দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
77 নং শাৰী:
 
==নামৰ ইতিবৃত্ত==
প্ৰাচীনকালত ভাৰতৰ [[উত্তৰ-পূব ভাৰত|উত্তৰ পূব প্ৰান্তৰ]] লৌহিত্যৰ উত্তৰ ফালে থকা প্ৰাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগক '''দৌৰঙ্গ''' বা '''দ্যোৰঙ্গ''' বুলিছিল।<ref name="Mangaldai">{{cite web | url=http://darrang.nic.in/darrang_files/dist.htm | title=DISTRICT AT A GLANCE | publisher=NIC, Darrang District Unit | work=NIC, Darrang District Unit | accessdate=24 আগষ্ট 2013}}</ref> স্বগীয় দীন কৰুণাময় হৰিপদ দেৱগোস্বামীদেৱে আগবঢ়োৱা বাখ্যা অনুসৰি ''''দ্যোৰ'''' শব্দৰ অৰ্থ দেৱতাৰ আৰু ''''ৰঙ্গ''''ৰ অৰ্থ আনন্দ বা সুখৰ ঠাই। কালক্ৰমত এই ভূ-খণ্ডই দৰঙ্গ বা '''দৰং''' নামেৰে জনাজাত হল। আনহাতে স্বৰ্গীয় দিনেশ্বৰ শৰ্মা ৰ দৰে পণ্ডিত সকলে দৰং শব্দটো সংস্কৃত শব্দ দ্বাৰম অৰ্থাত পদুলি বা দ্বাৰ'ৰ পৰা আহিছিল এনে মত পোষন কৰে। প্ৰাচীন কালত এই ভূ-খণ্ডৰ উত্তৰ আৰু পশ্চিম দিশত গিৰিপথৰ মাজেৰে গমনা-গমনৰ বাবে ওঠৰখন এনে দুৱাৰ আছিল। তাৰ পৰা নেপাল, চীন আদিলৈ যাতায়ত আছিল। [[বানীকান্ত কাকতি| ড° বানীকান্ত কাকতি]]ৰ মতে দৰং শব্দতো অষ্ট্ৰিক ভাষাৰ পৰা অহা।<ref>Assamese its Formation and Developement , Dr. Banikanta Kakati</ref> আন এজন ভাষাতাত্বিক গ্ৰিয়াৰ্ছন চাহাবে তেওঁৰ গ্ৰন্থ 'ডি লেংগুইষ্টিক চাৰ্ভে অৱ ইণ্ডিয়া'ত দৰং শব্দটো বড়োমূলীয় বুলি মত পোষন কৰিছে।<ref>মংগলদৈ নগৰৰ ইতিহাস, শ্ৰী ধনপতি কলিতা</ref>
 
আন একাংশৰ মতে প্ৰাচীন কালত দৰঙত বেহা বেপাৰৰ বাবে চীন, নেপাল, ভুটান আদি ঠাইৰ সৈতে সম্পৰ্ক আছিল। সেই বাবে নামটো দ্বাৰ শব্দৰ পৰা অপ্ৰভংশ হোৱা বুলি বহুতে বিশ্বাস কৰে। <ref>দুনী সাহিত্য সভাৰ মুখপত্ৰ, শ্ৰীমিশ্ৰ কুমাৰ শৰ্মা</ref>
115 নং শাৰী:
==উল্লেখযোগ্য স্থান==
[[File:mangaldaiSdsabha.jpg|thumb|180px|মঙলদৈ সনাতন ধৰ্ম সভা]]
* '''[[মঙ্গলদৈ]]''' : দৰং জিলাৰ এখন মুখ্য নগৰ। [[ইষ্ট-ইণ্ডিয়া কোম্পানী]]ৰ বনিক চাহাবসকলে এই নগৰখনৰ আৰম্ভনি কৰিছিল। ইংৰাজ সকলে কোঁচ ৰজাৰ পৰা দৰং ৰাজ্য কাঢ়ি লৈ মঙলদৈতে দৰঙৰ শাসন কেন্দ্ৰ স্থাপন কৰে। ১৯৮৩ চনৰ জুলাইত নৱগঠিত দৰং জিলাৰ সদৰ স্থাপন কৰা হয় মঙলদৈ নগৰত। ইয়াৰ আগলৈকে মঙলদৈ আছিল একে নামৰ মহকুমাটোৰ সদৰ ঠাই।<ref name="Mangaldai">{{cite web | url=http://darrang.nic.in/darrang_files/dist.htm | title=DISTRICT AT A GLANCE - Mangaldai | publisher=NIC, Darrang District Unit | work=NIC, Darrang District Unit | accessdate=24 আগষ্ট 2013}}</ref>
 
* '''[[ছিপাঝাৰ]]''' : দৰং জিলাৰ এখন অন্যতম চহৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, [[মুগা]] আৰু [[পাটপলু]] প্ৰতিপালনৰ বাবে বিখ্যাত আছিল।
"https://as.wikipedia.org/wiki/দৰং_জিলা"ৰ পৰা অনা হৈছে