বেক্টেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
31 নং শাৰী:
==আকৃতি==
 
আকৃতি অনুসৰি বেক্টেৰিয়াক চাৰিটা ভাগত ভগাব পাৰি৷
#কক্কাছ (Coccus)
#বেচিলাছ (Bacillus)
#স্পাইৰিলাম (Spirillum)
 
'''কক্কাছ (coccus)'''
 
এই এককোষী বেক্টেৰিয়াবিলাক দেখিবলৈ প্ৰায় গোলাকাৰ বা ডিম্বাকাৰ হয়৷ গোলাকাৰ বেক্টেৰিয়াক কক্কাছ,বহুবচনত কক্কি (cocci)বোলে৷ কক্কাছবোৰ এককভাৱে অৰ্থাৎ পৃথক পৃথক ভাৱে থাকিলে ইহঁতক '''মাইক্ৰ'কক্কাছ (micrococcus)'''বোলে৷ যেনে - মাইক্ৰ'কক্কাছ ফ্লেভাছ(Micrococcus)৷ দুটা কক্কাছ অৰ্থাৎ দুটা গোলাকাৰ [[কোষ]] একেলগে থাকিলে তাক '''ডিপ্ল'কক্কাছ (diplococcus)''' বোলে৷ যেনে - ডিপ্ল'কক্কাছ নিউম'নি(Diplococcus pneumoniae)৷ বহুতো কক্কাছ লগ হৈ শিকলিৰ দৰে হ'লে তাক '''ষ্ট্ৰেপ্ট'কক্কাছ (streptococcus)''' বোলে৷ যেনে - ষ্ট্ৰেপ্ট'কক্কাছ পায়'জেনছ(Streptococcus pyogens)৷বহুতো কক্কাছ থুপ খাই আঙুৰৰ থোপাটোৰ দৰে হ'লে,তাক '''ষ্টেফাইল'কক্কাছ (staphylococcus)''' বোলে৷ যেনে - ষ্টেফাইল'কক্কাছ অ'ৰিয়াছ(Staphylococcus aureus)৷৮,১৬ বা ততোধিক কক্কাছ লগ হৈ ঘনকৰ আকৃতি ধাৰন কৰিলে তাক '''ছাৰচিনি (sarcinae)''' বোলে৷
 
'''বেচিলাছ(Bacillus)'''
 
এইবিলাক বেক্টেৰিয়া দেখাত সৰু সৰু পোন দণ্ডৰ দৰে৷ দণ্ডাকাৰ বেক্টেৰিয়াক '''বেচিলাছ ''',বহুবচনত ''বেচিলি (bacilli)'' বোলে৷ কক্কাছৰ দৰে বেচিলি বিভিন্ন প্ৰকাৰৰ হয় -
 
 
*'''ম'ন'বেচিলি (Monobacilli)''': ইয়াত বেচিলিবিলাক একক বা পৃথকভাৱে থাকে৷
*'''ডিপ্ল'বেচিলি (Diplobacilli)''': ইয়াত দুটা বেচিলাছ লগ হৈ থাকে৷
*''' ষ্ট্ৰেপ্ট'বেচিলি (Streptobacilli)''': ইয়াত বেচিলিবোৰ লগ হৈ শৃখল আকাৰ ধাৰণ কৰে৷
 
 
'''ক'মাকৃতি বা ভিব্ৰিঅ'(Comma shaped or vibrio))''' এইপ্ৰকাৰ বেক্টেৰিয়া দেখিবলৈ 'ক'মা' চিহ্নটোৰ দৰে৷ ক'মাকৃতিৰ বেক্টেৰিয়াক ভিব্ৰিঅ'(vibrio) ,বহুবচনত ''ভিব্ৰিঅ'ছ
(vibrios)'' বোলে৷ যেনে - ভিব্ৰিঅ'ক'লেৰি (Vibrio cholerae)৷
 
 
*''' স্পাইৰিলাম (Spirillum)''' : এইবিলাক বেক্টেৰিয়া দেখাত একোটা স্ক্ৰু (screw) ৰ দৰে৷ এই প্ৰকাৰ বেক্টেৰিয়াক স্পাইৰিলাম,বহুবচনত ''স্পাইৰিলা (spirilla)''বোলে৷ যেনে - মাইক্ৰ'স্পাইৰা(Microspira)৷
 
==আকাৰ==