শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
'''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ''', অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ১৬৮১ চনত আহোম ৰজা গদাপানিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল।<ref name="ইতিহাস">{{cite web | url=http://athkhelianamghar.org/history.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ইতিহাস | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> ই [[গোলাঘাট জিলা]]ৰ ঘিলাধাৰী মৌজাৰ বচা গাঁওত অৱস্থিত। ই উজনি অসমৰ [[কাকডোঙা নদী]]ৰ পাৰত অৱস্থিত।<ref name="বিষয়ে">{{cite web | url=http://athkhelianamghar.org/about.php | title=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিষয়ে | publisher=শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | work=Merrylook Technologies Private Limited | accessdate=November 03, 2012}}</ref> ভাদ মাহত (আগষ্ট-ছেপ্তেম্বৰ) নামঘৰলৈ লাখ লাখ ভক্তৰ সমাগম হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে ''শংকৰদেৱৰ তিথি'', ''মাধৱদেৱৰ তিথি'', ''শংকৰ জন্মোৎসৱ''।
 
==নামকৰণ==
==নামৰ উৎপত্তি==
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰভাগিৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। কুৰি শব্দৰ অৰ্থ হৈছে চুবুৰি বা কোনো ঠাইৰ একখণ্ড। এই আঠটা কুৰিৰ ৰাইজে একেলগে সমাজ পাতি ধৰ্মীয় কাৰ্য পালন কৰি খোৱা লোৱাৰ ব্যৱস্থা কৰাৰ বাবেই আঠখেলীয়া নামকৰণেৰে পৰিগণিত হৈছে।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৩০ৰপৰা ৪১ পৃ্ষ্ঠা }}</ref><ref name="বিষয়ে" /> অসম বুৰঞ্জীৰ মতে আহোম স্বৰ্গদেউসকলে প্ৰণালীবদ্ধভাৱে কৃষি জনা লোকক বাদ দি প্ৰসাৰণ মুখী কৃষি কৰিবৰ বাবে পাইক প্ৰথাৰ ব্যৱস্থা কৰিছিল। পাইকৰ ওপৰত থকা ডাঙৰ ডাঙৰ গোটৰ সমষ্টিবোৰক খেল বুলিছিল। ৰজাঘৰীয়া তেনে বাবখোৱা একোজন লোক একো-একোটা কুৰি বা চুবুৰীত বসবাস কৰি বিয়া-বাৰু কৰাই সেইখন সমাজৰ লোকৰ মাজত মিলি গৈছিল। সেই ৰজাঘৰীয়া বাব খোৱা লোকৰ সেই বিষয় বাব অনুসৰিয়েই একো একোটা খেলৰো নামকৰণ কৰা হৈছিল।<ref name="উপক্ৰমনিকা" />
আঠখেলীয়া নামঘৰ দুটা শব্দৰ পৰা গঠিত হৈছে: "আঠ" আৰু "খেল"। অসমীয়া ভাষাত "আঠ" মানে হৈছে আঠ (সংখ্যা) আৰু "খেল" মানে হৈছে সমাজ।<ref name="বিষয়ে" /> "খেল"ক "কুড়ি"ও বুলি জনা যায়। ছশ বছৰীয়া ৰাজত্ব কালত আহোম ৰজাই "খেল"ৰ প্ৰচলন কৰিছিল। নিকটৱৰ্তী অঞ্চলত বাস কৰা আঠখন সমাজৰ পৰা ''আঠখেলীয়া'' নামটোৰ উৎপত্তি হৈছে। ই অসমীয়া সমাজৰ এখন উল্লেখযোগ্য ধাৰ্মিক স্থান বুলি গণ্য কৰিব পাৰি। ইয়াত বিভিন্ন ধাৰ্মিক বিষয় সমূহৰ ওপৰত আলোচনা কৰা হয়।<ref name="বিষয়ে" />
 
১৯৭০ চনৰ আগলৈকে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰক শ্ৰী শ্ৰী আঠখেলীয়া হৰিমন্দিৰ বুলিহে জনাজাত আছিল। বৰ্তমানৰ প্ৰৱেশদ্বাৰৰ জপনাতো পূৰ্বতে শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ বুলিহে খোদিত আছে। ১৯৭০ চনৰ পাছৰ পৰাহে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুলি নামকৰণ কৰা হয়।<ref name=" পৰ্যালোচনা ">{{cite journal | title= শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ইতিবৃত্তৰ মূল তথ্যৰে ঐতিহাসিক ভেটিৰ এক অনুসন্ধানমূলক পৰ্যালোচনা | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= শ্ৰী যোগেন শইকীয়া | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ১১৩ৰপৰা ১৩১ পৃ্ষ্ঠালৈ }}</ref>
 
;বচাকুৰি
ৰজাই বিশেষ পাৰদৰ্শিতা থকা কোনো কোনো লোকক বাচি বাচি আনি ঠায়ে ঠায়ে কামৰ দায়িত্ব দিছিল। সেই বাচি অনা বাব খোৱা লোক থকাৰ পৰাই সেই চুবুৰীটো বচাকুৰি বা বচাখেল নামেৰে পিছত খ্যাত হৈ পৰিল।
 
