শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

136 নং শাৰী:
 
===পানীতোলা সৱাহ===
প্ৰাচীন কালত পানীতোলা ব্যৱস্থাটো ব’হাগী পূৰ্ণিমাৰ বৰসৱাহৰ দিনা দিনত উদ্‌যাপন কৰা হৈছিল। পাছলৈ অনুমানিক কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে এই ধৰ্মীয় অনুষ্ঠান ভাগি পৃথকে এটা শুভ দিন চাই কৰা হয় যদিও বৰসৱাহৰ অঙ্গীভূত কৰ্ম হিচাপেই ৰাইজৰ সুবিধাৰ্থে কৰিবলৈ লোৱা হৈছে। এই সৱাহ জেঠমাহৰ শুক্লাপক্ষৰ নিৰ্জ্জলা একাদশী বাদ দি শুক্লপক্ষৰ কোনো এটা শুভদিন চাই পালন কৰা হয়। সৱাহৰ দিনা দিনত পানী তোলাৰ ব্যৱস্থাটো অকুমাৰী ছোৱালী দ্বাৰাই ৰূপৰ ঘটত নদীৰ পৰাই গঙ্গাজল আহৰণ কৰি বিষ্ণু পূজাৰ সম্ভাৰ হিচাপে লোৱা হয়। আঠখেলৰ পুৰুষ-স্ত্ৰী উভয়েই এই বিষয়ত সমান অধিকাৰ হিচাপে অংশশগ্ৰহণ কৰে। পুৰুষসকলে ডবা-শঙ্খ, ঢোল-খোল, তাল আদি দেৱবাদ্যৰ দ্বাৰা আদৰণি জনাই আগবঢ়াই নিয়ে আৰু আইসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এগৰাকী অকুমাৰী কন্যাৰ হাতত ৰূপৰ ঘট (ঘটত আম্ৰ পল্লৱ আদিসহ) যথা নিয়মে নদীৰ তিনিঘাটৰ পৰা গঙ্গাজল আহৰণ কৰি আহি নামঘৰৰ চাৰিওদিশে ৪ বাৰ প্ৰদক্ষিণ কৰি নামঘৰৰ সিংহাসনৰ সন্মুখত অৰ্পণ কৰে। পূজাৰ কৰ্ম পূৰ্নাঙ্গ হ’লেই পুথি পঢ়া আৰু দিহা নামৰ ব্যৱস্থা কৰা হয়। কিন্তু কুৰি শতিকাৰ শেষ ভাগৰ পৰা পুথি পঢ়া আৰু দিহানামৰ ঠঅইত প্ৰসঙ্গীয় নাম আৰু পাঠৰহে ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ কৰ্ম সম্পাদিত হ’লে আশীষ নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত গুৰু-ভকতক ঊচ্ছৰ্গা কৰি বিদায় সম্ভাষণ জনোৱা হয়। আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই এই ভাগি কৰ্ম সম্পাদন কৰা হয়।<ref name="বাৰ্ষিক কৰ্ম" />
 
===নামলোৱা সৱাহ===