শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

116 নং শাৰী:
 
==সামাজিক ৰীতি-নীতি==
মহাপুৰুষ দুয়োজনাৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু আদৰ্শৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সামাজিক ৰীতি-নীতি অনুপ্ৰাণিত হৈছে। সমাজৰ নীতি নিয়মৰ বান্ধত থাকি বহু অতীতৰ পৰাই সুশৃঙ্খলিত ভাৱেই আঠ খেলৰ ৰাইজ বৰ্তি আছে। নামঘৰৰ অন্তৰ্গত খেলৰ সামাজিক নীতি-নিয়ম, অশৌচাদি ব্যৱস্থা সমূহত কোনো সমস্যাই দেখা দিলে নাইবা কোনো পৰিস্থিতিৰ উদ্ভৱ হ’লে প্ৰয়োজন অনুসৰি গুৰুৰ মতৰ সপক্ষে সমস্যা নিষ্পত্তি কৰা হয়।<ref name=" ৰীতি-নীতি ">{{cite journal | title= আঠখেলীয়া ৰাইজৰ সামাজিক ৰীতি-নীতি | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৭০, ৭১ পৃ্ষ্ঠা }}</ref>
 
;নামঘৰ পৰিচালনা
পূৰ্বৰে পৰা আঠখেলৰ অন্তৰ্গত প্ৰতি খেলৰ পৰাই একোজন বাৰিক নিৰ্ধাৰণ কৰি লৈছিল। আকৌ সকলো বাৰিকৰ ওপৰত এজন বৰবাৰিক। বৰবাৰিকৰ কথামতেই বাৰিকসকলে খেলৰ সকলো বিলাক কাম-কাজ পৰিচালনা কৰে। খেলত কিবা পৰিস্থিতিৰ উদ্ভৱ হ’লে বয়োবৃদ্ধ সকলৰ লগত আলোচনা কৰি সেই সমস্যাৰ সমাধানও কৰিবলগীয়া হয়। কোনো লোকে নীতি বৰ্হীভূত কাম কৰিলে সামাজিক দণ্ড ভোগ কৰিব লগীয়া হয়। পাছলৈ খেল সমূহ লগ লাগি নামঘৰৰ পৰিচালনা সমিতি গঠন কৰাত প্ৰতিখেলৰ পৰা একোজনকৈ সদস্য প্ৰতিনিধি নিৰ্বাচন কৰা হয়। প্ৰয়োজন সাপেক্ষে ডাঙৰ খেলৰ পৰা (জনসংখ্যা অনুসৰি) একাধিক সদস্যও নিৰ্বাচন কৰে। এই সদস্য সকলৰ মাজৰ পৰাই সভাপতি আৰু সম্পাদক আদি বিষয় ববীয়া নিৰ্বাচন কৰি এখন পূৰ্ণাঙ্গ পৰিচালনা সমিতি গঠন কৰা হয়। খেলত কিবা বিবাদ নাইবা সমস্যাই দেখা দিলে উক্ত সদস্য প্ৰতিনিধিজনৰ নেতৃত্বত খেলতেই সমাধান কৰিব লাগে। যদি সমাধান কৰিব নোৱাৰে তেতিয়া আঠখেললৈ খৈলৰ সদস্য প্ৰতিনিধিজনৰ যোগেদি আবেদন কৰিব লাগিব। যদি সমাধান কৰিব নোৱাৰে তেতিয়া আঠখেললৈ খেলৰ সদস্য প্ৰতিনিধিজনৰ যোগেদি আবেদন কৰিব লাগিব। আঠখেলৰ যি সিদ্ধান্ত হ,ব সেই সিদ্ধান্তকেই চূড়ান্ত সিদ্ধান্ত হিচাপে মানি ল’ব লাগিব। উল্লেখযোগ্য যে নামঘৰৰ বিশেষ কাৰণত পৰিচালনা সমিতি অচল হ’লে কৰ্ণধাৰ সমিতি গঠন কৰি তাৰ দ্বাৰা নামঘৰ কাম চলাব লগীয়া সাংবিধানিক ব্যৱস্থাও আছে।<ref name=" ৰীতি-নীতি" />
 
;মাংগলিক কৰ্ম
নামঘৰত অনুষ্ঠিত নাট্য অনুস্থান সমূহত বৰ বায়নে দায়িত্ব বহন কৰে। তেখেতক সাধাৰণ সভাই দায়িত্ব অৰ্পণ কৰে। ইয়াৰ উপৰইও ধৰ্মীয় কাৰ্যৰ বাবে নামাচাৰ্য্য, পাঠক, দেউৰি আদি লোক সকলে নামঘৰৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰে। প্ৰতিজন বিষয় ববীয়াই গুৰুৰ ওচৰত শৰণ-ভজন লৈহে নীতিগত ভাৱে কৰ্ম কৰিব পাৰিব। তাৰ উপৰি পিতৃ-মাতৃৰ শ্ৰাদ্ধাদি নকৰা কোনো ব্যক্তিয়েই নামঘৰৰ যিকোনো ধৰ্মীয় কাৰ্যৰ অংশীদাৰ হ’ব নোৱাৰে।<ref name="ৰীতি-নীতি" />
 
==দৈনন্দিন কৰ্ম==