শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

108 নং শাৰী:
 
==দৈনন্দিন কৰ্ম==
বৃদ্ধ সকলৰ মতে পূৰ্বতেও সেৱকীসকলে নিজৰ নিজৰ অভীষ্ট সিদ্ধিৰ কামনাৰে চাকি-বন্তি, নৈবদ্য আদি দ্ৰব্য আনি নীতি-নিয়মৰ যোগেদি ভগৱন্তক অৰ্পণ কৰিছিল। আনহাতে, মহাপুৰুষীয় আৰ্হি প্ৰণালীৰে নামঘৰৰ দৈনন্দিন কৰ্ম কুৰি শতিকাৰ মাজভাগৰ পৰাহে আৰম্ভ হৈছে। ১৯৫৬ চনত নামঘৰ পৰিচালনা সমিতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা মতে দৈনিক প্ৰাতঃপ্ৰসঙ্গ, মধ্যাহ্ন প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু সন্ধ্যা প্ৰসঙ্গ এই চাৰি প্ৰসাঙ্গ দৈনন্দিন কৰ্ম হিচাপে আজিও প্ৰচলিত হৈ আছে।<ref name=" দৈনন্দিন কৰ্ম ">{{cite journal | title= দৈনন্দিন কৰ্ম | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৫০ৰপৰা ৫১ পৃ্ষ্ঠা }}</ref>
 
অম্বুবাচীৰ চাৰিদিন বাদ দি প্ৰত্যেক দিনাই এই নামঘৰ ভাগিলৈ বিভিন্ন ঠাইৰ সেৱক সকল আহি ধূপ-চাকি, শৰাইৰ দ্ৰব্য-বস্তু, সোণ-ৰূপৰ ফুল, ফুলৰ গামোছা আদি বিভিন্ন সামগ্ৰী সভক্তিৰে তামোল-পাণ সমন্বিতে আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণ কৰেহি। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ভক্তই উচ্চ-নীচ, ধনী-দুখীয়া আদি বৈষম্যৰ ভাৱ পাহৰি অগণন চাকি বন্তি জ্বলাই শৰাইৰ দ্ৰব্য আবঢ়ায়। দান-বৰঙনি দি নাম-প্ৰসঙ্গ, পাঠ আদিত অংশ গ্ৰহন কৰেহি। এনেদৰেই নামঘৰত প্ৰতিদিনে চাৰিওপ্ৰসঙ্গ , পাঠ, নাম, সেৱা-শুশ্ৰূষাৰ আদি দৈনন্দিনকৰ্ম গতানুগতিক ভাৱে প্ৰচলিত হৈ আছে।<ref name=" দৈনন্দিন কৰ্ম" />
 
==নামঘৰৰ কাৰ্যসূচী==