ষ্ট'নহেঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: '''ষ্ট'নহেঞ্জ''' ইংৰাজী '''Stonehenge''' হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাই...
(কোনো পাৰ্থক্য নাই)

10:17, 20 September 2013ৰ সংস্কৰণ

ষ্ট'নহেঞ্জ ইংৰাজী Stonehenge হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি৷ ১৯৮৬ চনত ইউনেস্ক'ৱে ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে ঘোষণা কৰে৷ ষ্ট'নহেঞ্জত ১৬২ টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫ টা দণ্ডাকৃতিৰ শিল৷ প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে৷ সেই শিলবোৰৰ কিছুমান বালি-শিল আৰু কিছুমান নীলা শিল৷ এই বৃত্তীয় শৈল গাঁথনিৰ ধ্বংসাৱশেষ এটা ৩২০ ফুট গড়খাৱৈ সজ্জাৰ ভিতৰত আছে৷ ষ্ট'নহেঞ্জৰ প্ৰাগৈতিহাসিক শিলবোৰৰ সজ্জাৰ লগত সূৰ্য,চন্দ্ৰ আৰু পৃথিৱীকে ধৰি গ্ৰহবোৰৰ চলনৰ সম্পৰ্ক থকা যেন ধাৰণা হয়৷ গ্ৰীষ্ম আৰু শীত,-দুয়ো ঋতুতে সূৰ্য আৰু চন্দ্ৰৰ উদয় আৰু অস্ত যোৱাৰ সময়ৰ লগতো সেই সজ্জাৰ কিছু সংগতি আছে৷ সম্ভৱত: প্ৰাগৈতিহাসিক যুগৰ কোনো পণ্ডিতে এনেবোৰ বিষয়ে অধ্যয়ন কৰিবলৈ ষ্ট'নহেঞ্জক ব্যৱহাৰ কৰিছিল৷ সেইবাবে ষ্ট'নহেঞ্জক প্ৰাগৈতিহাসিক কম্পিউটাৰ বুলিও কোৱা হয়৷

নিৰ্মান কাৰ্য্য

তিনি হাজাৰ বছৰজোৰা সময় পৰিক্ৰমাৰ বিভিন্ন পৰ্যায়ত ষ্ট'নহেঞ্জ নিৰ্মান কৰা হৈছিল৷ সেই সময়ৰ পৰিপ্ৰেক্ষিতত ষ্ট'নহেঞ্জ এক অসম্ভৱপ্ৰায় কাম আছিল আৰু তাৰ বাবে যথেষ্ট বুদ্ধি,দৃঢ়তা আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হৈছিল৷ "হেঞ্জ" নামৰ এটা গড়খাৱৈ সজ্জা তাত প্ৰায় পাঁচ হাজাৰ বছৰৰ আগেয়ে নিৰ্মান কৰা হৈছিল৷ ডাঙৰ শিলাখণ্ডবোৰ পাছত যোগ দিয়া হয়৷

নিৰ্মানৰ উদ্দেশ্য

ষ্ট'নহেঞ্জ ইংলেণ্ডৰ আটাইতকৈ বিখ্যাত প্ৰাচীন কীৰ্তিবোৰৰ অন্যতম৷ কি উদ্দেশ্যত ইয়াক নিৰ্মান কৰা হৈছিল সেয়া স্পষ্ট নহয়৷ বহুতৰ মতে সেয়া আছিল বিশ্ব দেৱতাক আৰাধনা কৰিবৰ বাবে স্থাপিত এটা মন্দিৰ৷ বহুতে আকৌ ইয়াক প্ৰাগৈতিহাসিক কালৰ কেলেণ্ডাৰৰ তাৎপৰ্যপূৰ্ণ ঘটনাবোৰ চিহ্নিত কৰিবলৈ সজা এটা মান মন্দিৰ বুলিও ক'ব খোজে৷ আন কিছুলোকে ধাৰনা কৰে যে এয়া আছিল সম্ভ্ৰান্ত লোকসকলৰ সমাধি দিয়া এখন পবিত্ৰ স্থান৷

ষ্ট'নহেঞ্জৰ নিৰ্মানৰ কাহিনী

ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে৷

  • এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়৷
  • আন এটা কাহিনী মতে মাৰ্লিন (Merlin) নামৰ এজন যাদুকৰে যাদুৰ বলেৰে আয়াৰলেণ্ডৰপৰা ছালিছবুৰিৰ সমতললৈ এই শিলবোৰ আনিছিল৷
  • পৌৰাণিক প্ৰত্নতত্ত্ব অধ্যয়ন কৰা দুই-এজন পণ্ডিতৰ মতে ড্ৰুইড(Druid) নামৰ এজন উচ্চ শ্ৰেণীৰ পুৰোহিতে বলি দিয়া উৎসৱ পালন কৰিবলৈ ষ্ট'নহেঞ্জ নিৰ্মান কৰিছিল৷

তথ্য সংগ্ৰহ

জ্ঞানাঞ্জন (১৬-৩০ ছেপ্তেম্বৰ ২০১৩) প্ৰান্তিক খণ্ড ৩২ বছৰ (২০ সংখ্যা ) ৪১