অণুবীক্ষণ যন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
অণুবীক্ষণ যন্ত্ৰসমূহত ব্যৱহাৰ কৰা পোহৰৰ উৎসৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগাব পাৰি৷
 
'''#আলোক অণুবীক্ষণ যন্ত্ৰ(Light microscope)'''
'''#ৰঞ্জন ৰশ্মি অণুবীক্ষণ যন্ত্ৰ(X-ray microscope)'''
'''#ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ(Electron microscope)'''
 
 
39 নং শাৰী:
*'''চক্ৰব্যাহত অণুবীক্ষণ যন্ত্ৰ ( Interference microscope)''': এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত দুটা [[পোহৰ]] ৰশ্মি ব্যৱহাৰ কৰা হয়৷ এটা [[পোহৰ]] ৰশ্মি লক্ষ্যবস্তুৰ মাজেৰে আৰু আনটো লক্ষ্যবস্তুৰ কাষেৰে গতি কৰে৷ এই দুয়োটা [[পোহৰ]] ৰশ্মি লক্ষ্যবস্তুৰ ওপৰৰ ফালে আহি মিলিত হয়৷ ফলত লক্ষ্যবস্তুৰ প্ৰতিসৰণাংক (refractiv index) ৰ ওপৰত নিৰ্ভৰ কৰি বিপৰ্যাস্য (contrast) প্ৰতিবিম্ব এটাৰ সৃষ্টি হয়৷ গতিকে লক্ষ্যবস্তুৰ সঠিক আকাৰ এই অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰ্ণয় কৰিব পাৰি৷
 
 
[[চিত্র:Bacteria photomicrograph.jpg|right|thumb|আলোক অণুবীক্ষণযন্ত্রে দেখা ব্যাক্টেরিয়ার ছবি]]
 
Line 47 ⟶ 45:
এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত তৰংগ দৈৰ্ঘ্যৰ ৰঞ্জন ৰশ্মি ব্যৱহাৰ কৰা হয়৷ ৰঞ্জন ৰশ্মিৰ প্ৰৱেশ ক্ষমতা (penetration) সাধাৰণ পোহৰতকৈ অধিক৷ সেয়েহে এই ৰশ্মি ব্যৱহাৰ কৰি অতি ক্ষুদ্ৰ জৈৱিক পদাৰ্থবোৰৰ গঠনো নিৰ্ণয় কৰিব পাৰি৷ কোষৰ সূক্ষ্ম তথা বৃহৎ অণুবোৰৰ ত্ৰি-মাত্ৰিক (three dimensional) আকৃতি পৰ্যৱেক্ষণৰ বাবে এনেধৰণৰ অণুবীক্ষণ যন্ত্ৰ অতি উপযোগী৷ এই যন্ত্ৰৰ সহায়ত [[লাইছ'জ'ম]](lysosome),[[হিম'গ্লবিন]],[[ডি.এন.এ.]] আদিৰ আকৃতি নিৰ্ণয় কৰিব পাৰি৷
 
==ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ(Electron microscope)==
 
ইলেকট্ৰেন অণুবীক্ষণ যন্ত্ৰত লক্ষ্যবস্তু উদ্ভাসিত কৰিবলৈ ইলেকট্ৰন ৰশ্মি ব্যৱহাৰ কৰা হয়৷ এই ইলেকট্ৰনৰ উৎস হ'ল বিদ্যুত শক্তিৰদ্বাৰা উত্তপ্ত কৰা টাংষ্টেন ধাতুৰ তন্তু (tungsten)৷ ইলেকট্ৰনবোৰ হ'ল আধানিত কণা (charged particle),গতিকে সিহঁতে চৌম্বিক ক্ষেত্ৰৰ প্ৰতি বিশেষ সঁহাৰি জনায়৷ ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰত কাঁচৰ সংঘনক (condenser) ৰ পৰিৱৰ্তে শক্তিশালী চুম্বক ব্যৱহাৰ কৰা হয়৷
 
১৯৩৮ চনত ''ফন বৰিছ আৰু ৰাছকা (Von Borris and Ruska) নামৰ দুজন জাৰ্মানদেশীয় বৈজ্ঞানিকে অণুবীক্ষণ যন্ত্ৰত ইলেকট্ৰন ৰশ্মি ব্যৱহাৰ কৰা পদ্ধতি উলিয়ায় আৰু তেওঁলোকে এটা ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়ায়৷
 
ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ দুইধৰণৰ - '''সংচাৰণ ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ'''(transmission electron microscope) আৰু '''স্কেনিং ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ''' (scanning electron microscope)৷ স্কেনিং ইলেকট্ৰন অনুবীক্ষণ যন্ত্ৰ হ'ল ইলেকট্ৰন অনুবীক্ষণ যন্ত্ৰৰ উন্নত ৰূপ৷
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
"উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী
প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮১০০১,অসম৷