উদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
44 নং শাৰী:
সমভূমিৰ উদৰ ইংৰাজী নাম Smooth Indian Otter,বৈজ্ঞানিক নাম Lutra perspicillata ৷ এইবিধ উদৰ গাৰ ৰং ক’লা,ডাঠ মুগা হালধীয়া৷ নাকৰ ওপৰত থকা নোম পোন৷ দীঘল দুই-আঢ়ৈ ফুট৷ নেজ ১৬-১৮ ইঞ্চি দীঘল৷ ওজন ৭-১০ কিল’গ্ৰাম পৰ্যন্ত৷ এইবিধ উদ হিমালয়ৰপৰা দক্ষিণ ভাৰতলৈকে সকলো স্থানতে পোৱা যায়৷ ম্যানমাৰ,ইন্দোচীন,মালয়তো পোৱা যায়৷ উৰিষ্যাত মাছমৰীয়াবিলাকে এইবিধ উদক মাছ ধৰিবলৈ প্ৰশিক্ষণ দিয়ে৷ এই অঞ্চলসমূহত উদক পোহনীয়া কৰি সাগৰত মেলি দিয়ে৷ সিঁহতে যিমান পাৰে মাছ ধৰি গৰাকীক দিয়ে আৰু গৰাকীয়ে খাদ্যৰ বাবে সিঁহতক প্ৰয়োজনীয় খিনি দিয়ে৷ বাকী মাছবোৰ গৰাকীয়ে বেপাৰ কৰে৷ এনেকৈ আধা উদে আৰু আধা গৰাকীয়ে লয়৷ সেয়ে এই অঞ্চলসমূহত উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু৷
 
*সৰুনখীয়া উদ
 
 
সৰুনখীয়া উদৰ ইংৰাজী নাম Clawless Otter,বৈজ্ঞানিক নাম Aonyx nirnal ৷ এইবিধ উদৰ প্ৰধান খাদ্য মাছ হ’লেও, ই মাছতকৈ কেঁকোৰা,শামুক আদিহে বেছিকৈ খায়৷ বাকী দুবিধৰ তুলনাত ইহঁতৰ আকাৰ ডেৰ ফুটমান হ’ব৷ পঞ্জাব,অসম আদি ঠাইত এইবিধ উদ পোৱা যায়৷ ইহঁতৰ নখবোৰ চুটি যদিও পোৱালি অৱস্থাত অলপ দেখা যায় আৰু ডাঙৰ হৈ অহাৰ লগে লগে এই নখবোৰ চকুত নপৰা হয়৷ সেইকাৰণে ইহঁতক সৰুনখীয়া উদ বুলি কয়৷
 
 
==বিলুপ্তিৰ কাৰণ==
"https://as.wikipedia.org/wiki/উদ"ৰ পৰা অনা হৈছে