰে, তথাপিও অধিক আৰু নিৰবিছিন্ন হেঁচাই মানুহক অস্থিৰ কৰি তোলে|তোলে। মনলৈ হতাশা বা বিষন্নতা আহিবলৈ নিদিব | হতাশাৰ প্ৰধান লক্ষণ হ’ল মনোযোগ হীনতা, সিদ্ধান্ত লোৱাত অপাৰগতা, আৰু পাহৰা। বৈজ্ঞানীক সম্পৰীক্ষাৰ পৰা এইটো দেখা গৈছে যে মেডিটেচন বা ধ্যানে আমাৰ মগজুৰ প্ৰি ফ্ৰনটেল নামৰ অংশটোক বেছি কায্যক্ষম কৰি তোলে|তোলে। আমাৰ সুখানুভূতি আৰু নিৰুদ্বেগ অৱস্থাও মগজুৰ এই অংশটোৰ অধীনত থাকে | ধ্যান্যাভাষে আমাৰ মস্তিস্কৰ চেৰিব্ৰেল কৰটেক্সৰ অংশ প্ৰগাঢ় কৰি নিউৰণ বিলাকৰ বান্ধোন কটকটীয়া কৰে | এই সকলো বিলাকে মগজুৰ তীক্ষ্নতা আৰু দক্ষতা বঢ়োৱাত সহায় কৰে|কৰে। ধ্যানৰ আন কিছুমান সুফল হ’ল- মনঃসংযোগ , সৄজনীশীলতা বঢ়োৱা, আৰু যুক্তিসঙ্গত সিদ্ধান্ত লোৱাত সহায় কৰা | ই বিভিন্ন ধৰণৰ শাৰিৰীক বা মানসিক অৱস্থা যেনে হতাশা, ঊত্কন্ঠা, দীৰ্ঘদিনীয়া বিষ-বাত ইত্যাদি হ্ৰাস কৰাত সহায়ক হয়।
 
==তথ্য  সংগ্ৰহ==
{{Reflist}}
 
6,277

টা সম্পাদনা