শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

145 নং শাৰী:
 
===ৰাস মহোৎসৱ===
পৰমপুৰুষ ভগৱন্তই উৎসৰ যোগেদি লীলা কৰি মানৱ সমাজৰ হিতৰ কাৰণে আদৰ্শ দেখুৱাই থৈ গৈছে। ৰাস মহোৎসৱত ভগৱান কৃষ্ণৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে ভকতৰ ভক্তিসাধনৰ কথাহে জড়িত হৈ আছে।<ref name="ৰাস">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ৰাস মহোৎসৱ | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৬০ পৃ্ষ্ঠা }}</ref> শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভাওনাৰ উপৰিও আঠখেলীয়াৰ যুৱক সমাজে ১৯৬৩ চনৰ পৰা বছৰি ৰাস মহোৎসৱত অভিনয় কৰি আহিছে।<ref name="নাট্য">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নাট্য অনুষ্ঠান | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৭৪ পৃ্ষ্ঠা }}</ref>
 
===বৰষা ভাওনা===
শ্ৰী শ্ৰী আঠখেলীয় নামঘৰত আকাঙ্খিত ভক্ত সকলে নিজা নিজা অভীষ্ট সিদ্ধিৰ কাৰণে বহু অতীতৰ পৰাই ব্যক্তিগত ভাৱেই ভাওনা প্ৰদৰ্শন কৰাই আহিছে। আনহাতে, আঠখেলীয়াৰ ৰাইজে বৰষা ভাওনা হিচাপে বছৰি এভাগিকৈ নাট্যাভিনয় কৰিবলৈ লৈছে ১৯৮০ চনৰ পৰাহে। সেই বছৰত বৰষুণৰ অভাৱত খেতিয়ক ৰাইজ চিন্তাত ব্যকুল হৈ পৰিছিল। বৰষুণৰ আশা লেশমানো নাছিল। ব’হাগ মাহৰ পৰা আৰম্ভ কৰি শাওণ মাহৰ মাজভাগলৈকে খৰাং বতৰৰ কাৰণে দশোদিশ মৰুভূমিত পৰিণত হৈ পৰিছিল। সকলো অঞ্চলতেই কৃষক ৰাইজেই বছৰ দিনৰ এমুঠি দিনৰ আশঅ-আকাঙ্খাৰে মহাপ্ৰভুৰ কৃপা ভিক্ষা বিচাৰিলে। এজন ভক্তৰ যোগেদি প্ৰভুৱে আজ্ঞা কৰালে এভাগি ভাওনা প্ৰদৰ্শনৰ কাৰণে। ৰাইজে অকুণ্ঠ মনোভাৱেৰে সেই বছৰৰ ভাদ মাহৰ ৮ তাৰিখে দিন ধাৰ্য কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভাওনাৰ কৰ্মভাগি সুসম্পন্ন কৰিছিল। ভাওনা শেষ হোৱাৰ পাছতেই তিনিদিন ধৰি ধাৰাসাৰে বৰষিবলৈ ধৰাত ৰাইজে খেতিৰ কামত আগবাঢ়ি শেহতীয়াকৈ হ’লেও বছৰটোৰ বাবে অন্ন সংগ্ৰহ কৰিবলৈ সুবিধা লাভ কৰিছিল। তেতিয়াৰ পৰাই ৰঅইজে সেই পৱিত্ৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে প্ৰতি বছৰৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত বৰষা ভাওনা নাম দি এভাগি নাটক অভিনয় কৰাই আহিছে। এই ভাওনা সংস্কৃতিৰ দিবা ভাগৰ নাম প্ৰসঙ্গৰ পৰিচালনা আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই সম্পন্ন কৰা হয়। কিন্তু ৰাতি ভাওনাৰ দায়িত্ব সম্পূৰ্ণ আঠখেৰ বৰ বায়নৰ সহযোগত যুৱক সমাজৰ দ্বাৰাই সম্পাদন কৰা হয়।<ref name="বৰষা">{{cite journal | title= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বৰষা ভাওনা | journal= বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | publisher= সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ | author= | year= ষষ্ঠ প্ৰকাশ, ২০১৩ চন | pages= ৬৪ পৃ্ষ্ঠা }}</ref>