উদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
 
উদ এবিধ উভচৰ প্ৰানী৷ উদ সাধাৰণতে নৈ,জান-জুৰি,হ্ৰদ,দ-পথাৰ,পুখুৰী আদিত থাকে৷ পানীৰ কাষত থকা শিলৰ ফাঁক,গছৰ শিপাৰ ফাঁক বা জোপোহাৰ মাজতো সোমাই থাকে৷ ইহঁতে পানীত সাঁতুৰি-নাদুৰি ঘুৰি ফুৰে যদিও মাটিতো সমানেই ঘূৰি-ফুৰা দেখা যায় বাবেই উদক উভচৰ প্ৰাণী বলি কোৱা হয়৷ মাটি আৰু পানী দুয়ো স্থানতে সমানে ঘূৰিব পৰাকৈ ইহঁতৰ শৰীৰ গঠিত৷ উদৰ দৰে মাটিত থকা প্ৰাণীৰ ভিতৰত অন্য কোনো জন্তু পানীত ইমান শক্তিশালী নহয়৷ উদৰ প্ৰধান খাদ্য মাছ৷ উদ মাছ ধৰাত পাকৈত৷ মাছমৰীয়াই মাছ মাৰিবলৈ ভেটা দিয়া সময়ত নাথাকিলে উদে সকলো মাছ খাই পেলাব পাৰে৷ সেয়েহে আমাৰ মাজত এষাৰ প্ৰবচন আছে যে – “উদক ভেটা ৰখীয়া পতা”৷ উদ অষ্ট্ৰেলিয়াৰ বাহিৰে পৃথিৱীৰ সকলো ঠাইতেই পোৱা যায়৷ অসমতো ইয়াৰ বহু প্ৰজাতি আছে৷ উদ সাধাৰণতে মানুহৰ চকুত ধৰা নপৰে৷
 
 
==উদৰ বাসস্থান==
"https://as.wikipedia.org/wiki/উদ"ৰ পৰা অনা হৈছে