এচিদ বৰষুণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

photo
1 নং শাৰী:
[[File:Origins of acid rain.svg|thumb|350px|এচিদ বৰষুণৰ লগত সম্বন্ধ থকা প্ৰক্ৰিয়াসমূহ]]
 
'''এচিদ বৰষুণ '''বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল কাৰখানা আৰু উদ্যোগ বিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধন বিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ _ডাই-অক্সাইড,নাইট্ৰ'জেন অক্সাইড আৰু হাইড্ৰ'জেন ক্লৰাইড আদি গেচ বায়ুমণ্ডললৈ নিৰ্গত হয়। বায়ুমণ্ডলত এই গেচ সমূ্হ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ৰমে ছালফিউৰিক এচিদ,নাইট্ৰিক এচিদ আৰু হাইড্ৰক্ল'ৰিক এচিদলৈ ৰূপান্তৰিত হয়। এই এচিদ বিলাক বৰষুণৰ পানীৰ লগত লগ হৈ এচিদ বৰষুণ হিচাপে পৃথীৱীত পৰে। বৰষুণৰ পানীৰ PH ৰ মান ৫.৬ তকৈ হ্ৰাস পালে ইয়াৰ ধৰ্ম আম্লিক হয়। অম্লবৃষ্টিত প্ৰায় ৬০ শতাংশ ছালফিউৰিক এচিদ,৩৫ শতাংশ নাইট্ৰিক এচিদ আৰু খুব কম পৰিমাণৰ হাইড্ৰক্ল'ৰিক এচিদ আদি থাকে।
 
 
==এচিদ বৰষুণৰ পৰিণাম==
[[File:Waldschaeden Erzgebirge 3.jpg|thumb|এচিদ বৰষুণৰ ফলত গছ-গছনিৰ হোৱা ক্ষতি]]
এচিদ বৰষুণে ভূ-পৃষ্ঠ তথা জৈৱবৈচিত্ৰতাক বিভিন্ন ধৰণে অনিষ্ট কৰে।
 
*এচিদ বৰষুণে ঘৰ-দুৱাৰ,কীৰ্তিস্তম্ভ আদিৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰে। বিশেষকৈ মাৰ্বলেৰে নিৰ্মিত পুৰণি কীৰ্তিস্তম্ভবোৰক ই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। উদাহৰণ স্বৰূপে আগ্ৰাৰ তাজমহলৰ কথা উল্লেখ কৰিব পৰা যায়।
*এচিদ বৰষুণে প্ৰাচীন শিলালিপি সমূহ ক্ষয় নিয়ায়। গ্ৰীচ আৰু ইটালীত থকা এনেধৰণৰ বহু সৌন্দৰ্য্যবোধক শিলা স্তম্ভ এচিদ বৰষুণৰ দ্বাৰা দ্ৰবীভূত হব ধৰিছে।