শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

104 নং শাৰী:
;নামঘৰৰ পৰিসৰ বৃদ্ধি
আঠখেলৰ ৰাইজৰ সংখ্যা আৰু সেৱকীসকলৰ পয়োভৰ দিনক দিনে বৃদ্ধি পাই আহিছিল। সেয়ে ১৯৭৩ চনত বাৰ্ষিক সাধাৰণ সভাত এই কথা উত্থাপন কৰা হৈছিল। সেয়ে নামঘৰভাগিৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে আঁচনি প্ৰস্তুত কৰি নিৰ্মাণ কাজ হাতত ল’বলৈ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই বিষয়ত আঠখেলৰ ৰাইজে, চচান্দা বৰঙণি আগবঢ়ালে আৰু সেৱকী ৰাইজৰ অৰিহণা আদিৰ সহযোগত পুৰণা নামঘৰৰ পশ্চিম দিশে আগৰ সমান কৰি গৃহ নিৰ্মাণৰ কাম-কাজ ১৯৭৪ চনত আৰম্ভ কৰা হয়। ৰাইজৰ অশেষ ত্যাগ আৰু শ্ৰমদানৰ বিনিময়ত নতুনকৈ গৃহভাগ আৰু দুটা কলচি দি (আগৰটোৰে সৈতে তিনিটা) পুৰণা নামঘৰৰ লগত একেলগে সংযোগ কৰা হৈছিল। পূৰ্বৰ কলচিত গদা, মধ্যম কলচিত চক্ৰ আৰু পশ্চিমদিশৰ কলচিত পৌৰাণিক কীৰ্তিচিহ্ন ত্ৰিশূল অদ্যপৰিমিত যুগমীয়া হৈ ৰ’ল। এনেদৰেই নতুন গৃহভাগ সম্পূৰ্ণ কৰি ১৯৭৭ চনৰ এপ্ৰিল মাহত শ্ৰী শ্ৰী কুৰুৱাবাঢ়ী ডেকা সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱ গোস্বামীদেৱে উন্মোচিত কৰে। নামঘৰৰ পৰিসৰ বঢ়াত দৈনন্দিন কাম-কাজ তথা সেৱকী সকলে আগবঢ়োৱা ভাওনা আদি প্ৰদৰ্শনৰ বাবে সুবিধা হ’ল।<ref name=" নিৰ্মাণ" />
 
;সপ্তবৈকুণ্ঠৰ আৰ্হিৰৈ সিংহাসনৰ নিৰ্মাণ
১৯৮৫ চনত ৰাইজে আলোচনা কৰি পূৰ্বৰ এখলপীয়া বেদীক তিলিখলপীয়া কৰি সপ্তবৈকুণ্ঠৰ আৰ্হিৰে সাত খলপীয়া সিংহাসন নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰে। সেই মতে ১৯৮৬ চনত শ্ৰী শ্ৰী বাঁহজেঙণী সত্ৰ সত্ৰাধিকাৰ দেৱেন্দ্ৰ নাথ মহন্ত ধৰ্মাধিকাৰ দেৱৰ দ্বাৰা আঠখেলীয়া ৰাইজে প্ৰতিষ্ঠা কৰোৱায়।<ref name=" নিৰ্মাণ" />
 
;নামঘৰৰ পুনঃনিৰ্মাণ
২০১০ চনৰ ৮ নৱেম্বৰ তাৰিখে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আহ্বান ক্ৰমে এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। সেই সভাত সৰ্ব সন্মতি ক্ৰমে নামঘৰ ভাগি উন্নত কৰি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বৰ নামঘৰৰ আগতকৈও পৰিসৰ বৃদ্ধি কৰি ১৬৬ ফুট দীৰ্ঘ আৰু ৯৯ ফুট প্ৰস্থৰ সৈতে পূৰ্বৰ নামঘৰৰ ভেটিতকৈ ৪ ফুট ওখ কৰি প্ৰয়োজনীয় উচ্চতাৰে মূল ঘৰৰ কাষৰ ওপৰৰ অংশ পকী কৰণ কৰোৱা হয়। এই আঁচনিৰ মতে পূৰ্বৰ বেদীৰ স্থানকে মুখ্য কৰি পৌৰাণিক কীৰ্ত্তিত্বৰ বৈশিষ্ট্যসমূহৰ লেশ মানো সাল-সলনি নকৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। অষ্টাদশ পৰিচালনা সমিতিৰ বিশেষ তৎপৰতাত আঠ খেলৰ ৰাইজ} পূৰ্ণসহযোগিতাৰে ২০১১ চনৰ ১৯ জানুৱাৰী বুধবাৰে পূৰ্ণিমা তিথিৰ দিনা নাম কীৰ্তন কৰি মহাসিংহাসনভাগি নাটঘৰ (মঞ্চ) লৈ স্থানান্তৰি কৰাই পাছৰ দিনৰ পৰাই পুৰণি নামঘৰ ভাগি ভঙ্গ কৰোৱা হৈছিল। সেই বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা আঠখেলৰ ৰাইজক নিমন্ত্ৰণ জনাই শুভাৰম্ভৰ দিন ধাৰ্য কৰা হৈছিল। ভৱন নিৰ্মাণৰ শুভাৰম্ভৰ দিনা প্ৰাতঃকালীন নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ অন্তঃত বেদ পাঠ কৰোৱা হৈছিল।<ref name=" নিৰ্মাণ" />
২০১৩ চনৰ ২০ জানুৱাৰী তাৰিখে আঠখেলৰ ৰাইজ, অসম চৰকাৰ, সেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰে শ্ৰী শ্ৰী আঠখেলীয়াৰ নামঘৰৰ পুনৰ নিৰ্মিত গৃহ ভাগৰ উদ্বোধন গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱে কৰে। এই উদ্বোধনী সভাত গোলাঘাট বিধান সভাৰ সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, [[কলিয়াবৰ লোকসভা সমষ্টি]] সাংসদ দীপ গগৈ আৰু বহু কেইগৰাকী বিধায়ক-বিধায়িকা আৰু ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত আছিল।
;উন্নয়নমূলক কাম-কাজ
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ উন্নয়নমূলক কাম সমূহৰ ভিতৰত প্ৰধানকৈ দূৰ-দূৰণিৰ পৰা অহা ভক্ত সকলৰ বাবে অতুথিশালা, নামঘৰৰ কাৰ্যালয়, যাত্ৰী সকলৰ জিৰণি কোঠা, নামাচাৰ্য আৰু নামঘৰীয়া সকলৰ আআস গৃহ, নামঘৰৰ চৌহদত পকীবেৰা, সভাঘৰ নিৰ্মাণ, মঞ্চগৃহ নিৰ্মাণ, নামঘৰৰ পুখুৰীৰ পকীকৰণ, পানী যোগানৰ সু-ব্যৱস্থা, সিহদ্বাৰ, বাটচ’ৰা আদি উন্নয়নমূলক কাম-কাজ সমূহ সমাপ্ত হৈছে। দূৰ দূৰণিৰ পৰা নামঘৰলৈ অহা যাত্ৰী সকলৰ সুবিধাৰ বাবে বালিজান চাৰিআলি, কছাৰীহাট তিনিআলি, কমাৰ বন্ধা তিনিআলি আৰু আঠখেলীয়া-বৰহোলা চাৰিআলিত এখনকৈ স্থায়ী তোৰণৰ ব্যৱস্থা কৰা হৈছে।<ref name=" উন্নয়ন ">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৪১ পৃ্ষ্ঠা }}</ref>
 
==সামাজিক ৰীতি-নীতি==