কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
49 নং শাৰী:
==কোষৰ প্ৰকাৰ==
 
১৯৫৭ খৃ:ত '''ডগহাৰ্টি() এ সৰ্বপ্ৰথমে [[কোষকেন্দ্ৰ]]ৰ গঠনৰ ওপৰত ভিত্তি কৰি [[জীৱ]]জগতত দুই প্ৰকাৰ কোষৰ কথা উল্লেখ কৰে৷ তেওঁ প্ৰকৃত [[কোষকেন্দ্ৰ]]বিহীন আদিম প্ৰকৃতিৰ কোষক ''প্ৰকোষকেন্দ্ৰীয় কোষ''(Prokaryotic cell) আৰু আদৰ্শ প্ৰকৃত [[কোষকেন্দ্ৰ]]যুক্ত কোষক ''সংকোষকেন্দ্ৰীয় কোষ''(Eukaryotic cell) হিচাপে আখ্যা দিয়ে৷ আধুনিক [[জীৱ]]বিজ্ঞানীসকলেও সেইবাবে বিভিন্ন ধৰণৰ কোষক দুভাগত বিভক্ত কৰিছে৷
 
===প্ৰকোষকেন্দ্ৰীয় কোষ===
 
যিবোৰ কোষত সুসংগঠিত [[কোষকেন্দ্ৰ]] নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে৷ যেনে-মাইকা'প্লাজমা,[[বেক্টেৰিয়া]] আদি৷ কোনো [[জীৱ]]দেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে [[জীৱ]]ক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে৷ গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
 
#কোষকেন্দ্ৰাৱৰণৰ দ্বাৰা আবৃত,সুগঠিত আৰু নিৰ্দিষ্ট কোনো [[কোষকেন্দ্ৰ]] নাথাকে৷
#এইধৰণৰ কোষত মাইট'কন্ড্ৰিয়া,প্লাষ্টিড,গলগি বডি,অন্ত:প্ৰৰসীয় জালিকা,চেণ্ট্ৰিঅ'ল,লাইছ'জ'ম প্ৰভৃতি কোষ অংগাণু(cell organelles) আদি নাথাকে৷
#ৰাইব'জ'ম কোষপ্ৰৰসত সিঁচৰিত হৈ থাকে,ৰাইব'জ'ম ৭০S প্ৰকৃতিৰ হয়৷
#কোষবেৰ পেপটিড'গ্লাইকেনেৰে গঠিত৷
#এইধৰণৰ কোষত ক্ৰ'ম'জ'ম গঠিত নহয়৷ অকল চক্ৰাকাৰ DNA বা RNA থাকে৷
#DNA- ত হিষ্টন(histone) নামক প্ৰটিন নাথাকে৷
#এইবিলাক কোষত অতিকেন্দ্ৰ(nucleolus) নাথাকে৷
#শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস বা কোষাবৰণৰ ভিতৰফালে থাকে৷
#কোষাৱৰণ কেতিয়াবা কেতিয়াবা চাইট'প্লাজমাত প্ৰৱেশ কৰি মেছ'জ'ম(mesosome)- ৰ সৃষ্টি কৰে৷
#সালোকসংশ্লেষণকাৰী [[জীৱ]]বিলাকৰ কোষত থাইলাকইড(thylakoid) নামক ৰঞ্জকযুক্ত অংগাণু থাকে৷
#কোষপ্ৰৰস বা চাইট'প্লাজমাত কোনো ধৰণৰ চলন দেখা নাযায়৷
#কোষত ভেকুঅ'লৰ সৃষ্টি নহয়৷
#অকল দ্বি-বিভাজন পদ্ধতিৰ দ্বাৰাহে কোষবিভাজন হয়৷<ref name="গ্ৰন্থ ১" />
 
===সংকোষকেন্দ্ৰীয় কোষ===
 
যিবোৰ [[জীৱ]]ৰ কোষত [[কোষকেন্দ্ৰ]]টো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,[[ভেঁকুৰ]],বেছিভাগ [[শেলাই]],সকলো উন্নত প্ৰকাৰৰ [[উদ্ভিদ]] আৰু [[প্ৰাণী]]দেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত [[জীৱ]]ক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
 
#এইধৰণৰ কোষত [[কোষকেন্দ্ৰ]]টো সুসংগঠিত অৰ্থাৎ [[কোষকেন্দ্ৰ]]ত কেন্দ্ৰাৱৰণ,অতিকেন্দ্ৰ,কোষকেন্দ্ৰ প্ৰৰস আৰু [[কোষকেন্দ্ৰ]] জালিকা থাকে৷
#এইপ্ৰকাৰ কোষত আৱৰণেৰে আবৃত কোষ অংগাণু,যেনে- প্লাষ্টিড,গলগি বডি,মাইট'কন্ড্ৰিয়া,লাইছ'জ'ম ইত্যাদি থাকে৷
#ৰাইব'জ'ম অন্ত:প্ৰৰসীয় জালিকা বা কোষকেন্দ্ৰাৱৰণৰ গাত আৰু কোষপ্ৰৰসত মুক্তভাৱে থাকে৷ এইবিলাক ৮০S প্ৰকৃতিৰ হয়৷
#[[প্ৰাণী]]কোষৰ ক্ষেত্ৰত চেণ্ট্ৰ'জ'ম থাকে৷
#এইধৰণৰ কোষত DNA আৰু RNA,উভয়প্ৰকাৰ নিউক্লিক [[এচিড]] থাকে৷ DNA হিষ্ট'ন প্ৰটিনযুক্ত৷
#[[উদ্ভিদ]]কোষত ভেকুঅ'ল থাকে, [[প্ৰাণী]]কোষত সাধাৰণতে নাথাকে৷
#কোষপ্ৰৰস প্ৰায়ে চলাচল কৰা দেখা যায়৷
#এমাইট'ছিছ,মাইট'ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰদ্বাৰা কোষবিভাজন হয়৷
#[[প্ৰাণী]]কোষৰ বাহিৰে [[উদ্ভিদ]]কোষত কোষবেৰ থাকে৷
#শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কন্ড্ৰিয়াত থাকে৷
#[[হৰিৎকণা]] বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত [[সালোকসংশ্লেষণ]] ঘটে৷
 
==কোষৰ আকৃতি==