;বৈৰাগী কুৰি
বৈৰাগী সকলে ছদ্মবেশ ধৰি বিভিন্ন ঠাইত ঘূৰি পকি সেই ঠাইৰ বা সেই দেশৰ সংস্কৃতিৰ বিৱৰণ আহোম ৰজাক জনাব লাগিছিল। তেনে কোনো বৈৰাগীৰ বাব থকা লোকৰ বাব অনুসৰিয়েই সেই ঠাইৰ নাম হয় বৈৰাগ কুৰি বা বৈৰাগকুৰি খেল।
 
;ব্ৰাহ্মণ কুৰি
আহোম ৰাজত্বৰ সময়ত কনৌজৰ পৰা ব্ৰাহ্মণ আৰু কায়স্থ সকলক আনি উচ্চ পদত নিযুক্তি দিয়াৰ উপৰিও ধৰ্মীয় কাৰ্য পালন কৰিবৰ বাবে ভূমি আদি দি সংস্থাপন দিয়াৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। আদিম অৱস্থাত তেনে কোনো ব্ৰাহ্মণৰ পৰিয়াল থকাৰ কাৰণেই সেই ঠাইখণ্ড ব্ৰাহ্মণ কুৰিখেল নামেৰেই প্ৰখ্যাত হৈ পৰিল।<ref name=" উপক্ৰমনিকা" />
 
;নাঙ্গল কুৰি
আহোম স্বৰ্গদেউসকলে মাটিৰ উৰ্ব্বৰতা চাই কৃষি জনা লোকক খাত পাম দি খেতিৰ সজুলি নাঙ্গলৰ অধিক যোগান ধৰি কৃষিৰ প্ৰসাৰণ কৰিছিল। কালক্ৰমত সেই বাব থকা মানুহৰ পৰাই চুবুৰীটোৰ নাম হয় নাঙ্গল কুৰি।
 
;শ’লালৰ কুৰি
আহোম ৰজাৰ দিনত উচ্চ পদবী লাভ কৰা সকলৰ ভিতৰত ব্ৰাহ্মণ, কায়স্থ, গণক আৰু কলিতা সকলৰ উপৰিও কেওট, কোঁচ, সূত আৰু নাথ সম্প্ৰদায় আদি কেইবাটাও জনগোট আছিল। এই উচ্চ পদবী ভোগ কৰা লোক সকলে সম্প্ৰীতিৰ এনাজৰীত বান্ধ খাই কৃষিকৰ্মক প্ৰাধান্য দি ধৰ্মীয় কাৰ্যটো অংশ গ্ৰহণ কৰিছিল। এই পদবীভুক্ত আৰু সমাজৰ শ্ৰষ্ঠব্যক্তি হিচাপে পৰিচিত লোকজনৰ পৰাই নাম অনুসৰি ক্ৰমে শ’লাল কুৰি খেল হিচাপেই জনাজাত হৈ পৰিল।
 
;কছাৰীকুৰি
জনশ্ৰুতিমতে আহোম ৰজাৰ শাসন কালত কৃষি-শিল্প আদি ক্ষত্ৰত নিপুণ কছাৰী নামৰ এজন ৰজাঘৰীয়অ বিষয় বাব খৌৱা লোকে সগোত্ৰীয় পৰিয়াল বৰ্গৰ লগতে থাকি একে বৃত্তিধাৰী হৈও সামাজিকভাৱে নিজৰ প্ৰতিপত্তি লাভ কৰাৰ পাছত তেওঁৰ পৰাই সেই অঞ্চলত বসবাস কৰা স্থান অনুসৰি কালক্ৰমত কছাৰীকুৰি খেল নামেৰে প্ৰখ্যাত হৈ পৰিল।<ref name="উপক্ৰমনিকা" />
 
;বৰাহীকুৰি
বিভিন্ন সম্প্ৰদায়ৰ লোক সকলৰ দৰেই বৰাহী সকলেও এই অঞ্চলত আগৰ পৰাই বসবাস কৰি আছিল। সময়ৰ সোতত সেই বৰাহীসকল স্থান এৰি আন ঠাইলৈ গুচি যায়। অতীতৰ বৰাহী লোক অন্তৰ্ভূক্ত হৈ থকা সমাজখন কালক্ৰমে বৰাহী কুৰি খেলত পৰিণত হয়।
 
;কাকতিকুৰি
কাকতি হ’ল মাটিবাৰী হিচাপ পত্ৰ ৰখা, সেই মাটিৰ উৎপন্ন শস্যৰ হিচাপ, পাইক আদিৰ লেখ বুজ কৰা আৰু আন আন হিচাপ-নিকাচ ৰখা বিষয়া। কোনো সমাজত তেনে কোনো বিষয়া থকাৰ বাবেই পাছত কাকতি কুৰি খেলৰ নামকৰণ হয়।
 
বিশেষতঃ বৰাহী কুৰি আৰু কাকতি কুৰি এই দুটা খেলৰ লোক সকল কালৰ কৱলত পৰি একেবাৰেই আঠখেলৰ পৰা নিঃশেষ হৈ গ’ল।<ref name=" উপক্ৰমনিকা" /> কাৰণ ১৮২১ খ্ৰীষ্টাব্দৰ পৰা ১৮২৫ খ্ৰীষ্টাব্দলৈ মান সকলৰ অত্যাচাৰৰ বলি হোৱাত এই অঞ্চলৰ পৰাও বহুলোক স্থান মান এৰি প্ৰাণৰ ভয়ত পলায়ন কৰিছিল। তেতিয়াৰ পৰাই এই দুটা খেল বৰ্তমানলৈকে কোনো সন্ধান নাইকিয়া হৈ থাকিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ" />
 
==ইতিহাস==