শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

142 নং শাৰী:
 
===ন-চাউলৰ সৱাহ===
আঘোণ মাহৰ শুক্লপক্ষৰ এটি শুভদিন ধাৰ্য কৰি আঠখেলৰ বৰবাৰিকে কুৰিয়া খেলৰ বাৰিকসকলক ন-চাউলৰ সৱাহৰ আগজাননী দিয়ে। খেতিয়ক ৰাইজৰ ন-মুঠি ভগৱন্তত অৰ্পণ কৰিবৰ কাৰণে কুৰিয়া বাৰিকেই আগবাঢ়ি আহে আৰু নিৰ্দ্ধাৰিত বৰঙণি আৰু দ্ৰব্য-সামগ্ৰী সংগ্ৰহ কৰি নামঘৰলৈ অনা হয়। পূজাৰীয়ে নৱ-উপাৰ্জিত শস্য সামগ্ৰী যথানিয়মেৰে ৮ ভাগ শৰাই মহা বিষ্ণু পূজাত অৰ্পণ কৰি পূজা কৰ্ম সম্পাদন কৰে। ইয়াৰ পিছত ভকত বৈষ্ণৱসকলে কীৰ্তন পাঠ কৰে আৰু কীৰ্তনীয়া নাম গায়। আজিকালি পূজাৰীয়ে মহা বিষ্ণু পূজা পূৰ্ণাঙ্গ কৰাৰ পাছত গুৰু মুখে প্ৰসঙ্গীয়া নাম অৰ্চ্চন কৰিহে কীৰ্তন পাঠ কৰিবলৈ লোৱা হৈছে। এনেকৈয়ে ৰাইজৰ ন-মুঠি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰভু ভগৱন্তই সোধাই, গুৰু-ভকততৰ সেৱা ধৰি ন-চাউলৰ সৱাহৰ পৰিসমাপ্তি কৰে। এই ভাগি কৰ্মও বৰবাৰিকৰ দ্বাৰাই সম্পাদন হয়।<ref name="বাৰ্ষিক কৰ্ম" />
 
===ৰাস মহোৎসৱ===