পৰিৱেশ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ৱিকিপিডিয়া:এটা একাউণ্টৰ বাবে অনুৰোধ কৰকৰ পৰা পৰিৱেশ তন্ত্ৰলৈ Gitartha.bordoloiয়ে স্থানান্তৰ...
লেখকৰ নাম আঁতৰ
1 নং শাৰী:
'''পৰিৱেশ তন্ত্ৰ''' হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ‘ইক’ছিষ্টেম’ (Ecosystem) শব্দটো প্রৱর্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে “পৰিৱেশ তন্ত্ৰ হ’ল এটা নির্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্রকাৰৰ জীৱক সাঙুৰি লোৱা (অর্থাৎ জৈৱ সম্প্রদায়) এটা সমষ্টি য’ত শক্তিৰ প্রৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰতা আৰু পদার্থৰ চক্ৰীভৱন (অর্থাৎ জীৱিত আৰু নির্জীৱ উপাংশৰ মাজত হোৱা পদার্থৰ বিনিময়) পৰিছালনা কৰে। আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick, 1972) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নির্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদার্থৰ বিনিময় ঘটায়।
Name:Lutfur Saikia
Associate Professor, Zoology Department.Nabajyoti College,P.O. Kalgachia Pin;781319
E-mail:saikialutfur@gmail.com
 
বিভিন্ন জনে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰি পৰিৱেশ তন্ত্ৰৰ বাখ্যা এনেদৰে দিব পাৱি – যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্রতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।
পৰিৱেশ তন্ত্ৰ
পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ‘ইক’ছিষ্টেম’ (Ecosystem) শব্দটো প্রৱর্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে “পৰিৱেশ তন্ত্ৰ হ’ল এটা নির্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্রকাৰৰ জীৱক সাঙুৰি লোৱা (অর্থাৎ জৈৱ সম্প্রদায়) এটা সমষ্টি য’ত শক্তিৰ প্রৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰতা আৰু পদার্থৰ চক্ৰীভৱন (অর্থাৎ জীৱিত আৰু নির্জীৱ উপাংশৰ মাজত হোৱা পদার্থৰ বিনিময়) পৰিছালনা কৰে। আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick, 1972) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নির্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদার্থৰ বিনিময় ঘটায়।
বিভিন্ন জনে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰি পৰিৱেশ তন্ত্ৰৰ বাখ্যা এনেদৰে দিব পাৱি – যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্রতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।
14.1: পৰিৱেশ তন্ত্ৰৰ বৈশিষ্ট (Characteristics of Ecosystem):
বিজ্ঞানী স্মিথে (Smith, 1966) পৰিৱেশ তন্ত্ৰৰ কেতবোৰ উমৈতীয়া বৈশিষ্ট উল্লেখ কৰিছিল। এইবোৰ হ’ল –
1. পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মূল সাংগঠনিক আৰু কার্য্যকৰী একক।
2. পৰিৱেশ তন্ত্ৰৰ গঠন ইয়াৰ জৈৱবৈচিত্ৰতাৰ লগত জড়িত। জৈৱবৈচিত্ৰতা যিমানেই চহকী পৰিৱেশ তন্ত্ৰও সিমানেই জটিল।