কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: right|thumb|350px|Onion ([[Allium) cells in different phases of the cell cycle]] '''কোষ''' ({{lang-en|cell}}) জীৱনৰ ...
 
No edit summary
1 নং শাৰী:
[[File:Wilson1900Fig2.jpg|right|thumb|350px|Onion ([[Allium]]) cells in different phases of the cell cycle]]
'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])৷ আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])৷ [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷
 
==কোষ মতবাদ==
40 নং শাৰী:
*সবাত শ্বসন(aerobic respiration) পদ্ধতি সকলো কোষতে থাকে৷
*সকলো কোষতে কোষাৱৰণৰ গঠন আৰু ইয়াৰ মূল কাম একে৷<ref name="গ্ৰন্থ ১" />
 
 
==কোষৰ আকাৰ==
 
[[জীৱ]]ৰ ভিন্নতা অনুসৰি এইবিলাকৰ কোষৰ আকাৰৰ ভিন্নতা দেখা যায়৷ [[জীৱ]]জগতৰ আটাইতকৈ ক্ষুদ্ৰতম [[জীৱকোষ]] হ'ল '''মাইক'প্লাজমা গেলিছেপটিকাম(Mycoplasma gallisepticum) আৰু মাইক'প্লাজমা লেডলাই(Mycoplasma laidlawii)''' নামৰ এককোষী [[বেক্টেৰিয়া]]সদৃশ [[জীৱ]]৷ এইবিলাকৰ ব্যাস হ'ল ০.১μm ৷ [[বেক্টেৰিয়া]] কোষ দীঘলে ০.২-০.৫ মাইক্ৰ'মিটাৰ পৰ্যন্ত হয়৷ '''[[উটপক্ষী]]ৰ [[কণী]]'''য়েই হ'ল আটাইতকৈ ডাঙৰ [[প্ৰাণী]]কোষ৷ ইয়াৰ আকাৰ হ'ল ১৭০মি.মি.× ১৩৫ মি.মি,(খোলাৰে সৈতে)৷ বহুকোষী [[উদ্ভিদ]]ৰ ভিতৰত '''ৰেমী(ramie-Boehmeria)''' নামৰ [[গছ]]ৰ বাকলিৰ তন্তুৱেই আটাইতকৈ দীঘল কোষ,যাৰ দৈৰ্ঘ্য প্ৰায় ৫৫ চে.মি.৷ আটাইতকৈ ডাঙৰ এককোষী [[উদ্ভিদ]]কোষ হ'ল ''এছিটাবুলেৰিয়া(Acetabularia)'' নামৰ [[শেলাই]]বিধ ,যাৰ দৈৰ্ঘ্য হ'ল ৫-১০ চে.মি.৷ [[মানুহ]]ৰ দেহৰ আটাইতকৈ দীৰ্ঘতম কোষ হ'ল [[স্নায়ুকোষ]],ই দীঘলে প্ৰায় ১মিটাৰ পৰ্যন্ত হয়৷<ref name="গ্ৰন্থ ১" />